05/11/2026
গণতন্ত্ৰৰ মৰ্যাদা, নাগৰিকৰ অধিকাৰ আৰু এখন সুস্থ সমাজ গঢ়াৰ সংকল্পক সাৰোগত কৰি আজি মধ্য গুৱাহাটীত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ মত-বিনিময় সভাত অংশগ্ৰহণ কৰোঁ।
মধ্য গুৱাহাটী নাগৰিক সমাজৰ উদ্যোগত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতি ভৱনত অনুষ্ঠিত ‘গণতন্ত্ৰ বচাও, অৰাজকতা হটাও’ শীৰ্ষক প্ৰবুদ্ধ নাগৰিক সভাত অঞ্চলটোৰ বিশিষ্ট নাগৰিক, সমাজকৰ্মী আৰু গণ্য-মান্য ব্যক্তিসকলৰ সৈতে বিভিন্ন সামাজিক আৰু ৰাজনৈতিক বিষয়ত মত বিনিময় কৰাৰ সুযোগ লাভ কৰোঁ।
অনুষ্ঠানত মাননীয় বিধায়ক বিজয় গুপ্তা ডাঙৰীয়া, দলৰ জ্যোষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ লগতে অন্যান্য সকলো উপস্থিত আছিল।
Himanta Biswa Sarma
Vijay Gupta
BJP Assam Pradesh