31/05/2026
ধঁপাতৰ কৱলৰ পৰা আমাৰ যুৱ প্ৰজন্মক ৰক্ষা কৰাটো বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। আহক, সজাগতাৰ জৰিয়তে এই নীৰৱ হত্যাকাৰীটোক আমাৰ সমাজৰ পৰা খেদি পঠিয়াওঁ।আপোনাৰ আশে-পাশে থকা লোকসকলক ধঁপাতৰ অপকাৰিতাৰ বিষয়ে বুজাওক। আপোনাৰ এটা ক্ষুদ্ৰ প্ৰয়াসে এটা জীৱন ৰক্ষা কৰিব পাৰে। 🙏
#সজাগতাঅভিযান
30/05/2026
ডায়েৰিয়া প্ৰতিৰোধ কৰাৰ এক অন্যতম মূলমন্ত্ৰ হৈছে পৰিষ্কাৰ আৰু পৰিচ্ছন্নতা। বিজানু আপোনাৰ হাত দুখনতো থাকিব পাৰে। হাত দুখন পৰিষ্কাৰকৈ ৰাখি ডায়েৰিয়া নিৰ্মূল কৰক।
29/05/2026
ডায়েৰিয়াই কেৱল শৌচৰ সমস্যাই নহয়, অন্য একাধিক শাৰীৰিক সমস্যাৰ সৃষ্টি কৰি, এটা সময়ত মাৰাত্মক হৈও উঠিব পাৰে। গতিকে সঠিক সময়ত ইয়াৰ ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ।
28/05/2026
এক সুস্থ, সুৰক্ষিত আৰু সুখী জীৱনৰ বাবে ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ প্ৰতি আমি সমন্বিতে সংকল্পবদ্ধ হঁও আহক।
28/05/2026
ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল- আদহাৰ আন্তৰিক শুভকামনা সকলোলৈকে।
27/05/2026
গৰমৰ দিনকেইটাত আপুনিও বাৰু আপোনাৰ শিশুটিৰ সঠিক যতন লৈছে নে?
26/05/2026
ইতিহাসত সৰ্বপ্ৰথমবাৰৰ বাবে অসমৰ মাতৃৰ মৃত্যুৰ হাৰ (Maternal Mortality Rate) ৰাষ্ট্ৰীয় গড়তকৈও কম। নিঃসন্দেহে অসমৰ স্বাস্থ্যখণ্ডৰ বাবে ই এক অতি ইতিবাচক খবৰ।
25/05/2026
এইয়া গ্ৰীষ্মৰ বতৰ। উৎকট গৰমে সকলোকে আমনি কৰাৰ বতৰ। এই বতৰটোৱে আপোনাক শাৰীৰিক ভাৱেও অৱস কৰি তুলিব পাৰে। নিজৰ পৰ্যাপ্ত যতনেৰে এই গৰমৰ দিনকেইটাত নিজকে সুৰক্ষিত কৰি ৰাখক।
23/05/2026
গৰমৰ দিনকেইটাত খাদ্যসমূহ শীতল আৰু সুৰক্ষিত স্থানত ৰাখিব। অত্যাধিক গৰমে আপোনাৰ খাদ্য নষ্ট কৰিব পাৰে। তেনে খাদ্য গ্ৰহণ কৰাৰ ফলত আপোনাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিব পাৰে। গতিকে গৰমৰ দিনত খাদ্য গ্ৰহণৰ ক্ষেত্ৰটো সঠিক সতৰ্কতা মানি চলক।
22/05/2026
এই সময় আপোনাৰ শৰীৰৰ বাবে মুঠেও সুবিধাজনক নহয়, উৎকট গৰমে কঢ়িয়াই আনিব পাৰে নানা ধৰণৰ ৰোগ। গতিকে এনে বতৰত আপোনাৰ সতৰ্কতাই হৈছে আপোনাৰ সুৰক্ষা।