15/09/2021
Mahila Morcha BJP Assam Pradesh
Official Facebook Account of BJP Mahila Morcha Assam Pradesh. Women Wing of the largest Political Pa
15/09/2021
15/09/2021
অসমৰ নাট্য জগতৰ প্ৰবাদ পুৰুষ,শিল্পী-সৈনিক, অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা দেৱক তেখেতৰ জন্মতিথিত শ্ৰদ্ধাৰে সুৱৰিছোঁ ।
14/09/2021
আজি ভাৰতীয় জনতা পার্টি, মহিলা মৰ্চা অসম প্ৰদেশৰ প্ৰথমখন ৰাজ্যিক বিষয়ববীয়া সভা হেঙেৰাবাৰীস্হিত মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হয়। এই সভাত বিশেষভাৱে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰন সম্পাদক শ্ৰীযুত ফণীন্দ্রনাথ শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক শ্ৰীযুত পল্লৱলোচন দাস ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা ৰাজ্যিক মহিলা মৰ্চাৰ প্ৰভাৰী শ্ৰীযুত পুলক গোঁহাই ডাঙৰীয়া আৰু ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভানেত্রী শ্ৰীমতী আঙুৰলতা ডেকা ডাঙৰীয়ানীৰ লগতে ৰাজ্যিক মহিলা মৰ্চাৰ নৱনিযুক্ত বিষয়ববীয়া সকল।
আজিৰ সভাত অনাগত সময়ত অসমৰ প্ৰতিগৰাকী মহিলাৰ মংগলৰ হকে কাম কৰি যাবলৈ আমি মহিলা মৰ্চাই বিভিন্ন কার্যপন্থা প্ৰস্তুত কৰোঁ আৰু ন উদ্যমেৰে কাৰ্যপন্থা গ্ৰহণ কৰি প্ৰতি ক্ষণত অসমৰ মহিলা সকলৰ কাষত থিয় দিবলৈ আমি মহিলা মৰ্চা বদ্ধ পৰিকৰ হওঁ ৷
BJP Assam Pradesh
14/09/2021
ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সদ্যঘোষিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আৰু আমন্ত্রিত সদস্য সকললৈ ভাৰতীয় জনতা পার্টি, মহিলা মৰ্চা অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
BJP Assam Pradesh
13/09/2021
ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সদ্যঘোষিত জিলা সভাপতিসকলক ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
BJP Assam Pradesh
13/09/2021
প্ৰসিদ্ধ সাহিত্যিক আৰু ভাষাবিদ ড° মহেশ্বৰ নেওগদেৱ অসমৰ ভাষা-সাহিত্য ক্ষেত্ৰৰ উজ্জ্বল নক্ষত্র। অসম সাহিত্য সভাক গতিশীল নেতৃত্বদানত একান্তভাৱে আত্মনিয়োগ কৰা সকলৰ ভিতৰত অন্যতম আছিল সাহিত্যিক, পণ্ডিত ড° নেওগ। ১৯৪০ চনৰ পৰাই তেখেত অসম সাহিত্য সভাৰ লগত জড়িত হৈছিল ৷ তদুপৰি তেখেতে বাহিৰৰ প্ৰখ্যাত জাৰ্নেল ইংৰাজী ভাষাত অসমৰ সংগীত,নাটক, চিত্রকলা, ভাস্কর্য,বুৰঞ্জী, পুৰাতত্ব, ধৰ্ম, দৰ্শন আদি বিষয়ৰ ওপৰত লিখা প্ৰবন্ধসমূহে অসমক আৰ্ন্তঃজাতিক খ্যাতিসম্পন্ন পণ্ডিত মণ্ডলীৰ মাজত গভীৰ অৰ্থত চিনাকি কৰি দিছিল। আজিৰ পৰা প্ৰায় ৪৪ বছৰ আগতেই ড° মহেশ্বৰ নেওগে সাহিত্য সভাৰ বাহ্যিক শ্ৰী সম্পর্কত যি মন্তব্য দি থৈ গ'ল আজিও তাৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। তেখেতৰ অৱদান অতুলনীয়।
পদ্মশ্ৰী', 'শ্ৰীমন্ত শংকৰদেৱ বঁটা' আদি সন্মান লাভ কৰা ড° নেওগদেৱক আজিৰ পৱিত্ৰ পুণ্য তিথিত গভীৰভাৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ।
12/09/2021
অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাদেৱক মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।
অসমত সহ-অভিনয়ৰ পাতনি মেলা নাট্যজগতৰ প্ৰবাদ পুৰুষগৰাকীৰ অৱদানসমূহ আমি চিৰকাল স্মৰণ কৰিব লাগিব।
11/09/2021
আজি আমিনগাঁওস্থিত লোক নিৰ্মাণ বিভাগৰ অতিথিশালাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক বিষয় ববীয়া সভা অনুষ্ঠিত হয়।
উক্ত সভাত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় ৰাজ্যিক সভাপতি শ্ৰী যুত ভৱেশ কলিতা ডাঙৰীয়া, মাননীয় সাংগঠিনক সাধৰণ সম্পাদক শ্ৰীযুত ফণীন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়া ,মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া,মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী যুত ৰামেশ্বৰ তেলী ডাঙৰীয়া,উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক মাননীয় শ্ৰীযুত অজয় জামোৱাল ডাঙৰীয়াৰ লগতে ৰাজ্যিক বিষয় ববীয়াসকল, ৰাজ্যিক মৰ্চাসমূহৰ সভাপতিসকলৰ লগতে মহিলা মৰ্চাৰ সভানেত্রী শ্রীমতী আঙুৰলতা ডেকা ডাঙৰীয়ানী উপস্থিত থাকে ।
11/09/2021
বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্রীশ্রীহৰিদেৱৰ পবিত্র তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ শ্রীচৰণত সশ্ৰদ্ধ প্ৰণিপাত আগবঢ়ালো ।
10/09/2021
নিমাতীঘাটৰ হৃদয়বিদাৰক ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা ৰঙাচাহী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ গুৱাহাটীস্থিত বাসগৃহত আজি ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ মহিলা মৰ্চাৰ তৰফৰ পৰা সভানেত্রী শ্ৰীমতী আঙুৰলতা ডেকা বাইদেউ উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে আৰু এই ঘটনাটোত গভীৰ দুখ প্ৰকাশ কৰে ৷ তেখেতে বিপদৰ এই ক্ষণত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে পৰমপিতা পৰমেশ্বৰৰ ওচৰত বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে ৷
ঔঁম শান্তিঃ ।।
07/09/2021
ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়াৰ অনুমোদন মৰ্মে আজি আনুষ্ঠানিক ভাৱে মহিলা মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক বিষয়-ববীয়া সকলক নিযুক্তি প্ৰদান কৰা হয়৷
নৱ নিযুক্তি প্ৰাপ্ত মহিলা মৰ্চাৰ ৰাজ্যিক বিষয়-ববীয়া সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ৷
ধন্যবাদ৷
18/08/2021
Warm Birthday wishes to Union Minister of Finance and Corporate Affairs Smt. Nirmala Sitharaman Ji. May you keep working to empower the poor and for the growth & progress of India's economy . We wish your good health & a wonderful year ahead.
Nirmala Sitharaman
Mahila Morcha BJP
Bharatiya Janata Party (BJP)
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Atal Bihari Vajpayee Bhawan, Basistha Chariali
Gauhati
781029
