17/04/2026
देश के पूर्व राष्ट्रपति और महान शिक्षाविद भारत रत्न डॉ. सर्वपल्ली राधाकृष्णन जी की पुण्यतिथि पर विनम्र श्रद्धांजलि।
Governor of Chhattisgarh
17/04/2026
देश के पूर्व राष्ट्रपति और महान शिक्षाविद भारत रत्न डॉ. सर्वपल्ली राधाकृष्णन जी की पुण्यतिथि पर विनम्र श्रद्धांजलि।
16/04/2026
মোৰ ছাত্ৰ জীৱনৰ বন্ধু ৰাজীৱ বৰুৱাৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ খা-খৱৰ লোৱাৰ লগতে বিভিন্ন বিষয়ত সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপত মিলিত হৈ অতিশয় আনন্দিত হৈছোঁ।
16/04/2026
বৃহত্তৰ পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত চানমাৰিত আয়োজিত ৬৫ সংখ্যক ৰঙালী বিহু সমাৰোহত উপস্থিত থাকি বিহুপ্ৰেমী ৰাইজক বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভকামনা জনালোঁ।
15/04/2026
আজি বৃহত্তৰ নুনমাটি বিহু সন্মিলনৰ উদ্যোগত আয়োজিত ৬৩ সংখ্যক ৰঙালী বিহু সমাৰোহত উপস্থিত থাকি অতিশয় আনন্দিত হৈছোঁ।
ৰঙালী বিহু আমাৰ জাতিৰ প্ৰাণ, আমাৰ সমৃদ্ধ সংস্কৃতিৰ সজীৱ প্ৰতিফলন। এই বাপতিসাহোন উৎসৱে প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত ঐক্য, সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ এক অটুট সেতু গঢ়ি তোলে।
এই পৱিত্ৰ উৎসৱৰ শুভক্ষণত সকলোকে আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। ৰঙালী বিহুৰ আনন্দই সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক তাৰেই কামনা কৰিলোঁ।
15/04/2026
देवभूमि हिमाचल प्रदेश के स्थापना दिवस की समस्त हिमांचलवासियों को हार्दिक बधाई एवं शुभकामनाएं।
अद्भुत प्राकृतिक सौन्दर्य और समृद्ध संस्कृति से परिपूर्ण यह पावन धरा निरंतर प्रगति और समृद्धि के मार्ग पर चलती रहे, ऐसी कामना है।
15/04/2026
Rongali Bihu greetings to you all!
সমূহ অসমবাসীক হেঁপাহৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ।
বাপতিসাহোন ৰঙালী বিহুৱে সকলোৰে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। এই পৱিত্ৰ উৎসৱে আমাৰ ঐতিহ্য, সমৃদ্ধ সংস্কৃতি আৰু ভাতৃত্ববোধৰ বন্ধন অধিক সুদৃঢ় কৰি তোলাৰ লগতে নতুন বৰ্ষত সকলোৰে জীৱন আনন্দ, সফলতা আৰু নতুন আশাৰে ভৰি পৰক তাৰেই আন্তৰিকতাৰে কামনা কৰিলো।
15/04/2026
समस्त देशवासियों को असम के पावन लोकपर्व बोहाग बिहू की हार्दिक शुभकामनाएँ। यह उत्सव आप सभी के जीवन में सुख, समृद्धि और नई ऊर्जा का संचार करे।
14/04/2026
বিশিষ্ট ৰাজনীতিবিদ, কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বেদব্ৰত বৰুৱা দেৱৰ দেহাৱসানত অত্যন্ত মৰ্মাহত হৈছো। অসমৰ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত তেখেতৰ অৱদান স্মৰণীয় হৈ থাকিব।
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
ওঁ শান্তি। 🙏
14/04/2026
আজি বৃহত্তৰ পল্টন বজাৰ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত ৪৮ সংখ্যক ৰঙালী বিহু সমাৰোহত উপস্থিত থাকি অত্যন্ত আনন্দ অনুভৱ কৰিলোঁ। এই উৎসৱমুখৰ পৰিৱেশত ৰাইজৰ উচ্ছ্বাস আৰু সক্ৰিয় অংশগ্ৰহণে মন প্ৰফুল্লিত কৰিলে।
এই শুভক্ষণত সমূহ অসমবাসীক আমাৰ অতি হেঁপাহৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা তথা ওলগ জনালোঁ। ৰঙালী বিহুৱে সকলোৰে জীৱনলৈ সুখ-শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক, লগতে এই পৱিত্ৰ উৎসৱে আমাৰ ঐতিহ্য, সংস্কৃতি আৰু ঐক্যৰ বন্ধন অধিক দৃঢ় কৰি তোলক, তাৰেই কামনা কৰিলোঁ।
14/04/2026
14/04/2026
भारतीय संविधान के शिल्पकार भारत रत्न डॉ. भीमराव अंबेडकर जी की जयंती पर उन्हें सादर नमन।