03/12/2023
এলি নুহৰ এমুঠি কবিতা
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from এলি নুহৰ এমুঠি কবিতা, Library, Gauhati.
03/12/2023
এতিয়া ন বাজিছে
----=====
এতিয়া ন বাজিছে
দুয়ো গৈ আছে সি আৰু তাই
কাঁইটেৰে আৱৰা গোলাপ ফুল এটিৰ গোন্ধ লৈ
ফুটপাথটোৱে আকোঁৱালি লৈ গৈ আছে
কান্ধত হাত তুলি কিনো গুণগুণাই গাইছে
দিবাৰাত্ৰি বিহীন
এনে হেন উজাগৰী ৰাতি
দুয়ো জানো বৃক্ষহীন !
বয়সে দুয়োকে গিলিছিল
গোলাপৰ কিনো দোষ
মাথোঁ দোষ বৃক্ষৰূপে মান্যবৰেষু ৷
বহুদিন হল তোমাক লগে পোৱা নাই
মোলৈ কিয় ক্ষমাৰ বাৰ্তা প্ৰেৰণ কৰিলা
কিয়নো বাৰে বাৰে মনত পেলাই দিয়া এই ভৰদুপৰীয়া সূৰ্য্যৰ তাপত
স্বাধীনতা
(উপনিৱেশৰ আলোচনীত প্ৰকাশিত ,ডিচেম্বৰ ২০১৮ইং)
গছ-গছনিৰে ভৰা অৰণ্যৰ
মাজেৰে পাৰ হৈ যোৱা
মৃদু বতাহৰ স্পৰ্শত
চৰাই জাকৰ সপোনবোৰ উৰিছে
হৃদয়ত মৰণ কাতৰ বিষাদ
এদল উগ্ৰ দুষ্কৰ্মীৰ হাতত মৰণাস্ত্ৰ
মুখত বাৰুদৰ গোন্ধ
বিস্ফোৰণৰ জুইৰ
ধোঁৱাত চৰাইবোৰৰ ডেউকা স্তব্ধ
বিশাল বননিৰ মাজত
চৰাইবোৰৰ হিয়া ভঙা চিঞৰ
ইফাল সিফাল কৰি উৰিবলৈ ধৰিছে
ক'তো নাই জিৰণিৰ ঠাই
এনেকৈ দিনৰ পিছত দিন পাৰ হৈ গ'ল
সপোনৰ তিনি ৰঙো
ধোঁৱা বৰণীয়াই ছানি পেলাইছে
আজিও অৰণ্যৰ মাজত জুইৰ
ফিৰিঙতি
বিশাল অৰণ্যত ধোৱাই
অন্ধকাৰ কৰি ৰাখিছে
সাগৰ ,নৈ,বাট পথত
খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছে প্ৰেতাত্মা
সৰাপাতেও চকুলো টুকিছে
গছবোৰ হালি পৰিছে
হালধীয়া বন লতাই মেৰুৱাই লৈছে গাত
উশাহ-নিশাহ বন্ধ হোৱাৰ
উপক্ৰম হৈ পৰিছে
কাঁচিয়লিত চৰাইবোৰৰ মুক্ত বিচৰণ নাই
সিহঁতৰ মনত মৰণৰ ভয়
তথাপি বন্দুকৰ নলীৰ আগত
নিছিদ্ৰ চকুৰ আগত
উৰি ফুৰিছে
জয়গান নাই
কৰুণ চিঞৰৰ শব্দ
নিস্তব্ধ বননি
এনে কি নগৰ চহৰ
গাওঁবোৰ ৷৷
এয়েতো জীৱন
''''''''''''''''''''''''''''''''''''''''''''''''''
এয়েতো জীৱন
হাঁহি কান্দোনৰ ৰোল
আৰু সুখ-দুখেৰে ভৰা আৱৰণ
চেতনা শক্তিয়ে
আনি দিয়ে
অনৰ্গল জীৱন দায়িনী দৰৱ
পাহৰি যোৱাৰ ভাও জুৰি ক্ষণ গণি ৰওঁ
আঙুলিৰ মূৰত
দুখৰ ৰাতি কালিকা লগা
আন্ধাৰ ৰাতিৰ নিৰ্জনত
সজীৱ হয় দুখৰ ঘাঁ ডোখৰ
হয়তো অনুভৱ কৰিও
নকৰাৰ ভাও জুৰিছিলোঁ
সেই সুখৰ দিনবোৰৰ কথা
তেতিয়া টোপনিৰ ৰজা কুম্ভকৰ্ণৰ স'তে
সহৱস্হান কৰিছিলোঁ
ৰাতি আন্ধাৰ নে!জোনাক
মনত একো ভাৱ নাই
মাথোঁঁ নিদ্ৰাত বন্দী
কোনোবা এক স্বপ্নৰ অন্তৰ্দাহী দিন
অন্যায়,হত্যা,ধৰ্ষণ,লুন্ঠন
ঈশ্বৰ বিৰোধী নাস্তিক তাণ্ডৱত
বাকৰুদ্ধ ডিঙি
যেতিয়া গছৰ ডালত ফেঁচাই কুৰিলিয়াই
চকুৰে মনিব নোৱাৰা হও
কিয় বাৰু এনে হয়
ই যেন এক অবুজ মনৰ সাঁথৰ
হয়তো এয়ে জীৱন
=============
আলি জিন্না
১৯/০৪/২০১৮
সেই যে তোমাক দেখা পাইছিলোঁ
≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈
সেই যে তোমাক দেখা পাইছিলোঁ
বানপানীৰ সময়ত
তুমি নাওত উঠি,মোৰ পিনে চাই
কিবা কওঁ বুলি ভাৱি আছিলা
মনত পৰিছে নে?
একাঁঠু পানী, ঘৰৰ চোতালত
তেতিয়া ঘাই পথেদি খোজ কাঢ়ি গৈ আছিলোঁ
সময় ফুট গধুলি
যাত্ৰা মোৰ ঘৰমুখী
মুহুৰ্ততে কাজল বৰণীয়া আন্ধাৰত
তোমাৰ মুখৰ ছবি লুকাই থাকিল
সে ই যে কলজোপাত
বাদুলিটো সোমাই আছিল
পকা কল এটা,থোকটোৰ পৰা সৰিপৰিছিল
ভয়তে লুকাম বুলি ভাৱিছিলোঁ
আজিও মনত পৰে,সেই দিনবোৰৰ কথা
হৃদয়ৰ এচুকত ঠেহ মাৰি বহিছে
এক অবুজ অথচ আল ফুলীয়া মনৰ বেদনাই
সেই যে তোমাক দেখা পাইছিলোঁ
বানপানীৰ সময়ত
আস !কি যে সুখৰ দিন আছিল
আলি জিন্না
10়04়2018
#শব্দবোৰ একে
মনবোৰ একে
দৃষ্টিও একে
অনুসৰণ কৰিছিলোঁ
শব্দবোৰ আহ যাহ কৰা একেই বাটটোৰে
সেই নীল বৰণীয়া অৰ্ধনগ্ন আকাশ
কেতিয়াবা অদৃশ্য দৃষ্টিত হুকহুকাই কান্দে
বতাহজাকে জানে কন্দাৰ আঁৰৰ ৰহস্য
বুকুত সাৱটে
আন্ধাৰতে ছিন্নভিন্ন হয় দুখৰ ক’লাজ আৰু মনৰ ডাৱৰ
জোনাকী পোহৰত ছিটিকি পৰা সুখবোৰ
বৈ যায় মৃত্যুক বোকোচাত তুলি নৈ
নৈয়ে নৈয়ে যাত্ৰা
ক্ৰমাৎ সাগৰলৈ!
আলি জিন্না
২২/০৭/২০১৯ইং
/
মানুহবোৰ চিনাকি
মানুহবোৰ চিনাকি
আপোনাৰ মোৰ অতিকৈ চিনাকি
ৰ’দৰ মানুহ
বৰষুণৰ মানুহ
আপুনি এজন মনোবিজ্ঞানী
কথা ক’লেই বুজি পায়
এনে কি কঁপালৰ ফোট মূৰৰ টুপি ইত্যাদি
তেতিয়া আপুনি হয়তো
কোনোবা এজনক হত্যা কৰিব বিচাৰে এজনক পালন কৰিবলৈ
তাৰ মনৰ কথাবোৰ কি আপুনি জানে?
কব পাৰিব নে তাৰ ঘৰৰ চৌকাৰ কথা,ভাতৰ চৰুৰ কথা
একোৱেই ক’ব নোৱাৰে
কতো মানুহ দেখিলোঁ
ঘূৰি ফুৰা ৰাস্তা ঘাটে
অ'ত ত'ত যান বাহনত
হোটেল,ৰেষ্টুৰেণ্টত,
দোকান ,বাছ আস্থানবোৰত
ভিন্নতাৰ কাঁয়াত,সাজপোছাক
ৰঙা,নীলা,বগাসাজ পৰিধানত
অথচ,আচল মানুহ কমহে লগ পালোঁ
মানুহ মানুহেই
মানুহ মানুহৰ বাবেই
তথাপি ভিন্ন কিয়?
""''''''''জিন্না"'''''''''''''''০২/০৮/২০১৮ইং
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Gauhati
GUWAHATIUNIVERSITY
