02/06/2026
অসমৰ কৃষি আৰু উদ্যান শস্য খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা, অসম প্ৰদেশৰ এটি দলে এক বিশেষ সৌজন্যমূলক সাক্ষাৎ কৰে অসম কৃষি বিভাগৰ সন্মানীয় কৃষি সঞ্চালক ডাঙৰীয়াক ।
কৃষক মৰ্চা অসম প্ৰদেশৰ আদৰণীয় ৰাজ্যিক সভাপতি শ্ৰীযুত পংকজ বৰবৰা ডাঙৰীয়া আৰু ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰঞ্জিত ভট্টাচাৰ্য্য ডাঙৰীয়াৰ নেতৃত্বত যোৱা ৰাজ্যিক সমিতিৰ প্ৰতিনিধি দলটোৱে অসম চৰকাৰৰ কৃষি বিভাগৰ সন্মানীয় সঞ্চালক শ্ৰীযুত ৰাতুল পাঠক ডাঙৰীয়াক তেখেতৰ কাৰ্যালয়ত সাক্ষাৎ কৰে।
এই সৌজন্যমূলক সাক্ষাৎকালত অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত ৰাজ্যখনৰ কৃষি উন্নয়ন, উদ্যান শস্য (Horticulture) বিভাগৰ সামগ্ৰিক উন্নয়ন, আধুনিক কৃষি পদ্ধতিৰ সম্প্ৰসাৰণ আৰু কৃষকসকলৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে ল’বলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত দীঘলীয়া আৰু ফলপ্ৰসূ আলোচনাত মিলিত হয়। ৰাজ্যৰ কৃষক সমাজৰ কল্যাণৰ বাবে আগন্তুক দিনবোৰত ল’বলগীয়া পদক্ষেপসমূহৰ ক্ষেত্ৰতো এই বৈঠকত বিশেষভাৱে মত-বিনিময় কৰা হয়।
01/06/2026
ছাগলী পালনেৰে প্ৰতিষ্ঠিত “সমন্বিত ছাগলী উন্নয়ন পৰিষদ” নামৰ এখন প্ৰতিষ্ঠানৰ এটি প্ৰতিনিধি দলে আজি বশিষ্ঠস্হিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অসম প্ৰদেশ কৃষক মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়াসকলক সাক্ষাৎ কৰে। প্ৰতিষ্ঠানখনৰ প্ৰতিনিধি দলটোৱে ব্যৱসায়িক ভিত্তিত ছাগলী পালনত সন্মুখীন হোৱা বিভিন্ন সুবিধা-অসুবিধা আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন চৰকাৰী আচঁনি আৰু লগতে সমস্যাসমূহ নিৰাময়ৰ বিষয়ে আলোচনা কৰে ।
আজিৰ এই সভাখনত অসম ৰাজ্যিক কৃষক মৰ্চাৰ সন্মানীয় সভাপতি শ্রীযুত পংকজ বৰবৰা ডাঙৰীয়া, ৰাজ্যিক সম্পাদক ক্ৰমে শ্রী পংকজ বৰুৱা ডাঙৰীয়া, শ্রী হৰদ্বীপ চৌধুৰী ডাঙৰীয়া, শ্রী অসমী বৰা ডাঙৰীয়ানী, শ্রী দিব্যলতা বৈশ্য ডাঙৰীয়ানী,ৰাজ্যিক কাৰ্যালয় সহ-সম্পাদক শ্রী প্ৰিতম গোস্বামী ডাঙৰীয়া, ৰাজ্যিক কোষসমূহৰ প্ৰভাৰী শ্রী ৰাজেন্দ্ৰ নাথ ডাঙৰীয়া, ৰাজ্যিক সামাজিক মাধ্যমৰ সহ-আহ্বায়ক শ্রী অনুৰাগ ৰাজখোৱা ডাঙৰীয়া, নীতি আৰু গৱেষণা কোক্ষৰ আহ্বায়ক ডঃ অৰুণ শৰ্মা ডাঙৰীয়া, কৃষি ক্ষেত্ৰত অসম গৌৰৱ বঁটা প্ৰাপ্ত শ্রী পংকজ লাল গগৈ ডাঙৰীয়া সঁহিতে অন্যান্য ৰাজ্যিক বিষয়ববীয়াসকল উপস্হিত থাকে ।
01/06/2026
ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত Nitin Nabin ডাঙৰীয়াই আজি শ্ৰীযুত Nagendra Nath Tripathi ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সংগঠক হিচাপে নিযুক্তি প্ৰদান কৰে।
সন্মানীয় শ্ৰীযুত নগেন্দ্ৰ নাথ ত্ৰিপাঠী ডাঙৰীয়াক আমি ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
31/05/2026
আজি তিনিচুকীয়া সমষ্টি অন্তৰ্গত ৰেলৱে কলনীৰ 3 নং ৱাৰ্ডৰ 190 নং বুথত উপস্থিত থাকি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ "মন কী বাত" অনুষ্ঠানটি শ্ৰৱণ কৰে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত সঞ্জীৱ বড়া ডাঙৰীয়াই।।
31/05/2026
বুকুৰ পথাৰত সোণালী সপোনৰ বীজ 🌾
আঠিয়াবৈৰ সেউজীয়া আঁচলত আজি উখল-মাখল পৰিৱেশ...
ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ কৃষক মৰ্চাৰ মহৎ উদ্যোগত আৰু ‘আকাংক্ষা কৃষি গোট’ৰ আন্তৰিক সহযোগত আজি ৰূপায়িত হ’ল এক ব্যতিক্ৰমী আৰু প্ৰাণৱন্ত কাৰ্যসূচী— "কঠিয়া সিচাঁ"।
পথাৰখন মাথোঁ বোকা-মাটিৰ সমষ্টি নহয়, ই আমাৰ অসমীয়াৰ জীৱন আৰু জীৱিকাৰ তেজ-মঙহৰ সম্পৰ্ক। ঋতুৰ আৱাহনক সঁহাৰি জনাই, ধৰিত্ৰী আইৰ বুকুত সোণগুটিৰ সপোন সিঁচিবলৈ আজি মূল কাণ্ডাৰী হিচাপে উপস্থিত থাকিল অসম প্ৰদেশ কৃষক মৰ্চাৰ শ্ৰদ্ধেয় সাধাৰণ সম্পাদক শ্ৰীযুত ৰঞ্জিত ভট্টাচাৰ্য্য ডাঙৰীয়া। তেখেতৰ হাতৰ পৰশতে আঠিয়াবৈৰ খেতি পথাৰত অংকুৰিত হ’ল এক নতুন আশাৰ, এক নতুন সম্ভাৱনাৰ।
"বোকাতো ওলায় সোণ, যদিহে থাকে হেঁপাহৰ কোণ..."
📍 স্থান: আঠিয়াবৈ খেতি পথাৰ ।
আহক, এই পবিত্ৰ ক্ষণত আমি সকলোৱে আমাৰ কৃষক শক্তিক চেলুট জনাওঁ। অসমৰ কৃষি বিপ্লৱ আৰু অধিক শক্তিশালী হওক, শস্য-শ্যামলা ধৰিত্ৰীৰ বুকু জুৰি আকৌ হাঁহি উঠক সোণালী সপোনবোৰ।
জয় আই অসম! জয় কিষাণ!
31/05/2026
প্ৰধানমন্ত্ৰী শ্রীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৪ নং “মন কী বাত” অনুষ্ঠান আজি নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ বাহিনী মণ্ডলৰ ১৮৪ নং বুথত ৱাৰ্ডৰ পাৰিষদ অৰূপ ডেকা ডাঙৰীয়া, অন্যান্য পিছপৰা শ্রেণী মৰ্চাৰ উপ-সভাপতি দাদুমণি বৰা ডাঙৰীয়া, বুথৰ সভানেত্ৰী প্ৰতিভা কলিতা ডাঙৰীয়ানীৰ প্ৰমুখ্যে দলীয় কাৰ্যকৰ্তাসকলৰ লগত শ্ৰৱণ কৰে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰীযুত পংকজ বৰবৰা ডাঙৰীয়াই।।