09/05/2026
55 নং ৱাৰ্ডৰ অন্তৰ্গত কৈলাশপুৰৰ নাৰ্জিমা বেগমৰ ছোৱালী ফাৰিন আখটাৰে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) Class-XII ৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে।
এই সুবাদতে তেওঁক "প্ৰকৃতি সেৱা মঞ্চ"ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন কৰো আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰো।
লগতে তেওঁক এটি গছপুলিও প্ৰ্দান কৰো যাতে প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত তেওঁ সচেতন হয়।
09/05/2026
উঠি অহা প্ৰজন্মৰ জৰিয়তে বৃক্ষ ৰোপণ....
#সৃষ্টি
#প্ৰকৃতি
08/05/2026
সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) Class XII ৰ চুড়ান্ত পৰীক্ষাত আশাব্যঞ্জক ফলাফলেৰে উত্তীৰ্ণ হোৱা 55 নং ৱাৰ্ডৰ অন্তৰ্গত লুইতনগৰৰ প্ৰয়াত নৰেন শৰ্মাৰ জীয়ৰী নিতিশা ভৰদ্বাজ ক আমি "প্ৰকৃতি সেৱা মঞ্চ"ৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাও আৰু অনাগত দিনত তেওঁৰ উজ্জ্বল শিক্ষাজীৱন কামনা কৰো।
এই গৌৰৱময় মুহূৰ্তত তেওঁক এটি গছপুলিও প্ৰ্দান কৰো যাতে প্ৰকৃতি-পৰিবেশ ৰক্ষাৰ প্ৰতি দায়বদ্ধ হয়।
08/05/2026
55 নং ৱাৰ্ডৰ অন্তৰ্গত শ্ৰীনগৰৰ বাসিন্দা পিংকু দাসৰ জীয়ৰী প্ৰিয়ংকা দাসে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) ৰ চুড়ান্ত পৰীক্ষাত ভাল ফলাফলেৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে। তেওঁক "প্ৰকৃতি সেৱা মঞ্চ"ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰো।
এই গৌৰৱপূৰ্ণ মুহূৰ্তত তেওঁক এটি গছপুলি প্ৰদান কৰি ভৱিষ্যতে প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হবলৈ অহ্বান জনাও।
#প্ৰকৃতি
07/05/2026
56 নং ৱাৰ্ডৰ অন্তৰ্গত জযন্তনগৰ নিবাসী তপন দাসৰ জীয়ৰী কনিচা দাসে সদ্যঘোষিত কেন্দ্ৰীয মাধ্যমিক শিক্ষা সংসদ (CBSE) Class X ৰ চুড়ান্ত পৰীক্ষাত আশাব্যঞ্জক ফলাফলেৰে উত্তীৰ্ণ হৈ নিজৰ পৰিয়ালৰ লগতে অঞ্চলটিলৈ সুনাম কঢিয়াই আনিচে।
এনে এটা গৌৰৱপূৰ্ণ মুহূৰ্তত "প্ৰকৃতি সেৱা মঞ্চ"ৰ তৰফৰ পৰা তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ভৱিষ্যত শিক্ষাজীৱন অধিক উজ্জ্বল হোৱাটো কামনা কৰিছো।
এই সুযোগতে মঞ্চ"ৰ তৰফৰ পৰা তেওঁক এটি গছপুলি প্ৰদান কৰি প্ৰকৃতি আৰু পৰিবেশ ৰক্ষাৰ বাবে জাগ্ৰত হবলৈ আহ্বান জনাও।
#সৃষ্টি
07/05/2026
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢিয়াই অনা 55 নং ৱাৰ্ডৰ অন্তৰ্গত আনন্দনগৰৰ ইমদাদুল ইছলামৰ জীয়ৰী চায়েচা চবনম ক "প্ৰকৃতি সেৱা মঞ্চ"ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰো আৰু তেওঁৰ ভৱিষ্যত শিক্ষাজীৱন আৰু অধিক উজ্জ্বল হোৱাটো কামনা কৰো।
এই সুবাদতে তেওঁক এটি গছপুলি প্ৰদান কৰি অনাগত দিনত প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হবলৈ অহ্বান জনাও।
#প্ৰকৃতি
06/05/2026
সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) ৰ চুড়ান্ত পৰীক্ষাত আশাব্যঞ্জক ফলাফলেৰে উত্তীৰ্ণ হৈ নিজৰ লগতে অঞ্চলটিলৈ গৌৰৱ কঢিয়াই অনা 55 নং ৱাৰ্ডৰ অন্তৰ্গত লুইতনগৰৰ বাসিন্দা দিপেন তট্টাচাৰ্যৰ সু-পুত্ৰ ধিমানজ্যোতি ভট্টাচাৰ্য ক "প্ৰকৃতি সেৱা মঞ্চ"ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাও, লগতে ভৱিষ্যত শিক্ষাজীৱনৰ উত্তৰোত্তৰ কামনা কৰো।
এই সুবাদতেই তেওঁক এটি গছপুলিও ৰোপণ কৰিবলৈ আগবঢাও যাতে প্ৰকৃতি ৰক্ষাৰ প্ৰ্তি সচেতন হয়।
06/05/2026
55 নং ৱাৰ্ডৰ অন্তৰ্গত কৈলাশপুৰৰ বাসিন্দা পিংকু ডেকাৰ সু-সন্তান প্ৰিয়াংশু ডেকা'ই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ লগতে অঞ্চলটিলৈ সুনাম কঢিয়াই আনিছে।
এই সুবাদতে আমি "প্ৰকৃতি সেৱা মঞ্চ"ই তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰো আৰু অনাগত দিনত অধিক পাৰদৰ্শিতাৰে আগুৱাই যাব বুলি আশা কৰো। লগতে তেওঁক এটি গছপুলি প্ৰদান কৰি ভৱিষ্যতে প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি সচেতন হবলৈ আহ্বান জনাও।
#প্ৰকৃতি
#জীৱন
06/05/2026
সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) ৰ চুড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হোৱা 55 নং ৱাৰ্ডৰ অন্তৰ্গত গণেশনগৰৰ উমেশ ডেকাৰ পুত্ৰ বিশাল ডেকা'ক আমি "প্ৰকৃতি সেৱা মঞ্চ"ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ ভৱিষ্যত উজ্জ্বল শিক্ষাজীৱন কামনা কৰো।
এই শুভ মুহূৰ্তত পৰিবেশৰ প্ৰতি অলপ হলেও সচেতন হোৱাৰ মানসেৰে,তেওঁক এটি গছপুলিও প্ৰ্দান কৰো ।
#প্ৰকৃতি
05/05/2026
সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) ৰ চুড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা 55 নং ৱাৰ্ডৰ অন্তৰ্গত লুইতনগৰৰ দীপজ্যোতি দাসৰ জীয়ৰী কৃষ্ণাংগী দাস'ক আমি "প্ৰকৃতি সেৱা মঞ্চ"ৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰো আৰু তেওঁৰ ভৱিষ্যত শিক্ষাজীৱনত অধিক অগ্ৰগতি কামনা কৰো।
এই চেগতে তেওঁক এটি গছপুলি প্ৰদান কৰি অনাগত দিনত প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হবলৈ অহ্বান জনাও।