08/10/2026
পাৰ্থেনিয়াম হৈছে এক অতিসংক্ৰামক আৰু ক্ষতিকাৰক অপতৃণ। কৃষিক্ষেত্ৰৰ বাবে এক গুৰুতৰ সমস্যা। দ্বিতীয বিশ্ব যুদ্ধৰ পিছত প্ৰায়বোৰ দেশতে দেখা দিয়া খাদ্য সংকট দুৰ কৰাৰ বাবে আমেৰিকাৰ পৰা গম বা অন্যান্য খাদ্য সামগ্ৰী আমদানি কৰিছিল। সেই হিচাপে ভাৰতেও গম আমদানি কৰিছিল। এই গমৰ লগতেই পাৰ্থেনিয়ামৰ বীজ ভাৰতলৈ আহি যায় আৰু তাৰপৰাই সমগ্ৰ ভাৰতত ইয়াৰ দ্ৰুত বিস্তাৰ ঘটে। পাৰ্থেনিয়াম এক বৰ্ষীয় হলেও ইয়াৰ বংশবিস্তাৰ ক্ষমতা অধিক। এদাল পাৰ্থেনিয়াম গছত 10000-15000 বীজ উৎপন্ন হয়। বীজ সমুহ বৰ সৰু বায়ে বতাহত অনেক ঠাইলৈ উৰি যায়। গৰুৰ গোবৰৰ লগত, ৰেলগাড়ী, ট্ৰাক বা গৰু গাড়ীৰ চকাত লাগি এঠাইৰ পৰা আন ঠাইলৈ বিস্তাৰিত হয়।
আমাৰ কৃষি, পৰিবেশ আৰু মানুহৰ স্বাস্থ্যৰ বাবে পাৰ্থেনিয়াম অত্যন্ত ক্ষতিকাৰক। পাৰ্থেনিয়ামে শস্যৰ উৎপাদন কমাই, মাটিৰ উৰ্বৰা গুণ নষ্ট কৰে, ইয়াৰ পৰাগ ৰেণুৱে মানুহৰ শৰীৰত চৰ্ম ৰোগ, চকুৰ ৰোগ আদি সৃষ্টি কৰে। গৰু ম'হ বা ছাগলীয়ে ইয়াক ভক্ষণ কৰিলে গাখীৰ উৎপাদন কমি যায়। ই অন্য উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে আৰু মানুহৰ এলাৰ্জি আৰু শ্বাসজনিত সমস্যাৰ সৃষ্টি কৰে।বিশেষকৈ ধান, সৰিয়হ, গম, বেঙেনা, বিলাহী আদি ফচলৰ বাবে পাৰ্থেনিয়াম অতি বিপদজনক। ভুলতে গৰু-ম'হে খালে খাদ্যনলীৰ সমস্যা, ডায়েৰীয়া বা জ্বৰ হব পাৰে, যাৰফলত সিহতৰ প্ৰজনন শক্তি আৰু গাখীৰ দিয়া ক্ষমতা কমি যায়। মানুহৰ হাঁপানি, এজমা, ব্ৰহ্মাইটিস, জ্বৰ বা নানা ধৰণৰ ৰোগ দেখা দিয়ে।
ইয়াক ৰোধ কৰাৰ বাবে সাধাৰণ লোকক সজাগ কৰিব লাগিব। অন্যথাই অদুৰ ভৱিষ্যতে পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিব আৰু একো কৰাৰ উপাই নাথাকিব।