অসম ছাত্ৰ যুৱ সন্মিলন - Axom chatro Yuva Sanmilan-ACYS

অসম ছাত্ৰ যুৱ সন্মিলন - Axom chatro Yuva Sanmilan-ACYS

Share

Axom Chatro Yuva Sanmilan is an alternative voice for the student and youths of Assam.. It believes in Progress, Equality, Justice, Scientific Socialism..

08/08/2025

আজি শিৱসাগৰত অনুষ্ঠিত নাগৰিক সভাত অসম ছাত্ৰ যুৱ সন্মিলনৰ সভাপতি জিন্টু মেচ ডাঙৰীয়াৰ বক্তব্যৰ কিছু অংশ..

04/08/2025

অসম ছাত্ৰ যুৱ সন্মিলনৰ স্পষ্ট মত। শিৱসাগৰত বিভেদকামী ৰাজনীতি নচলিব।

27/08/2024

বৰ্তমান অসমত সৃষ্টি হোৱা খিলঞ্জীয়া বনাম মিঞা কেন্দ্ৰিক বিতৰ্কক লৈ অসম ছাত্ৰ যুৱ সন্মিলনৰ প্ৰেছ বিজ্ঞপতি -

অসমত সাম্প্ৰদায়িক তথা বিভেদকামী পৰিৱেশ সৃষ্টি কৰিব দিয়া নহব -

আমি অতি উদ্বেগেৰে লক্ষ্য কৰিছো যে যোৱা সংসদীয় নিৰ্বাচনৰ পিছত ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি চলাবলৈ গৈ বিজেপি আৰু ইয়াৰ অনুগত বিভিন্ন শক্তিয়ে অসমত হিন্দু-মুছলিমৰ মাজত বিভেদ আনি এক অতি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব খুজিছে। মুখ্যমন্ত্ৰী মহোদয় যিয়ে নিজেই গৃহ বিভাগৰো দায়িত্ব লয় থৈছে তেওঁ ৰাজ্যত শান্তি শৃংখলা ৰক্ষা কৰাত ব্যৰ্থ হোৱাৰ লগতে ৰাজ্যৰ নাৰী সমাজৰ নিৰাপত্তাও নিশ্চিত কৰিব পৰা নাই। যোৱা কিছুদিন আগতে শিৱসাগৰ নগৰত ভৰ দুপৰীয়া এগৰাকী কিশোৰী ৰাষ্ট্ৰীয় খেলুৱৈক কেইজনমান বহিৰাগত বেপাৰীয়ে গুৰুলা গুৰুলকৈ মাৰ পিট কৰাৰ পিছত তেওঁক ন্যায় প্ৰদান কৰিব নোৱাৰাত স্বাভাৱিকতে শিৱসাগৰৰ সচেতন ৰাইজ চিন্তিত হৈছিল আৰু এই আক্ৰমনৰ প্ৰতিবাদ কৰিছিল।এই প্ৰতিবাদ স্বাভাৱিকতে এক চিন্তাৰ দ্বাৰা হৈছিল যি হৈছে অসমৰ খিলঞ্জীয়া জনগণৰ নিৰাপত্তা প্ৰশ্ন আৰু মাটি ,সম্পদ তথা ৰাজনৈতিক অধিকাৰৰ । গতিকে শিৱসাগৰৰ জনগণ স্বতস্ফূৰ্ত ভাৱে নামি পৰিছিল প্ৰতিবাদত । আমি অসম ছাত্ৰ যুৱ সন্মিলনেও এই প্ৰতিবাদত অংশ গ্ৰহণ কৰিছিলোঁ অনান্য জাতীয় সংগঠনৰ সৈতে। ইয়াৰ দুদিন পিছতেই গৃহ বিভাগৰ চূড়ান্ত বিফলতা প্ৰকাশ কৰি ধিংত এগৰাকী কিশোৰীক ধৰ্ষণ কৰা হৈছিল। এই ঘটনাৰ তীব্ৰ গৰিহণা দি ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো তীব্ৰ প্ৰতিবাদ হৈছিল। প্ৰতিবাদৰ মাজতেই আমাৰ মাজৰে জাতীয় সংগঠনৰ কোনো নেতৃত্বই ধিং কাণ্ডৰ সমালোচনা কৰিবলৈ গৈ শিৱসাগৰৰ পৰা মিঞা যাব লাগিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। আৰু এই বক্তব্য ৩০ সংগঠনৰ বুলি সৰ্বত্তে প্ৰকাশ পাইছে। ইয়াৰ পিছতেই সকলোকে আচৰিত কৰি শিৱসাগৰকে ধৰি উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা মিঞা খেদা হব বা হৈছে জাতীয় বাতৰি প্ৰকাশ কৰি এক অতি সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰা হল। আমিও যিহেতু খিলঞ্জীয়া ভূমি আৰু সম্পদৰ অধিকাৰ বাবে হোৱা হেই আন্দোলনত ৩০ সংগঠনৰ সৈতে জড়িত আছিলোঁ গতিকে এই কথা আমি অসম ছাত্ৰ যুৱ সন্মিলনে স্পষ্ট কৰি দিছোঁ মিঞা খেদিম ধৰণৰ বক্তব্য আমি দিয়া নাই বা আমাৰ সংগঠনৰ বক্তব্য নহয়।কিন্তু অবৈধ বিদেশী বিতাৰণ আৰু খিলঞ্জীয়াৰ অধিকাৰ ক্ষেত্ৰত কোনো আপোচ নকৰোঁ এই ক্ষেত্ৰত আমি গণতান্ত্ৰিক ভাবে আন্দোলন কৰি যাম। ইয়াৰ মাজতেই আকৌ বহিৰাগত বণিয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশ গ্ৰহণ কৰা নেতাসকলক পুলিচে চমন জাৰি কৰি আন্দোলনৰ পৰা বিৰত থাকিবলৈ কৈছে।
মূলত খিলঞ্জীয়া মাটি আৰু সম্পদৰ অধিকাৰ আন্দোলনক ক্ষোভক অন্য দিশে পৰিচালিত কৰি অসমত খিলঞ্জীয়া বনাম মিঞা, হিন্দু বনাম মুছলমানৰ এক বাগধাৰা সৃষ্টি কৰিবলৈ কিছু প্ৰতিক্ৰিয়াশীল শক্তিয়ে প্ৰচেষ্টা চলাইছে। ইয়াৰ লগতে শাসকীয় দলে সৃষ্টি কৰা এই জুইত ঘিউ ঢালিছে কিছু সাম্প্ৰদায়িক মিঞা নেতাই। তেওঁলোকে জানি বুজি উজনি অসম বৰ্জন কৰা, উজনি অসমলৈ মাছ নপঠিওৱা আদিৰ দৰে অতি চূড়ান্ত বিভেদকামী মন্তব্য দি ফুৰিছে। আমি এনে শক্তিক সংযম ৰক্ষা কৰি পৰিবেশ বিনষ্ট নকৰিবলৈ সকীয়াই দিছো। আজি উজনিৰ বহু মানুহ মিঞা প্ৰধান বিভিন্ন অঞ্চলত কৰ্মৰত হৈ থকাৰ লগতে বহু মিঞা মানুহো উজনিৰ লগতে অসমৰ বিভিন্ন স্থানত কৰ্মৰত হৈ আছে, সেয়েহে এনে বিৰোধ আৰু ইজনে সিজনক খেদাৰ পৰিৱেশ সৃষ্টি কৰিলে আটাইতকৈ বেছি প্ৰভাৱিত হব সাধাৰণ জনগণ।
বিজেপিৰ যোৱা সময়ৰ সাম্প্ৰদায়িক ৰাজনীতিক আটাইতকৈ বেছিকৈ যোৱা সময়ত প্ৰতিহত কৰিছিল উজনি অসমৰ জাতীয় সংগঠন আৰু সাধাৰণ ৰাইজে আৰু সেইবাবেই উজনি দখল অভিযান চলাবৰ বাবেই বিজেপি আৰু ইয়াৰ এজেন্টসমূহে উজনিত এক অতি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব খুজিছে।অসমৰ খিলঞ্জীয়া জনগণৰ অধিকাৰ ৰক্ষা কৰিব নোৱাৰা বিজেপি চৰকাৰে অসম জাতীয় সংগঠনসমূহক বিপথে পৰিচালিত কৰিবৰ বাবে এই খিলঞ্জীয়া বনাম মিঞা বাগধাৰাৰ সৃষ্টি কৰিছে।
আমি অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষা, তেওঁলোকৰ প্ৰাপ্য অধিকাৰ দাবী কৰাৰ লগতে অসমৰ সকলো জন গণৰ নিৰাপত্তা দাবী কৰো।
আমি ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ প্ৰকৃত উন্নতিত গুৰুত্ব দিবলৈ আহ্বান জনাইছো। এটা কথা সকলো পক্ষকেই আমি সোঁৱৰাই দিব খোজো যে ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হবলৈ বিশেষ সময় নালাগে, সেয়েহে সকলো পক্ষই যেন এই মুহূৰ্তত সংযম ৰক্ষা কৰি ৰাজ্যৰ সামূহিক উন্নতিত গুৰুত্ব দিয়ে।
খিলঞ্জীয়া জনগণৰ ক্ষোভ, খং আৰু যুক্তিসংগত দাবিসমূহক বিপথে পৰিচালিত কৰিব খোজা এই ষড়যন্ত্ৰক সময় থাকোতেই নাশ কৰিবলৈ আমি সতীৰ্থ সকলো জাতীয় সংগঠনক এই চেগতে আহ্বান জনাইছো।
জয় আই অসম !!

বৈপ্লৱিক অভিনন্দনসহ --
জিন্টু মেচ, ৰাজ্যিক সভাপতি
মাধুৰ্য্য বৰুৱা, ৰাজ্যিক সাধাৰণ সম্পাদক
অসম ছাত্ৰ যুৱ সন্মিলন

Photos from অসম ছাত্ৰ যুৱ সন্মিলন - Axom chatro Yuva Sanmilan-ACYS's post 22/10/2022

অসম ছাত্ৰ যুৱ সন্মিলনৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্মিলনৰ ৰাজ্যিক সমিতিৰ এখনি সাধাৰণ সভা আজি গুৱাহাটীত অনুষ্ঠিত হয়।
সভাত সংগঠনৰ বিভিন্ন জিলাৰ নেতৃত্ব উপস্থিত থাকি সংগঠনৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰে আৰু অনাগত সময়ত সন্মিলনৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত কৰা তথা সংগঠন শক্তিশালীকৈ গঢ়ি তোলাৰ সম্পৰ্কত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰে।

30/11/2021
Photos from অসম ছাত্ৰ যুৱ সন্মিলন - Axom chatro Yuva Sanmilan-ACYS's post 08/07/2021

ক্ৰুটিপূৰ্ণ মূল্যায়ন পদ্ধতিৰ বিৰুদ্ধে প্ৰতিবাদ।
মূল্যায়নত পোৱা নম্বৰ ভৱিষ্যতৰ চাকৰিৰ বাবে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰক।

20/06/2021

সৈনিক শিল্পী বিষ্ণু ৰাভাদেৱক সশ্ৰদ্ধ সোঁৱৰণ

03/06/2021

বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, গৰিয়সী আলোচনীৰ সম্পাদক লক্ষ্মীনন্দন বৰাৰ মৃত্যুত অসম ছাত্ৰ যুৱ সন্মিলমনে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।

Photos from অসম ছাত্ৰ যুৱ সন্মিলন - Axom chatro Yuva Sanmilan-ACYS's post 28/05/2021

৩.
নাৰীৰ বিৰুদ্ধে বৰ্ধিত অপৰাধৰ বিৰুদ্ধে আমি এটা Campaign আৰম্ভ কৰিছো।
আপুনিও অংশীদাৰ হওক --
সতীৰ্থসকলৰ সঁহাৰিৰ বাবে ধন্যবাদ





Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Website

Address


Temporary Head Office/House No-15, Sagarika Path, Zoo Road Tiniali
Gauhati
781003