10/04/2026
উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী মৰমৰ পৰীক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা যাচিছোঁ।
আগন্তুক দিনত ছাত্ৰ-ছাত্ৰী সকলে নতুন উদ্যম, দৃঢ় লক্ষ্য-উদ্দেশ্য, একাগ্ৰতা তথা মনোবলেৰে পুনৰ প্ৰজ্ঞাৰ সাধনাত ব্ৰতী হৈ নিজৰ লগতে অসমৰ নাম বিশ্বদৰবাৰত উজ্বলাই তুলিব বুলি আশা কৰিলোঁ।
আনহাতে, কৃতকাৰ্যতা অৰ্জন কৰিব নোৱাৰাসকলক গভীৰ অধ্যয়নেৰে পুনৰবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনুৰোধ জনালোঁ।
ধন্যবাদ।।
09/04/2026
গণতন্ত্ৰৰ মহা উৎসৱৰ শুভ কামনাৰে।
অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ প্ৰতিগৰাকী সন্মানীয় প্ৰাৰ্থী আৰু ভোটাৰ ৰাইজলৈ মিচিং স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আঁহক, আমি সকলোৱে
যোগ্য প্ৰাৰ্থীক নিজৰ বহুমূলীয়া ভোট প্ৰদানেৰে গণতন্ত্ৰক শক্তিশালী কৰি সমৃদ্ধিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সহযাত্ৰী হওঁ।
মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়।
মিচিং স্বায়ত্বশাসিত পৰিষদ।
01/04/2026
মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় অধ্যক্ষ সুনীল কুমাৰ পেগু ডাঙৰীয়াৰ পৱিত্ৰ ওপজা দিন উপলক্ষে CEMO MAC ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আগন্তুক দিনত ৰাজ্য তথা জাতিৰ সৰ্বাংগীণ উন্নয়নৰ হকে সেৱা আগবঢ়াই যাবলৈ সত্য-শৃংখলা আৰু আশাৰ প্ৰতীক দঃঞি পঃলই অধিক শক্তি আৰু সু-স্বাস্থ্য প্ৰদান কৰক তাৰে কামনা কৰিলোঁ।
ধন্যবাদ।।
#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।
31/03/2026
দেশৰ যশস্বী মাননীয় প্ৰধানমন্ত্ৰী, অসম হিতৈষী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পুণ্যভূমি অসম তথা গোগামুখলৈ মিচিং স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়ৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ।
#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।
28/03/2026
মিচিং জনগোষ্ঠীৰ অন্যতম জাতীয় সংগঠন “মিচিং মিমাগ কৗবাঙৰ" ৩৩ সংখ্যক প্রতিষ্ঠা দিৱসৰ শুভক্ষণত প্ৰতিগৰাকী নেতা-কৰ্মীলৈ মিচিং স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আগন্তুক দিনত সংগঠনটোৱে মিচিং জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ হকে সেৱা আগবঢ়াই যাওঁক তাৰে কামনা কৰিলোঁ।
ধন্যবাদ।।
#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।
26/03/2026
অসমীয়া ভাষা-সাহিত্যৰ উজ্জ্বল নক্ষত্ৰ তথা অসমৰ জাতীয় সংগীতৰ স্ৰষ্টা, সাহিত্যৰথী-ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ পৱিত্ৰ পুণ্যতিথিত মিচিং স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়ৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
স্বনামধন্য ব্যক্তিগৰাকীয়ে
জীৱনজোৰা প্ৰজ্ঞাৰ নিৰলস সাধনাৰে অসমৰ জাতীয় জীৱনলৈ আগবঢ়াই থৈ যোৱা অমূল্য অৱদানসমূহ যুগ-যুগান্তৰলৈ স্মৰণীয় হৈ থাকিব।
তেওঁৰ আদৰ্শ তথা কৰ্ম আৰু অমূল্য সৃষ্টিৰাজীয়ে নৱ-প্ৰজন্মক প্ৰতিপল অনুপ্ৰেৰণা যোগাব।
#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।
23/03/2026
ভাৰতবৰ্ষৰ স্বাধীনতাৰ হকে নিজৰ প্ৰাণ বলিদান দিয়া বিপ্লৱী সত্তা ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰু দেৱক আজি "শ্বহীদ দিৱস" ত মিচিং স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়ৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ।
মহান বীৰপুৰুষসকলৰ আদৰ্শ তথা ত্যাগ, সাহস, দেশপ্ৰেম আৰু তেওঁলোকৰ জীৱনগাঁথাই নৱ-প্ৰজন্মক যুগ-যুগান্তৰলৈ অনুপ্ৰেৰণা যোগাব।
#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।
21/03/2026
ঈদ মোবাৰক 🌙
সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ মিচিং স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়ৰ তৰফৰ পৰা পৱিত্ৰ 'ঈদ-উল-ফিটৰ'ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
পৱিত্ৰ উৎসৱটিয়ে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ।
#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।
19/03/2026
অসম তথা মিচিং জনগোষ্ঠীৰ চিৰনমস্য ব্যক্তি, বিশিষ্ট সাহিত্যিক, ভাষাতত্ত্ববিদ, সাহিত্যাচাৰ্য, মিচিং আগম কেবাঙ’ৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, 'জীৱনজোৰা সাধনা বঁটা'ৰে সন্মানিত আগম মিগাং ড° নাহেন্দ্ৰ পাদুন ডাঙৰীয়াৰ পৱিত্ৰ ওপজা দিনত মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয় তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে সত্য, শৃংখলা আৰু আশাৰ প্ৰতীক দঞি-পঃলৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ।
স্বনামধন্য ব্যক্তিগৰাকীয়ে জীৱনজোৰা প্ৰজ্ঞাৰ নিৰলস সাধনাৰে অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি আহিছে।
আগন্তুক দিনত অসমৰ উঠি অহা প্ৰতিটো প্ৰজন্মই তেওঁৰ আদৰ্শ তথা কৰ্ম আৰু সৃষ্টিৰাজীৰে প্ৰতিপল অনুপ্ৰাণিত হওঁক তাৰে কামনা কৰিছোঁ।
মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়।
#মিচিং_স্বায়ত্বশাসিত_পৰিষদ।
18/03/2026
আজি ইংৰাজী ১৮/০৩/২০২৬ তাৰিখে গোগামুখ আবুতানি লত্তাত মিচিং মিমাগ কৗবাং কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মিচিং জাতীয় সংগঠনৰ প্ৰাক্তন নেতা-কৰ্মীৰ আনুষ্ঠানিক পুনৰ মিলন কাৰ্য্যসূচী অনুষ্ঠিত কৰে।
অনুষ্ঠানটিত সভাপতিত্ব কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় অধ্যক্ষ তথা MMKৰ সভাপতি সুনীল কুমাৰ পেগু ডাঙৰীয়াই।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্য্যবাহী সদস্য তথা মিচিং বানৌ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জোনাই বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ভূৱন পেগু ডাঙৰীয়া।
উপস্থিত থাকে পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে ডাঙৰীয়া, যজ্ঞেশ্বৰ কুটুম ডাঙৰীয়া, নৰেশ্ব কুম্বাং ডাঙৰীয়া, প্ৰশান্ত কুমাৰ বড়ি ডাঙৰীয়া, সন্মানীয় সাধাৰণ সদস্য ক্ৰমে- মুকুল পেগু ডাঙৰীয়া, দিলীপ পেগু ডাঙৰীয়া, প্ৰতাপ টায়ে ডাঙৰীয়া, ৰাজু পেগু ডাঙৰীয়া, সাধাৰণ সদস্যা নিভা পেগু মিলি ডাঙৰীয়ানী, MAKৰ সন্মানীয় সভাপতি হৰিনাৰায়ণ পেগু ডাঙৰীয়া, MMKৰ সন্মানীয় সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং ডাঙৰীয়া, TMMKৰ সন্মানীয়া সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং ডাঙৰীয়ানী, সন্মানীয়া সম্পাদিকা শৰ্মিলা পায়েং ডাঙৰীয়ানী, সন্মানীয়া জিলা পৰিষদ সদস্যা বন্তি বালা পেগু ডাঙৰীয়ানী, TMPKৰ সন্মানীয় সভাপতি তিলক দলে ডাঙৰীয়া, সন্মানীয় সম্পাদক চান পাংগিং ডাঙৰীয়া, TMPKৰ সন্মানীয় প্ৰাক্তন সাধাৰণ সম্পাদক পদ্মলোচন দলে ডাঙৰীয়া, MMK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, আৰু আঞ্চলিকৰ অন্যান্য বিষয়ববীয়া।
উক্ত অনুষ্ঠানত আদৰণি জনোৱা প্ৰাক্তন নেতা-কৰ্মী তথা বিশিষ্ট ব্যক্তি সকল :-
MMKৰ সন্মানীয় প্ৰতিস্থাপক প্ৰাক্তন সভাপতি চণ্ডিৰাম পেগু ডাঙৰীয়া, TMPKৰ সন্মানীয় প্ৰাক্তন সভাপতি যুক্তানাথ কুম্বাং ডাঙৰীয়া, TMMKৰ সন্মানীয়া প্ৰাক্তন সম্পাদিকা কমলা দলে ডাঙৰীয়ানী, TMPKৰ সন্মানীয় প্ৰাক্তন সভাপতি কাৰমুখ পেগু ডাঙৰীয়া, MMKৰ সন্মানীয় প্ৰাক্তন যুটীয়া সম্পাদক কিছিন পেগু ডাঙৰীয়া, TMPKৰ সন্মানীয় প্ৰাক্তন উপ-সভাপতি সঞ্জয় টায়ুং ডাঙৰীয়া, TMPKৰ সন্মানীয় প্ৰাক্তন উপ-সভাপতি কৃষ্ণকান্ত দলে ডাঙৰীয়া, MMKৰ সন্মানীয় প্ৰাক্তন সদস্য চন্দ্ৰ টায়ে ডাঙৰীয়া, গণেশ পাৱ ডাঙৰীয়া, TMMKৰ সন্মানীয়া সদস্যা যজ্ঞেশ্বৰী পামে পেগু ডাঙৰীয়ানী, TMPKৰ সন্মানীয় প্ৰাক্তন সদস্য বাসুদেৱ পেগু ডাঙৰীয়া, সন্মানীয় প্ৰাক্তন চিলাপথাৰ জিলা সম্পাদক মনোজ পাইট ডাঙৰীয়া, সন্মানীয় প্ৰাক্তন সদস্য জগদীশ্ব পেগু ডাঙৰীয়া, বিৰেন পেগু ডাঙৰীয়া, দিগন্ত পেগু ডাঙৰীয়াৰ লগতে অন্যান্য নেতা-কৰ্মী সকল।
#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।
15/03/2026
আজি ইংৰাজী ১৫/০৩/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২৪ নং ৰঙানদী পৰিষদীয় সমষ্টিত পৰিষদৰ ২০২৬-২৭ বৰ্ষৰ আৱণ্টিত পুঁজিৰে পশ্চিম তেলাহী গাওঁ পঞ্চায়তৰ অন্তৰ্গত নামনি মলুৱাল গাঁৱৰ পৰা বিষ্ণুপুৰ গাঁৱৰ পথলৈ মাটি-শিল-বালিৰে নিৰ্মাণ আৰু আমতলা মলুৱাল ৰঙ্গমঞ্চৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰে পৰিষদৰ মাননীয় কাৰ্য্যবাহী সদস্য অনিল পায়েং ডাঙৰীয়াই।
শুভাৰম্ভণি কাৰ্য্যসূচীত উপস্থিত থাকে গণশক্তি, বিজেপি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।