District Administration, Golaghat

Call Directions Website Contact the organization

District Administration, Golaghat Official page of Golaghat District Administration

আজি গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন বিভাগৰ মাননীয়া মন্ত্ৰী শ্ৰীমত...
01/11/2026

আজি গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন বিভাগৰ মাননীয়া মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগৰ উপস্থিতিত গোলাঘাট জিলাৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক উপহাৰ টোপোলা বিতৰণৰ বিশেষ অনুষ্ঠান সম্পন্ন কৰা হয়।

​অনুষ্ঠানত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত গোলাঘাট জিলাৰ ৯১ গৰাকী সাংবাদিকক অসম চৰকাৰৰ উপহাৰৰ টোপোলা আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ শুভবাৰ্তা পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

সমান্তৰালকৈ এই কাৰ্যসূচীতে পথ সুৰক্ষা অধিক সুদৃঢ় কৰিবলৈ গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা গোলাঘাট আৰক্ষী, আবকাৰী বিভাগ আৰু পৰিবহন বিভাগক ৩৪ টা ব্ৰেথ এনালাইজাৰ আৰু ১৬ টা পাৰ্কিং ক্লাম্প প্ৰদান কৰা হয়।

আজিৰ অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত শ্ৰী বিশ্বজিৎ ফুকন, জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী পূৰ্ণিমা দাস, জিলা প্ৰশাসনৰ বিষয়া - কৰ্মচাৰীসকল আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকল।
Chief Minister Office Assam
DIPR Assam
DIPRO Golaghat

মিছন বসুন্ধৰা ৪.০ৰ সফল ৰূপায়ণৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব শ্ৰী বিদ্যুৎ বিকাশ ভাগৱতীৰ নেতৃত্বত উচ্চপদস...
30/10/2026

মিছন বসুন্ধৰা ৪.০ৰ সফল ৰূপায়ণৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব শ্ৰী বিদ্যুৎ বিকাশ ভাগৱতীৰ নেতৃত্বত উচ্চপদস্থ বিষয়াৰ এটা দলৰ দ্বাৰা গোলাঘাট জিলাত আজি এটি গুৰুত্বপূৰ্ণ কৰ্মশালা তথা প্ৰশিক্ষণ কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত কৰা হয়।

​উক্ত ভ্ৰমণ তথা প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত বিশ্বজিৎ ফুকন, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, মহকুমা ভূমি পৰামৰ্শদাতা সমিতিৰ সদস্যবৃন্দ, পৌৰসভাৰ প্ৰতিনিধিসকল, মৌজাদাৰ, গাওঁবুঢ়া, স্বয়ংসহায়ক গোটৰ মহিলা, কৃষক প্ৰতিনিধি আৰু বিভিন্ন বিভাগৰ বিষয়াসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

আজিৰ এই সভাত গোলাঘাট জিলাৰ অন্তৰ্গত সকলো ৰাজহ চক্ৰৰ ভূমি সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ ক্ষিপ্ৰ সমাধানৰ লক্ষ্যৰে উচ্চস্তৰীয় দলটোক অৱগত কৰা হয় আৰু এই সমস্যাসমূহৰ আশু সমাধানৰ বাবে বিস্তৃত আলোচনাও কৰা হয়।

​মাটিকালি সংক্ৰান্তীয় সেৱাসমূহ অধিক স্বচ্ছ, দ্ৰুত আৰু জনকল্যাণমুখী কৰি তোলাৰ ক্ষেত্ৰত এই প্ৰশিক্ষণে এক বিশেষ ভূমিকা পালন কৰিব। সকলোৰে সহযোগিতা আৰু সদিচ্ছাই মিছন বসুন্ধৰা ৪.০-ৰ জৰিয়তে জনসাধাৰণক সঠিক সেৱা প্ৰদান কৰাৰ লক্ষ্যক বাস্তৱায়িত কৰাত নিশ্চিতভাৱে সহায়ক হ’ব।
Chief Minister Office Assam
DIPR Assam
DIPRO Golaghat

গোলাঘাট জিলাৰ জিলা আয়ুক্ত শ্ৰী বিশ্বজিৎ ফুকনে আজি কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ  পৰিদৰ্শন কৰে। এই পৰিদৰ...
29/10/2026

গোলাঘাট জিলাৰ জিলা আয়ুক্ত শ্ৰী বিশ্বজিৎ ফুকনে আজি কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত তেখেতে চিকিৎসালয়খনৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি পৰীক্ষা কৰাৰ লগতে ৰোগী আৰু চিকিৎসকসকলৰ সৈতে মত বিনিময় কৰে।

এই পৰিদৰ্শনৰ লগতে খণ্ড ভিত্তিক এখনি পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়।
​জিলা আয়ুক্তগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত মহুকুমা স্বাস্থ্য বিষয়া, উপ-অধীক্ষকসকল, খণ্ড চিকিৎসা বিষয়াৰ লগতে কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া - কৰ্মচাৰীসকল উপস্থিত থাকে।
Chief Minister Office Assam
Ashok Singhal
DIPR Assam
DIPRO Golaghat

আজি গোলাঘাট জিলাৰ সহকাৰী জিলা আয়ুক্ত ড° সেউজ দহোতীয়াই দৈয়াং চাহ বাগান মডেল বিদ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত তেওঁ ...
26/10/2026

আজি গোলাঘাট জিলাৰ সহকাৰী জিলা আয়ুক্ত ড° সেউজ দহোতীয়াই দৈয়াং চাহ বাগান মডেল বিদ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত তেওঁ বিদ্যালয়খনৰ শ্ৰেণীকোঠা, খোৱাপানী, অনাময় ব্যৱস্থা আৰু শৈক্ষিক আন্তঃগাঁথনি পৰ্যবেক্ষণ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে শিক্ষা সংক্ৰান্তীয় বিভিন্ন দিশত বাৰ্তালাপ কৰে।
Chief Minister Office Assam
DIPR Assam
DIPRO Golaghat

BE A PART OF BUILDING VIKSIT ASSAM @ 2047The Govt. of Assam has launched "Jonomot Axom 2047" Citizen Portal to shape the...
26/10/2026

BE A PART OF BUILDING VIKSIT ASSAM @ 2047

The Govt. of Assam has launched "Jonomot Axom 2047" Citizen Portal to shape the Vision Document for a prosperous, inclusive & sustainable Assam by 2047.

The Vision is built on 3 Pillars and 15 Themes including Learning, Health, Environment, Culture and more. It aims for growth that reaches every household.

Your voice matters. Share your aspirations, priorities and suggestions for Assam's future.

How to participate?

Visit:
jonomotaxom2047.assam.gov.in or scan the QR code.

Login with OTP and answer the survey questions. It's free, simple and can be done from your smartphone.

Any citizen connected with Assam can participate. Let's together build the roadmap to 2047.

'বিকশিত অসম @ ২০৪৭'ৰ নিৰ্মাণত অংশগ্ৰহণ কৰক
২০৪৭ চনৰ ভিতৰত এখন সমৃদ্ধিশালী, সামগ্ৰিক আৰু সুস্থিত অসম গঢ়ি তোলাৰ মানসেৰে প্ৰস্তুত কৰিবলগীয়া 'Vision Document' ৰ বাবে অসম চৰকাৰে "জনমত অসম ২০৪৭" (Jonomot Axom 2047) ৰাইজৰ মতামত সংগ্ৰহৰ ৱেব-পৰ্টেল মুকলি কৰিছে।

এই ‘ভিজন’ শিক্ষা, স্বাস্থ্য, পৰিৱেশ, সংস্কৃতি আদিকে ধৰি ১৫ টা মুখ্য বিষয়ক সামৰি ৩ টা মূল স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ উদ্দেশ্য হৈছে প্ৰতিটো পৰিয়াললৈকে উন্নয়নৰ সুফল প্ৰসাৰিত কৰা।

অসমৰ ভৱিষ্যৎ গঢ়াত আপোনাৰ মতামত অত্যন্ত মূল্যবান। আহক, অসমৰ ভৱিষ্যতৰ বাবে আপোনাৰ আশা-আকাংক্ষা, অগ্ৰাধিকাৰ আৰু পৰামৰ্শসমূহ মুকলিকৈ শ্বেয়াৰ কৰক।

কেনেকৈ অংশগ্ৰহণ কৰিব?
ৱেবছাইট ভ্ৰমণ কৰক: jonomotaxom2047.assam.gov.in লৈ যাওক অথবা QR ক’ডটো স্কেন কৰক।

লগ-ইন কৰক: আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে OTP-ৰ সহায়ত অতি সহজে আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ লগ-ইন কৰি সমীক্ষাৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়ক।

অসমৰ সৈতে জড়িত প্ৰতিজন নাগৰিকেই এই যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰিব। আহক, সকলোৱে একেলগ হৈ ২০৪৭ ৰ দিশত অসমৰ এক সৱল ৰূপৰেখা প্ৰস্তুত কৰোঁ।

পদুম পথাৰ এগ্ৰ' অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড'লৈ ৰাজ্যৰ অন্যতম শ্ৰেষ্ঠ অসামৰিক সন্মান 'অসম গৌৰৱ ২০২৬' ঘোষণা কৰা উপ...
24/10/2026

পদুম পথাৰ এগ্ৰ' অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড'লৈ ৰাজ্যৰ অন্যতম শ্ৰেষ্ঠ অসামৰিক সন্মান 'অসম গৌৰৱ ২০২৬' ঘোষণা কৰা উপলক্ষে ​গোলাঘাট জিলা প্ৰশাসনৰ হৈ জিলা উন্নয়ন আয়ুক্ত গুৰ্নেল সিংহ আৰু সীমান্ত দণ্ডাধীশ ড° সেউজ দহোতীয়ায়ে পদুম পথাৰ এগ্ৰ' অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড'ৰ এই বিশেষ সাফল্যৰ বাবে তেওঁলোকক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

​১৫০০ হেক্টৰ কৃষিভূমিত ১৫০০ গৰাকী কৃষকৰ সহযোগত জৈৱিক কৃষিৰে বছৰি প্ৰায় ৩৫০ মেট্ৰিক টন আদা আৰু ১৫০০ মেট্ৰিক টন হালধি উৎপাদন কৰি প্ৰতিষ্ঠানটোৱে কৃষিখণ্ডত এক বিপ্লৱৰ সৃষ্টি কৰিছে। ​জৈৱিক কৃষিৰ বিকাশ আৰু কৃষকসকলক আৰ্থিকভাৱে স্বাবলম্বী কৰি তোলাৰ দিশত তেওঁলোকৰ অক্লান্ত পৰিশ্ৰম সমগ্ৰ গোলাঘাট জিলা তথা অসমৰ বাবে প্ৰেৰণাৰ উৎস।
Chief Minister Office Assam
DIPR Assam
DIPRO Golaghat

বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙিস্থিত শংকৰ বিলৰ ওপৰৰ ১ নং দলংখনৰ স্থায়...
23/10/2026

বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙিস্থিত শংকৰ বিলৰ ওপৰৰ ১ নং দলংখনৰ স্থায়ী পুনৰ্নিৰ্মাণৰ চলি থকা কাম-কাজৰ পৰিদৰ্শন কৰে গোলাঘাট জিলা জিলা আয়ুক্ত শ্ৰী বিশ্বজিৎ ফুকনে।

পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে নিৰ্মাণকাৰ্যৰ অগ্রগতিৰ বুজ লোৱাৰ লগতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত গুণগত মান বজাই ৰাখি কামসমূহ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে।
Chief Minister Office Assam
DIPR Assam
DIPRO Golaghat

ব্ৰহ্মপুত্ৰৰ তলৰে উত্তৰ পাৰৰ গহপুৰৰ আৰু দক্ষিণ পাৰৰ নুমলীগড় সংযোগী প্রস্তাবিত দেশৰ অন্যতম অত্যাধুনিক 'Underwater Road c...
23/10/2026

ব্ৰহ্মপুত্ৰৰ তলৰে উত্তৰ পাৰৰ গহপুৰৰ আৰু দক্ষিণ পাৰৰ নুমলীগড় সংযোগী প্রস্তাবিত দেশৰ অন্যতম অত্যাধুনিক 'Underwater Road cm Rail Tunnel'ৰ প্ৰস্তাৱিত নিৰ্মাণস্থলীৰ বুজ লয় জিলা আয়ুক্ত বিশ্বজিৎ ফুকনে। পৰিদৰ্শনৰ সময়ত ৰাজহ চক্ৰ বিষয়া আৰু NHIDCLৰ বিষয়াসকল উপস্থিত থাকে আৰু আয়ুক্তগৰাকীৰ সৈতে প্ৰস্তুতিপৰ্ব, প্ৰাক-নিৰ্মাণ পৰ্যালোচনা আৰু আনুসংগিক কাৰিকৰী দিশসমূহৰ বিস্তৃত আলোচনা কৰে।
Chief Minister Office Assam
DIPR Assam
DIPRO Golaghat

নিৰ্দেশনামাআগন্তুক ২১ অক্টোবৰ, ২০২৬ তাৰিখে পবিত্ৰ বিজয়া দশমীৰ দিনটোত জনসাধাৰণৰ মাজত শান্তি আৰু আইন-শৃংখলা বৰ্তাই ৰখাৰ উ...
19/10/2026

নিৰ্দেশনামা

আগন্তুক ২১ অক্টোবৰ, ২০২৬ তাৰিখে পবিত্ৰ বিজয়া দশমীৰ দিনটোত জনসাধাৰণৰ মাজত শান্তি আৰু আইন-শৃংখলা বৰ্তাই ৰখাৰ উদ্দেশ্যে, সংশোধিত অসম আৱকাৰী আইন, ২০০০ ৰ ৫২(১) ধাৰা অনুসৰি গোলাঘাট জিলাৰ অন্তৰ্গত সকলো বিলাতী সুৰা (IMFL)/দেশী সুৰাৰ পাইকাৰী গুদাম (Wholesale Warehouses/Bottling Plant) আৰু দেশী/বিলাতী সুৰাৰ খুচুৰা 'অফ' (OFF) / 'অন' (ON) দোকান, ক্লাব আদি সেই দিনটোত বন্ধ ৰাখিবলৈ গোলাঘাট জিলা দণ্ডাধীশে এক নিৰ্দেশনা জাৰি কৰিছে I

অসম আৱকাৰী আইন আৰু অসম আৱকাৰী নিয়মৰ প্ৰাসঙ্গিক বিধান উলংঘা কৰি এই নিৰ্দেশ অমান্য কৰাৰ যিকোনো অনুজ্ঞাপ্ৰাপ্ত ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
Chief Minister Office Assam
DIPR Assam
DIPRO Golaghat

উৎসৱৰ এই আনন্দময় ক্ষণত প্ৰতিজন নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ গোলাঘাট জিলা প্ৰশাসন, আৰক্ষী আৰু আবকাৰী বিভাগৰ দ্বাৰা জ...
19/10/2026

উৎসৱৰ এই আনন্দময় ক্ষণত প্ৰতিজন নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ গোলাঘাট জিলা প্ৰশাসন, আৰক্ষী আৰু আবকাৰী বিভাগৰ দ্বাৰা জিলাখনৰ বিভিন্ন প্ৰান্তত ব্যাপক নাকা চেকিং আৰু সুৰাপান বিৰোধী অভিযান চলোৱা হয়।

​সেয়েহে সুৰাপান কৰি বাহন চলোৱাৰ পৰা সম্পূৰ্ণ বিৰত থাকক, দুপহীয়া বাহন চলাওঁতে চালক আৰু আৰোহী উভয়েই হেলমেট পৰিধান কৰক আৰু যান-বাহন আইন তথা গতিসীমা কঠোৰভাৱে মানি চলক।

​আহক, আমি সকলোৱে দায়িত্বশীল সচেতন নাগৰিক হিচাপে আইন মানি চলোঁ আৰু এই দুৰ্গাপূজা সকলোৰে বাবে নিৰাপদ তথা আনন্দদায়ক কৰি তোলোঁ।
CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Golaghat

Address

Office Of The District Commissioner, Court Road
Golaghat
785621

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+913774280222

Alerts

Be the first to know and let us send you an email when District Administration, Golaghat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Administration, Golaghat:

Shortcuts

Share