Morangi News Digital

Call Directions Website Contact the organization

Morangi News Digital Morangi News is a news website. It serve the area of Morangi of Golaghat District, Assam.

08/10/2026
08/10/2026

মৰঙি উন্নয়ন খণ্ডত সেৱা সংকল্প অভিযান
মৰঙি উন্নয়ন খণ্ডত অনুষ্ঠিত হৈছে ‘সেৱা সংকল্প অভিযান’। এই অভিযানৰ জৰিয়তে চৰকাৰী আঁচনিৰ সুবিধা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লগতে বিভিন্ন জনকল্যাণমূলক সেৱা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অভিযানৰ জৰিয়তে ৰাইজক চৰকাৰী আঁচনিৰ বিষয়ে সজাগ কৰাৰ লগতে বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

07/10/2026

খুমটাইত বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত সেৱাজ্যোতি কলহ যাত্ৰাৰ কাৰ্যসূচী*
প্ৰায় দহ সহস্ৰাধিক কাৰ্যকৰ্তাৰ অংশগ্ৰহণ
খুমটাইত মৃণাল শইকীয়াৰ উদ্যোগত সেৱা জ্যোতি কলহ যাত্ৰা। যোগীবাৰীৰ পৰা শতাধিক সমৰ্থকৰ সৈতে বাইকেৰে ৰেলী কৰি খুমটাইলৈ আহিল বিধায়ক মৃণাল শইকীয়া৷ খুমটাইত বীৰশ্বহীদ কেপ্তেইন জিন্টু গগৈ সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰিলে কলহ যাত্ৰা। খুমটাই সমষ্টিৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰিলে কলহ যাত্ৰাত৷ গোলাঘাটৰ সদৰত অনুষ্ঠিত কলহ যাত্ৰাত অংশগ্ৰহণ নকৰি খুমটাইত পৃথকে আয়োজন কৰিলে মৃণাল শইকীয়াই৷বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ বাবেই খুমটাইত কলহ যাত্ৰা কৰাৰ কথা জনালে মৃণাল শইকীয়াই

07/10/2026

নুমলীগড়ৰ বৃদ্ধি হাতী-মানুহৰ সংঘাত
কেঁচা ধাননিৰ মাজত বন্যহস্তীৰ প্ৰৱেশ, অনিষ্ট কৃষকৰ কৃষি ভুমি মৰঙি মৌজাৰ
মিৰি পথাৰ ধলা গুৰিত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। আহিন মাহত কেঁচা ধান থকা পথাৰত প্ৰৱেশ কৰিছে বন্যহস্তীয়ে।
বন্যহস্তীয়ে পথাৰত প্ৰৱেশ কৰি ধানগছ গচকি পেলোৱাৰ লগতে ৰোৱা মাটিৰ বিস্তৰ ক্ষতিসাধন কৰিছে স্থানীয় ৰাইজৰ অভিযোগ—হাতী পথাৰত প্ৰৱেশ কৰাৰ খবৰ বকিয়াল বন বিভাগক ফোনযোগে জনোৱাৰ পাছতো বহু সময়ত সময়মতে বন বিভাগৰ লোক উপস্থিত হোৱা নাই।
হাতীৰ উপদ্ৰৱৰ ফলত অঞ্চলটোৰ কৃষকৰ মাজত সৃষ্টি হৈছে উদ্বেগ। বন্যহস্তীক নিয়ন্ত্ৰণ কৰাৰ লগতে কৃষকৰ ৰোৱা ধাননি সুৰক্ষাৰ বাবে বন বিভাগে সময়মতে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

অজন্তা নেওগ উপস্থিত থকা কোনো সভাতে ভাগ নলয় বিধায়ক মৃণাল শইকীয়াখুমটাই বিজেপিও উপস্থিত নথকাৰ হংকাৰজিলা সভাপতিলৈ পত্ৰ লি...
05/10/2026

অজন্তা নেওগ উপস্থিত থকা কোনো সভাতে ভাগ নলয় বিধায়ক মৃণাল শইকীয়া
খুমটাই বিজেপিও উপস্থিত নথকাৰ হংকাৰ
জিলা সভাপতিলৈ পত্ৰ লিখি ক্ষোভ উজাৰিলে খুমটাই বিজেপিয়ে
২ অক্টোবৰত হ'ব লগা এখন বৈঠকত পাছতে সংঘাত মন্ত্ৰী-বিধায়কৰ
ৰাজ্যিক সভাপতিলেও পত্ৰ প্ৰেৰণ খুমটাই সমষ্টি বিজেপিৰ

03/10/2026

#লেটেকু বস্তি আদিবাসী যুৱ মঞ্চৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক কৰম পূজাত বগীজানৰ কণ্ঠ শিল্পী ওম লহাৰৰ গীতৰ শৰাই।

02/10/2026

নুমলীগড়ত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে সজাগতা সভা

02/10/2026

গান্ধী জয়ন্তী উপলক্ষে "দৈগ্ৰোঙত" তীব্ৰ চাফাই অভিযান, হাতে হাতে ঝাৰু, বেলচা, কোৰ আদি লৈ ওলাই আহিল এদল মহিলা আৰু যুৱক-যুৱতী।

আজি ২ অক্টোবৰ, পৱিত্ৰ গান্ধী জয়ন্তী। সমগ্ৰ দেশজুৰি "স্বচ্ছতা হি সেৱা" অভিযান চলি থকাৰ মাজতে দৈগ্রোং অঞ্চলত দেখা গ'ল এই দৃশ্য। লেতেৰা আৱৰ্জনাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি পথলৈ ওলাই আহিল অঞ্চলটোৰ এদল সচেতন মহিলা আৰু যুৱক-যুৱতী। হাতে হাতে ঝাৰু, বেলচা, কোৰ লৈ তেওঁলোকে তীব্ৰ অভিযান গঢ়ি তোলে। বিভিন্ন ৰাজহুৱা স্থান, বজাৰ এলেকা আৰু পথৰ দাঁতিত জমা হৈ থকা প্লাষ্টিক তথা আৱৰ্জনাসমূহ নিজে চাফা কৰে। কেৱল চাফা কৰাই নহয়, ভৱিষ্যতে যাতে কোনেও যতে ততে জাবৰ পেলাই পৰিৱেশ বিনষ্ট নকৰে তাৰবাবেও তেওঁলোকে স্থানীয় ব্যৱসায়ী আৰু পথচাৰীসকলক সজাগ কৰে।

Address

AH-1
Golaghat
785621

Alerts

Be the first to know and let us send you an email when Morangi News Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Morangi News Digital:

Shortcuts

Share