05/10/2026
ভাৰতীয় সেনাৰ গোপন তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰাৰ অভিযোগত অৱসৰপ্ৰাপ্ত সেনাকৰ্মীসহ দুজনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰি সত্যতা উদঘাটন আৰু দোষী প্ৰমাণিত হ’লে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। দেশৰ সুৰক্ষা আৰু স্বাৰ্থৰ সৈতে জড়িত বিষয়ত কোনো ধৰণৰ আপোচ গ্ৰহণযোগ্য নহয়।