Badla Tiapara Diamond Club

Badla Tiapara Diamond Club

Share

Social services

18/12/2025
15/11/2025

সমূহ ক্ৰিয়া প্ৰেমী ৰাইজ অইন অইন বছৰৰ দৰে এই বেলিও আমি ভলীবল খেল প্ৰতিযোগিতা আয়োজন কৰিবলৈ মানস কৰিছো। সেয়ে আপোনালোকৰ মতামত জনাওক খেলখন কোন দলৰ পাতিম;
A দলৰ
B দলৰ
C দলৰ

20/10/2025

20/10/2025

Celebrating my 3rd year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

20/09/2025

আপুনি আমাৰ মাজত চিৰ যুগমীয়া ❤️

20/09/2025

কোনেও নাজানে...
মই কেনে আছো..?
যিদিনা মৰিম,
খবৰ কৰা মানুহৰে ছাগে
ভৰি পৰিব মোৰ ঘৰ
মোৰ চোতাল।
কিন্তু সিদিনা মই নাথাকিম
কাকো এষাৰ মাত লগাবলৈ।
কোনেও বেয়া নাপাব...।
We love Zubeen Garg

15/08/2025

Happy Independence Day 🇮🇳

Photos from Badla Tiapara Diamond Club's post 31/07/2025

অসম ৰাজ্যৰ নগৰবেৰা ৰাজহ চক্ৰৰ বদলা পথাৰ এখন ইতিহাস প্ৰসিদ্ধ বৃহত্তৰ অঞ্চল। বৰ্তমান এই অঞ্চলত বসবাস কৰা জনসাধাৰণৰ পুৰ্ব পুৰুষ-পিতা,ককা,আজো ককা সকলে বিংশ শতিকাৰ প্ৰাৰম্ভৰ সময়ৰ পৰাই ডাঠ হাবি-জঙ্গল কাটি চাফা কৰি ঘৰ-বাৰী আৰু খেতি-বাতিৰ উপযোগী কৰিছিল। এই অঞ্চলৰ বিভিন্ন চুবাত বিভিন্ন পৰ্য্যায়ৰ সৰু বৰ শিক্ষানুষ্ঠানৰ জন্ম হৈ আহিছে। ইয়াৰ ভিতৰত অন্যতম এখন চুবা হৈছে বদলা পথাৰ টিয়া পাৰা। কবলৈ গলে নগৰবেৰা ৰাজহ চক্ৰৰ এলেকাধীন আটাইতকৈ দ অৱহেলিত নামনি অঞ্চল। এই চুবাতেই তেতিয়াৰ সচেতন নিৰক্ষৰ লোক সকলে ইং 1959 চনতেই এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল। বিদ্যালয় খনৰ নাম হল বদলা পথাৰ টিয়া পাৰা প্ৰাথমিক বিদ্যালয়। পুৰুষে পুৰুষে এই বিদ্যালয়খনতে জীৱনৰ আদিপাঠ আৰম্ভ কৰি ডাক্তৰ, অধ্যক্ষ, অধ্যাপক, অধিবক্তা,বিভিন্ন পৰ্য্যায়ৰ শিক্ষক, পুলিচ বিষয়া আদিৰ সৃষ্টি হৈ অসম চৰকাৰৰ বিভিন্ন বিভাগত সেৱা আগবঢ়াই আহিছে। ইয়াৰ ওপৰিও বহুতো স্নাতক-স্নাতকোত্তৰ সকলে কিছুমান বেচৰকাৰী প্ৰতিষ্ঠানত সেৱা আগবঢ়াই অসমৰ বৌদ্ধিক বিকাশত অৰিহণা আগবঢ়াই আহিছে।
এনেহেন পিছ পৰা অৱহেলিত অঞ্চলৰ বাট-পথ আছে যদিও খালী ভৰিৰে বুলি নিলগৰ পকী ৰাস্তাত যাব নোৱাৰে। একৈশ শতিকাৰ তৃতীয় দশকলৈকে মানুহে জল-স্থল-বায়ু পথেৰে যাত্ৰা কৰি পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে পলকতে ঘূৰি আহিব পৰা হৈছে। এনে পৰিস্থিতিত এই অঞ্চলৰ ৰাইজে বাহিৰৰ জগতখনৰ পোহৰৰ পৰা বঞ্চিত হৈ আছে। অসম চৰকাৰৰ বিভাগীয় বিভিন্ন পৰ্য্যায়ৰ প্ৰশাসনিক গোষ্ঠীক তলত উল্লেখ কৰা কাৰণবোৰ সমাধান কৰি বহিৰ্জগতৰ পোহৰ পোৱাৰ আবেদন জনালোঁ।
সমাধান কৰিব লগা কাৰণবোৰ...
1.বদলা পথাৰ টিয়া পাৰা অঞ্চলৰ কেচাঁ আলিবাট সমূহৰ দ্ৰুত উন্নয়ন।
2.বদলা বজাৰৰ পৰা গাৱতলা হৈ বদলা টিয়া পাৰা সংযোগী কাটাখাল নদীৰ ওপৰত পকী দলং নিৰ্মাণ।
3.হেকেৰাৰ পৰা মন্দিৰা হৈ বদলা টিয়া পাৰা-জলজলী খোলা ৰিজাৰ্ভ সংযোগী জলজলী নদীৰ ওপৰত পকী দলং নিৰ্মাণ।
4.ডেকাচাঙৰ পৰা বদলা টিয়া পাৰালৈ পকী আলিবাটৰ সৰবৰাহ কৰা।
এই অঞ্চল বাসী ৰাইজৰ বিনম্ৰ গোহাৰি যে পৰ্য্যায় ক্ৰমে সমস্যা সমূহ সমাধান কৰি অঞ্চলখনক অন্ধকাৰৰ পৰা উদ্ধাৰ কৰি বহিৰ্জগতৰ পোহৰ পোৱাৰ সুযোগ কৰি দিয়ে যেন। ধন্যবাদ। জয় হিন্দ। জয় আই অসম।।


Abdul Mozid Momin
বদলা পথাৰ টিয়াপাৰা

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Badla Pathar (Tiapara)
Guwahati
781127