31/01/2026
টাই-আহোম জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ মে-ডাম-মে-ফি উপলক্ষে পুলিন পুথাও অৰ্থাৎ উপৰিপুৰুষ সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্মৰণ কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনটোত টাই-আহোম জনগোষ্ঠীৰ লোকসকলৰ লগতে সমূহ অসমবাসীলৈ মই হিয়াভৰা শুভকামনা জনাইছোঁ।
এই দিনটোত আমাৰ পূৰ্বজসকলৰ ত্যাগ, সাহস আৰু আদৰ্শক কৃতজ্ঞতাৰে স্মৰণ কৰি তেওঁলোকৰ আশীৰ্বাদ কামনা কৰিলোঁ।
পূৰ্বপুৰুষৰ আদৰ্শ, সেৱা, ঐক্য আৰু সংস্কৃতিৰ প্ৰতি সন্মান বজাই ৰাখি আগবাঢ়ি যোৱাৰ শিক্ষা দিয়া এই পবিত্ৰ উৎসৱে সকলোলৈ শান্তি, সমৃদ্ধি আৰু ঐক্য কঢ়িয়াই আনক।
31/01/2026
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম জয়ন্তীত অসমৰ এই মহান সাংস্কৃতিক কাণ্ডাৰীগৰাকীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
এগৰাকী বিপ্লৱী শিল্পী, কবি, সাহিত্যিক, সংগীতজ্ঞ, নৃত্যশিল্পী আৰু স্বাধীনতা সংগ্ৰামী হিচাপে বিষ্ণু ৰাভাই নিজৰ সমগ্ৰ জীৱন সামাজিক ন্যায়, সমতা আৰু নিপীড়িত জনগোষ্ঠীৰ মুক্তিৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁৰ সৃষ্টিসমূহ কেৱল কলাৰ অভিব্যক্তি নহয়, সমাজৰ বিবেক জাগ্ৰত কৰা শক্তিশালী অস্ত্ৰ আছিল, যিয়ে প্ৰজন্মৰ পাছত প্ৰজন্মক এখন ন্যায়সংগত আৰু প্ৰগতিশীল অসমৰ সপোন দেখুৱাই গৈছে।
এই দিনটোত আমি তেওঁৰ অদম্য সাহস, নিৰ্ভীক কণ্ঠ আৰু জনতাৰ সংস্কৃতিৰ প্ৰতি থকা অটল প্ৰতিশ্ৰুতিলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সজাগ বিবেকৰে সৃষ্টিশীলতা আৰু কৰুণাৰে সাহস দেখুওৱাৰ পথত তেওঁৰ আদৰ্শ সদায় আমাৰ প্ৰেৰণা হৈ থাকিব।
30/01/2026
ধাক ঢোল বজোৱা মামাৰ অসমৰ বৰ্তমান অৱস্থা
30/01/2026
হু ইজ হিমন্ত বিশ্ব? মৰাণত উত্তৰ দিলে সভাপতি গৌৰৱ গগৈয়ে I
30/01/2026
এডভাণ্টেজ আছামত 'এচেল ইনফ্ৰা'ই দিয়া প্ৰতিশ্ৰুতিৰ আজি চিন-চাব নাই। চৰকাৰৰ ফাইলত ধূলি পৰিল, কিন্তু অসমৰ জনতাই ফুটাকড়িও নাপালে!
30/01/2026
৩০,৪২৯ কোটিৰ প্ৰতিশ্ৰুতি বনাম ১৬২১ কোটিৰ বাস্তৱ— ১% তকৈও কম উন্নয়ন! এডভাণ্টেজ আছাম ১.০ আছিল কেৱল এটা নিৰ্বাচনী চমক। চৰকাৰৰ এই 'বিনিয়োগ ফ্লপ শ্ব’'ৰ উত্তৰ কোনে দিব?
30/01/2026
এডভাণ্টেজ আছামত জিঅ’ই ২,৫০০ কোটি টকাৰ বিনিয়োগ আৰু ৮০,০০০ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বাস্তৱত? মাত্ৰ ২৫০ কোটিৰ কেম্পা কোলা প্লাণ্ট আৰু ১,৩০০ চাকৰিহে লাভ কৰিলে অসমে।
30/01/2026
সফলতাৰ আকাশ চুবলৈ সপোন দেখা প্ৰতিগৰাকী যুৱক-যুৱতীৰ লগত আমি আছোঁ, থাকিম…