ST Morcha Bharatiya Janata Party East Guwahati Mandal

ST Morcha Bharatiya Janata Party East Guwahati Mandal

Share

Development for ST community

15/04/2023

আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোলৈ অসমীয়া নৱবৰ্ষ আৰু আমাৰ স্বাভিমান,হিয়াৰ আমঠু, হেপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাৰ লগতে হিয়াভৰা ওলগ জ্ঞাপন কৰিলো ।অসমীয়া নৱবৰ্ষই সকলোৰে জীৱনৰ পৰা অপাই,অমংগল দূৰ কৰি সুখ,শান্তি,সমৃদ্ধি,প্ৰগতিৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলাৰ মানসেৰে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।

Photos from ST Morcha Bharatiya Janata Party East Guwahati Mandal's post 15/02/2023

আজি ইং ১৫।০২।২০২৩ তাৰিখ বুধবাৰে গুৱাহাটী উজানবজাৰ স্থিত পদ্ম ভৱনত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি পূৱ গুৱাহাটী মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰো । সভাত উপস্থিত সকলোৱে সভাখন সাফল্যমণ্ডিত ভাৱে অনুষ্ঠিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

পূৱ গুৱাহাটী মণ্ডল জিন্দাৱাদ
সিদ্ধাৰ্থ ভট্টাচাৰ্য্য জিন্দাৱাদ
বি.জে.পি. জিন্দাৱাদ ।।।

Photos from ST Morcha Bharatiya Janata Party East Guwahati Mandal's post 18/12/2022

যোৱা কালি ১৭।১২।২০২২ তাৰিখ শনিবাৰে লতাশিল খেলপথাৰত অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীয়ে পাকিস্তানৰ বৈদেশীক মন্ত্ৰী বিলাৱল ভুট্ট জৰ্দাৰীয়ে ভাৰতবৰ্ষৰ স্বনামধন্য প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস মোদী ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰকাশ কৰা অপমান সূচক মন্তব্যৰ প্ৰতি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সন্ত্ৰাসবাদক ইন্ধন যোগোৱা দেশ পাকিস্তানৰ বৈদেশীক মন্ত্ৰীৰ পুত্তলিকা দাহ কৰা হয় ।

Photos from ST Morcha Bharatiya Janata Party East Guwahati Mandal's post 18/12/2022

যোৱা ইং ১৭।১২।২০২২ তাৰিখ শনিবাৰে গুৱাহাটী লাচিত ঘাটত প্ৰজ্ঞাৰ উদ্যোগত আৰু অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগ,সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু অসম পৰ্যটন বিভাগৰ সহযোগত মহাবীৰ লাচিত বৰফুকন দেৱৰ ৪০০ তম্‌ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা ''বুৰঞ্জী লিখা তঁৰোৱাল'' অনুষ্ঠানত অংশগ্ৰহণ কৰো ।

Photos from ST Morcha Bharatiya Janata Party East Guwahati Mandal's post 04/12/2022

যোৱা ইং ০৩।১২।২০২২ তাৰিখ শনিবাৰে ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলাৰ নিৰ্দেশ মৰ্মে মহাবীৰ লাচিত বৰফুকন দেৱৰ ৪০০ তম্‌ আৰু লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পটেল দেৱৰ ১৪০ তম্‌ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি পূৱ গুৱাহাটী আৰু মধ্য গুৱাহাটী মণ্ডলৰ যুটীয়া উদ্যোগত উজান বজাৰ স্থিত ''পদ্ম ভৱনত'' বক্তৃতা আৰু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জঁনোৱা এক ভব্য অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
উক্ত অনুষ্ঠানত পূৱ গুৱাহাটী সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য দেৱ,গুৱাহাটী মহানগৰ জিলাৰ মাননীয় সভাপতি শ্ৰীযুত তপন চন্দ্ৰ দাস ডাঙৰীয়া, পূৱ গুৱাহাটী মণ্ডলৰ মাননীয় সভাপতি শ্ৰীযুত অনুপ বৰ্মন ডাঙৰীয়া, মধ্য গুৱাহাটী মণ্ডলৰ মাননীয় সভাপতি শ্ৰীযুত অসীম হাজৰিকা ডাঙৰীয়া, গুৱাহাটী পৌৰনিগমৰ সন্মানীয় পাৰিসদ সকল ,বিশিষ্ট ব্যক্তি সকল,মণ্ডলৰ বিষয়বৱীয়া সকল,মৰ্চাৰ সভাপতি/সভানেত্ৰী সকল,শক্তিকেন্দ্ৰ প্ৰমুখ সকল,বুথ সভাপতি/সভানেত্ৰী সকল,দলৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ শুভাকাংশী সকলে অংশগ্ৰহণ কৰে ।
অনুষ্ঠানত উপষ্ঠিত সকলোৱে অনুষ্ঠানটো সাফল্যমণ্ডিত ভাৱে অনুষ্ঠিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

Photos from ST Morcha Bharatiya Janata Party East Guwahati Mandal's post 04/12/2022

যোৱা ইং ৩।১২।২০২২ তাৰিখ শনিবাৰে ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা,যুৱ আৰু সংখ্যালঘু মৰ্চাৰ যুটীয়া উদ্যোগত মহাবীৰ লাচিত বৰফুকন দেৱৰ ৪০০ তম্‌ আৰু লৌহ মানৱ চৰদাৰ বল্লভভাই পটেল দেৱৰ ১৪০ তম্‌ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ৰাতিপুৱা ৫.০০ বজাত অনুষ্ঠিত হোৱা সোনাৰাম হাই স্কুল খেল পথাৰৰ পৰা নেহেৰু ষ্টেডিয়ামলৈ প্ৰায় ৬ কিলোমিটাৰ দূৰত্বৰ মাৰাথান দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰো ।

Photos from ST Morcha Bharatiya Janata Party East Guwahati Mandal's post 24/11/2022

আজি ইং ২৪।১১।২০২২ তাৰিখ বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টী পূৱ গুৱাহাটী মণ্ডলৰ উদ্যোগত আৰ.জি.বৰুৱা. ৰ'ড স্থিত শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা স্কুলীয়া শিক্ষাৰ্থীসকলৰ মাজত মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ ওপৰত ৰচনা প্ৰতিযোগিতাৰ পৰা আৰাম্ভ কৰি মহাবীৰ লাচিত বৰফুকনৰ ৪০০ তম্‌ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি উদ্‌যাপিত হোৱা লাচিত দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰো । উক্ত অনুষ্ঠানত পূৱ গুৱাহাটী সমষ্টিৰ মাননীয় বিধায়ক মহোদয়,
ভাৰতীয় জনতা পাৰ্টী পূৱ গুৱাহাটী মণ্ডলৰ সন্মানীয় সভাপতি ডাঙৰীয়া,অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টী ৰাজ্যিক কাৰ্যনিৰ্বাহক ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ জিলাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া,শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰমুখ আচাৰ্য্য ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টী পূৱ গুৱাহাটী মণ্ডলৰ সন্মানীয় বিষয়বৱীয়া সকল,ভাৰতীয় জনতা পাৰ্টী পূৱ গুৱাহাটী মণ্ডলৰ বিভিন্ন মৰ্চাৰ সভাপতি/সভানেত্ৰী তথা কাৰ্যকৰ্তা সকল,শক্তিকেন্দ্ৰ প্ৰমুখ,বুথৰ সভাপতি/সভানেত্ৰীৰ লগতে কাৰ্যকৰ্তা সকল,গুৱাহাটী পৌৰনিগমৰ সন্মানীয় পাৰিষদ সকল,শংকৰদেৱ বিদ্যা নিকেতনৰ সন্মানীয় শিক্ষাগুৰু সকল,বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা মৰমৰ শিক্ষাৰ্থী সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংশী সকলে অংশগ্ৰহণ কৰে ।
সভাত উপস্থিত সকলোৱে সভাখন সাফল্যমণ্ডিত ভাৱে অনুষ্ঠিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

Photos from ST Morcha Bharatiya Janata Party East Guwahati Mandal's post 15/11/2022

আজি ইং ১৫।১১।২০২২ তাৰিখ মঙ্গলবাৰে গুৱাহাটী মহানগৰ বশিষ্ঠ চাৰিআলি স্থিত অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয় ''অটল বিহাৰী বাজপেয়ী'' ভৱনৰ প্ৰেক্ষাগৃহত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টী অনুসূচিত জনজাতি মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা ''ৰাষ্ট্ৰীয় জনজাতি গৌৰৱ দিৱস'' অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টী পূৱ-গুৱাহাটী মণ্ডল অনুসূচিত জনজাতি মৰ্চাৰ তৰফৰ পৰা অংশগ্ৰহণ কৰো । উক্ত অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া,অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় সভাপতি ডাঙৰীয়া,ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি ডাঙৰীয়া,ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি মৰ্চাৰ উত্তৰ-পূৱৰ প্ৰভাৰী ডাঙৰীয়া,মাননীয় সাংসদ ডাঙৰীয়া,অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰীদ্বয় ডাঙৰীয়া,ৰাজ্যিক আৰু জিলাৰ সন্মানীয় বিষয় বৱীয়াসকল,দেওৰী শ্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত পাৰিষদ সকল,বিভিন্ন মণ্ডলৰ অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি আৰু কাৰ্যকৰ্তা সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংশী সকলে অংশগ্ৰহণ কৰে ।

সঁচা অৰ্থত আজিৰ দিনতো সমগ্ৰ ভাৰতবৰ্ষত বস-বাস কৰা অনুসূচিত জনজাতীয় লোকসকলৰ কাৰণে অতিকৈ গৌৰৱোজ্বল দিন । ভাৰতবৰ্ষৰ স্বনামধন্য প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস মোডী ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে ভাৰতবৰ্ষৰ অনুসূচিত জনজাতীয় লোকসকলক বিশেষ মৰ্য্যদা প্ৰদান কৰাৰ উপৰিও আজিৰ দিনতো ৰাষ্ট্ৰীয় জনজাতি গৌৰৱ দিৱস হিচাপে স্বীকৃতি দিয়াৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৌটি কৌটি ধন্যৱাদ জনাইছোঁ ।

Photos from ST Morcha Bharatiya Janata Party East Guwahati Mandal's post 12/11/2022

আজি ইং ১২।১১।২০২২ তাৰিখ শনিবাৰে ভাৰতীয় জনতা পাৰ্টী পূৱ গুৱাহাটী মণ্ডল অনুসূচিত জনজাতি মৰ্চাৰ কমিটিখন ব্যাপক হাৰত সাল সলনি কৰি নতুনকৈ আৰু অধিক শক্তিশালী ৰূপত প্ৰস্তুত কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ জিলা অনুসূচিত জনজাতি মৰ্চাৰ নৱ-নিযুক্ত সভাপতি মাননীয় শ্ৰীযুত নিৰঞ্জন বড়ো ডাঙৰীয়াৰ অনুমোদন প্ৰাপ্ত কৰা হয় ।

আশা কৰো আগুন্তুক দিনত দলটোক অাৰু অধিক শক্তিশালী কৰাৰ স্বাৰ্থত দলে অৰ্পন কৰা সকলো দায়িত্ব সততা আৰু নিষ্ঠাৰে পালন কৰি যোৱাত আপোনালোক সকলোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিৱ ।

Photos from ST Morcha Bharatiya Janata Party East Guwahati Mandal's post 12/11/2022

আজি ইং ১২।১১।২০২২ তাৰিখ শনিবাৰে পশ্চিম বৰাগাওঁ স্থিত মণিকাঞ্চন ভৱনত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ জিলা অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰো । উক্ত সভাত অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টী অনুসূচিত জনজাতি মৰ্চাৰ মাননীয় সভাপতি প্ৰমুখ্যে বিষয় বৱীয়াসকল,ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ জিলাৰ মাননীয় সভাপতি প্ৰমুখ্যে বিষয় বৱীয়াসকল,ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ জিলা অনুসূচিত জনজাতি মৰ্চাৰ মাননীয় সভাপতি প্ৰমুখ্যে বিষয় বৱীয়াসকল,গুৱাহাটী পৌৰ নিগমৰ ১১ আৰু ২৭ নং ৱাৰ্ডৰ মাননীয় পাৰিষদ সকল,বিভিন্ন মণ্ডলৰ অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি প্ৰমুখ্যে কাৰ্যকৰ্তা সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংশী সকলে অংশগ্ৰহণ কৰে । কাৰ্যনিৰ্বাহক সভাত আগুন্তুক দিনত দলটোক আৰু অধিক শক্তিশালী কৰাৰ স্বাৰ্থত অনুসূচিত জনজাতি মৰ্চাৰ দায়িত্ব আৰু কৰণীয় কাৰ্যকলাপৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ।

আজিৰ কাৰ্যনিৰ্বাহক সভাখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সভাত উপস্থিত সকলো কাৰ্যকৰ্তাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

Photos from ST Morcha Bharatiya Janata Party East Guwahati Mandal's post 24/10/2022

সকলোলৈ পোহৰৰ উৎসৱ দিপাৱলী আৰু মা কালী পূজাৰ আন্তৰিক শুভেচ্ছা জাঁছিলো ।।।

23/10/2022

সকলোলৈ ধনতেৰচৰ আন্তৰিক শুভেচ্ছা জাঁছিলো ।।।

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Deendayal Upadhay Road
Guwahati
781019