DYFI Assam

DYFI Assam

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DYFI Assam, Political organisation, Guwahati, AS, India, Gauhati.

19/04/2026

সংবাদ মাধ্যমক শাসক গোষ্ঠীয়ে কৰি অহা পৰিকল্পিত আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটী প্রেছ ক্লাবে আয়োজন কৰা নাগৰিক সভাত DYFI অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা কমৰেড লিন্টন শইকীয়া, কৌস্তভ কিৰণ ডেকা আৰু গৌতম ভূঞাই অংশগ্ৰহণ কৰে। অসমৰ বিভিন্ন অংশৰ বিশিষ্ট বুদ্ধিজীৱী, সাংবাদিক, ৰাজনৈতিক নেতাই তথা বিভিন্ন দল সংগঠনে আজি এই নাগৰিক সভাত অংশ গ্ৰহণ কৰে।

11/04/2026

*নিৰ্বচনৰ পিছত ‍বিৰোধী দলৰ কৰ্মী আৰু সংবাদ মাধ্যমৰ ওপৰত চলা জঘন্য আক্ৰমণক ধিক্কাৰ ডি ৱাই এফ আই-ৰ*

নিৰ্বচনৰ পিছত ‍বিৰোধী দলৰ কৰ্মী আৰু সংবাদ মাধ্যমৰ ওপৰত চলা জঘন্য আক্ৰমণক ধিক্কাৰ দিছে ডি ৱাই এফ আই-ৰ অসম ৰাজ‍্যিক কমিটিয়ে। অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যালয়ত হোৱা বৰ্বৰ আক্ৰমণকে ধৰি সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণতন্ত্ৰৰ ওপৰত জঘন্য আক্ৰমণক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধী দলৰ নেতা আৰু একাংশ সংবাদ গোষ্ঠীৰ বিৰুদ্ধে দিয়া উচটনিমূলক বক্তব্যৰ প্ৰতিফলন বুলি ডি ৱাই এফ আইয়ে মত পোষণ কৰিছে। *ডি ৱাই এফ আইয়ে সংবাদ মাধ্যমৰ কাৰ্যালয় আক্ৰমণৰ লগত জড়িত আৰু উচটনি দিয়া সকলৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।* প্ৰতিদিন কাৰ্যালয়ৰ ওপৰত হোৱা আক্ৰমণে প্ৰমাণ কৰিছে ৰাজ্যৰ গণতান্ত্ৰিক পৰিৱেশ নিঃচিহ্ন কৰি জংঘলৰাজ সদৃশ পৰিৱেশৰ জন্ম দিব বিচৰা হৈছে য'ত সংবাদ মাধ্যমৰ নিজস্ব স্বাধীনতা নাথাকিব আৰু বিৰোধী দলৰ নেতাই নিজৰ মতে বক্তব্য ৰাখিব নোৱাৰিব। অকল সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ হৈছে তেনে নহয় বিৰোধী দলৰ নেতা খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ ঘৰত কোনো জাননী নিদিয়াকৈ আৰক্ষীয়ে অভিযান চলাইছে আৰু অজাপ-ৰ দুগৰাকী সদস্যক আটক কৰিছে। মধ্য গুৱাহাটীৰ অজাপা'ৰ প্ৰাৰ্থী কুনকী চৌধুৰীৰ ছোচিয়েল মিডিয়া টীমৰ সদস্যকো কাটক কৰা বুলি খবৰ ওলাইছে। আনহাতে কুনকী চৌধুৰীয়ে ক্ৰাইম ব্ৰাঞ্চত দিয়া গোচৰ অথবা লুৰীনজ্যোতি গগৈৰ ওপৰত হোৱা আক্ৰমণৰ গোচৰ সম্পৰ্কত আৰক্ষীয়ে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। এতিয়া এখন "কেয়াৰ টেকাৰ" চৰকাৰ চলি থকাত পাছতো প্ৰশাসনে পক্ষপাতিত্বমূল আচৰণ কৰিয়ে আছে। এয়া সুস্থ গণতন্ত্ৰ আৰু ভবিষ্যতৰ সুশাসনৰ বাবে অতিকৈ বিপদজনক।

ডি ৱাই এফ আইয়ে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সুৰক্ষাৰ লগতে বিৰোধী দলৰ নেতা-কৰ্মীৰ সুৰক্ষাৰ ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা লৈ ৰাজ্যৰ গণতন্ত্ৰ আৰু আইন-শৃংখলা ৰক্ষাত গুৰুত্ব দিবলৈ আহ্বান জনাইছে।
*প্ৰেছ বিজ্ঞপ্তি*
তাৰিখ - ১১-০৪-২০২৬

11/04/2026

DYFI কামৰূপ (ম:) জিলাৰ প্ৰেছ বিজ্ঞপ্তি: 👇🏻

অসমৰ সংবাদ মাধ্যমৰ ওপৰত শাসকগোষ্ঠীৰ প্ৰৰোচনাত হোৱা পৰিকল্পিত আক্ৰমণক গৰিহণা তথা সাংবাদিকৰ প্ৰতিবাদলৈ সভালৈ সমৰ্থন

অসমৰ বিধানসভা নিৰ্বাচন, ২০২৬-ৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ পত্নী তথা পুত্ৰৰ বিৰুদ্ধে উঠা বিত্তীয় কেলেংকাৰী, আৰু কেইবাহাজাৰ কোটি টকাৰ অঘোষিত বৈদেশিক সম্পত্তি থকাৰ অভিযোগৰ বিষয়ে আমি সকলো অৱগত। শেহতীয়াকৈ এই অভিযোগ সম্পৰ্কে সংবাদমেলত বা সাংবাদিকৰ প্ৰশ্নৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী জনে বিভিন্ন সংবাদ প্ৰতিষ্ঠানক লক্ষ্য কৰি বিভিন্ন কটু মন্তব্যৰ লগতে ‘অসমীয়া প্ৰতিদিন’ গোষ্ঠীলৈ মুকলি ভাবুকি প্ৰদান কৰা পৰিলক্ষিত হৈছে। নিৰ্বাচনৰ আগতে তথা নিৰ্বাচনৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে শাসনাধিষ্ঠ দলৰ বিভিন্ন নেতা আৰু জনপ্ৰতিনিধিৰ এনেধৰণৰ ভাবুকি ভৰা কেইবাটাও মন্তব্যৰ পিছতেই যোৱা দুসপ্তাহত দুৰ্বৃত্তৰ দলে বাতৰিকাকত জ্বলোৱা, বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত শিলগুটি নিক্ষেপ কৰা ইত্যাদি আক্ৰমণ চলাই অহা আমি দেখিবলৈ পাইছো। সাংবিধানিক আৰু সংসদীয় গণতন্ত্ৰৰ দেশ এখনত য’ত সাংবাদিকতাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যাদা দিয়া হৈছে তাতেই নিৰ্বাচনৰ সময়চোৱাত সংবাদ মাধ্যমৰ ওপৰত এই আক্ৰমণৰ ঘটনাক আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (DYFI)-এ অতি দুৰ্ভাগ্যজনক , স্বৈৰাচাৰী আৰু অসাংবিধানিক হিচাপে গণ্য কৰোঁ আৰু তীব্ৰ ভাষাৰে ইয়াৰ গৰিহণা দিছোঁ। আমি বিবেচনা কৰোঁ যে এই যি আক্ৰমণ সেয়া অতি পৰিকল্পিতভাৱে ভয় আৰু শংকাৰ পৰিৱেশ সৃষ্টিৰে বাক স্বাধীনতা খৰ্ব কৰাৰ বাবে চলোৱা এক কাৰ্যসূচী। লগতে এনে নিৰ্বাচনী হিংসাৰ ঘটনা সমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত হেমাহি কৰা আৰু সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা ৰাজ্যখনৰ পুলিচ-প্ৰশাসন ব্যৱস্থাটোও গৰিহণাৰ যোগ্য বুলি আমি বিবেচনা কৰোঁ। এইধৰণে বিৰোধী দল আৰু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি শাসকগোষ্ঠীৰ প্ৰৰোচনাত যি এক প্ৰতিশোধমূলক, শ্বাসৰুদ্ধকৰ বাতাবৰণ সৃষ্টি কৰা হৈছে সেয়া অসমৰ ইতিহাসত নজিৰ বিহীন আৰু ইয়ে শাসকীয় দল যে হতাশাগ্ৰস্ত হৈছে তাকেই প্ৰতিপন্ন কৰে। আমি স্পষ্টকৈ জনাই দিব বিচাৰোঁ যে অসমৰ সমাজত এই অগণতান্ত্ৰিক কাৰ্য কেতিয়াও গ্ৰহণ কৰা নহয় আৰু দাবী জনাওঁ অতি সোনকালেই ৰাজ্যৰ প্ৰশাসনে ইয়াৰ সঠিক তদন্ত তথা ব্যৱস্থা গ্ৰহণ কৰক।

ইয়াৰ লগতে এই শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ বিৰুদ্ধে, ১১ এপ্ৰিল ২০২৬ শনিবাৰে সাংবাদিক বন্ধু সকলে আমবাৰী স্থিত গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীলৈ আমি সমৰ্থন আগবঢ়াইছোঁ। আমি আশাবাদী যে এই প্ৰতিবাদী কাৰ্যসূচীয়ে ৰাজ্যৰ প্ৰশাসনক শান্তি শৃংখলাৰ মাজেৰে এক গণতান্ত্ৰিক বাতাবৰণটো ঘূৰাই আনিবলৈ সক্ষম হ’ব।

Photos from DYFI Assam's post 07/04/2026

বামুণীমৈদামৰ অগ্নিদগ্ধ ২৯ টা পৰিয়ালৰ কাষত ডি ৱাই এফ আইৰ প্ৰতিনিধি দল-
পৰ্যাপ্ত ক্ষতিপূৰণৰ দাবী

ৰাজ্যিক সভাপতি ৰিতু ৰঞ্জন দাস আৰু সদস্য লিণ্টন শইকীয়াই আজি বামুণীমৈদামৰ অগ্নিকাণ্ড ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষলৈ গৈ খা-খবৰ লয়।
ক্ষুদ্ৰ ব্যৱসায় আৰু শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰা এই পৰিয়ালসমূহৰ কালি নিশা হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত নগদ ধনৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হয়। এটা বেণ্ড পাৰ্টি দলৰ বহু মূল্যৱান সমূহ সা-সৰঞ্জাম জুইত জাহ যায়।
ডি ৱাই এফ আইয়ে গৰিব এই লোকসকলৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা আৰু পৰ্যাপ্ত ক্ষতিপূৰণ দিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়।

Photos from DYFI Assam's post 23/03/2026

শ্বহীদ দিৱস

16/03/2026

২০০১চনত সাধাৰুৰ দুজন যুৱকক নৃশংসভাৱে হত্যা কৰা বুলি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগক কেন্দ্ৰ কৰি সাধাৰুৰ পৰা বিশ্বনাথ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আজি এক সমদল যাত্ৰা কৰা হয়৷ সাধাৰুৰ সৰ্বসাধাৰণে উলিওৱা এই সমদলত DYFIৰ বিশ্বনাথ জিলাৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগ কৰি আমাৰ সংগঠণটোৰ বহু যুৱক যুৱতী আৰু SFIৰ ছাত্ৰছাত্ৰী সকলেও অংশগ্ৰহণ কৰে৷ সন্মিলিত ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে ঘটনাৰ উচিত তদন্ত কৰিবলৈ প্ৰশাসনক সজোৰ দাবী জনায়৷ কাৰ্যসূচীটোত অন্যান্য আদিবাসী সংগঠনেও সহযোগ কৰে৷

14/03/2026

📌বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে দুই আদিবাসী যুৱকৰ হত্যাৰ গুৰুতৰ অভিযোগ
📌ৰাজ‍্য চৰকাৰে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰক

09/03/2026

ৰাইজৰ কথা শুনক মুখ‍্যমন্ত্ৰী মহোদয়।

Photos from DYFI Assam's post 08/03/2026

গুৱাহাটীসহ ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তৰ্জাতিক নাৰী দিৱস পালন

📌 সভা-সমদলৰ মাজেৰে পালিত হয় আন্তৰ্জাতিক নাৰী দিৱস।
📌 নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, ডি ৱাই এফ আই, এছ এফ আই, চি আই টি ইউ, অসম ৰাজ্যিক কৃষক সভা আৰু এ কে এছ ইউৰ যৌথ উদ্যোগত গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ জিলাতে নাৰী দিৱস পালন কৰা হয়।
📌 গুৱাহাটীৰ চানমাৰীত সংগঠন কেইটাৰ উদ্যোগত গীত-মাত-কবিতা আৰু বক্তৃতাৰ মাজেৰে নাৰী দিৱস পালন কৰা হয়।
📌 গুৱাহাটীৰ উপৰি সৰভোগ, বিজনী, টিহু, গোৰেশ্বৰ, যোৰহাটত ব্যাপক অংশগ্ৰহণেৰে নাৰী দিৱস পালন কৰা হয়।

📌 গুৱাহাটীত দিপালী মজুমদাৰ আৰু ইন্দিৰা নেৱাৰৰ সভাপতিত্ব অনুষ্ঠিত সমাৱেশৰ উদ্দেশ্য ব্যাখ্যা কৰে গণতান্ত্ৰিক মহিলা সমিতিৰ সম্পাদিকা মৈয়েত্ৰী মিশ্ৰই। সমাৱেশত শ্ৰমজীৱী মহিলাৰ পক্ষৰ পৰা সংগীতা দাস, চি আই টি ইউ নেতা তপন শৰ্মা, এছ এফ আই নেত্ৰী উৎপলা দাস, কৃষি-শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক উপসভাপতি ভূপেন শৰ্মা আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে বক্তব্য ৰাখে।

Photos from DYFI Assam's post 06/03/2026

📌শৰণীয়া কছাৰীসকলৰ বন্ধ হৈ থকা জনজাতিৰ প্ৰমাণপত্ৰ পুনৰ প্ৰদান কৰাৰ দাবীত গোৰেশ্বৰত অৱস্থান কাৰ্যসূচী

📌ডিৱাইএফ‌আই আৰু এছ এফ আইৰ তামুলপুৰ জিলা কমিটিৰ উদ্যোগত অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হয়

📌কাৰ্যসূচীত ডিৱাইএফ‌আইৰ জিলা সম্পাদক বিৰাজ কুমাৰ ডেকা, এছ এফ আইৰ জিলা সভাপতি কাকু ডেকা, সম্পাদক পৰাশ প্ৰতিম আৰু কৃষক সভাৰ জিলা সম্পাদক প্ৰবীণ দাসে বক্তব্য ৰাখে।

06/03/2026

📌DYFI raises concerns over the handling of the Justice Sharma Commission report on APSC exam irregularities.

📌The youth organisation alleges the Assam government took a weak stand in implementing the commission’s recommendations.

📌DYFI claims the government delayed making the report public, violating the Commission of Inquiry Act.

‼️⚠️ The organisation alleges that officers implicated in the APSC scam are attempting to mislead the court.
📌DYFI criticises the alleged lack of decisive action against tainted officers, with some even reportedly being promoted.

06/03/2026

📌DYFI raises concerns over the handling of the Justice Sharma Commission report on APSC exam irregularities.

📌The youth organisation alleges the Assam government took a weak stand in implementing the commission's recommendations.

📌DYFI claims the government delayed making the report public, violating the Commission of Inquiry Act.

‼️⚠️ The organisation alleges that officers implicated in the APSC scam are attempting to mislead the court.
📌DYFI criticises the alleged lack of decisive action against tainted officers, with some even reportedly being promoted.

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Website

Address


Guwahati, AS, India
Gauhati
781008