Sudarshan Thakur

Sudarshan Thakur

Share

Secretary, Srimanta Sankaradeva Kalakshetra

Photos from Sudarshan Thakur's post 18/03/2026

প্ৰায় কুৰিটা বছৰৰ পাছত আজি আকাশবাণী গুৱাহাটীৰ এক বিশেষ নাট্য প্ৰযোজনাত অনুষ্ঠান কাৰ্যবাহী ঋতুপৰ্ণ দাসৰ নেৰানেপেৰা অনুৰোধত এটি চৰিত্ৰ অভিনয়ৰ বাবে আকাশবাণীৰ ষ্টুডিঅ'ত উপস্থিত হওঁ আৰু বহু দিনৰ বিৰতিৰ মূৰত এটা মনে ভালপোৱা কামৰ সৈতে নিজকে জড়িত কৰিবলৈ পাই আপ্লুত হওঁ । ইচ্ছা থাকিলেও বহু সময়ত এৰাব নোৱাৰা ব্যস্ততাৰ বাবে এনে বহু আমন্ত্ৰণ অনিচ্ছাকৃতভাৱে উপেক্ষা কৰিবলগীয়া হয় । উল্লেখ্য যে ১৯৯৪ চনতে আকাশবাণীৰ এগৰাকী নাট্যশিল্পীৰূপে স্বীকৃত হোৱাৰ পিছত প্ৰথমাৱস্থাত প্ৰায় এটা দশক সক্ৰিয়ভাৱে জড়িত হৈ আছিলোঁ। আজি দুটা দশকৰ পিছত ষ্টুডিঅ'ৰ মজিয়াত সংলাপ ক'বলৈ পাই আকৌ সেই পুৰণি দিনবোৰ জীপাল হৈ উঠে।

Photos from Sudarshan Thakur's post 17/03/2026

আজি পুৱাতে জুবিন ক্ষেত্ৰলৈ আমি সমিতিখন গৈ চলি থকা নিৰ্মান কাৰ্যসমুহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বিভিন্ন দিশ পৰ্যালোচনা কৰোঁ।

16/03/2026

অসমৰ সাহিত্য জগতলৈ সুখবৰ!

২০২৫ বৰ্ষৰ সাহিত্য অকাদেমী বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বিশিষ্ট সাহিত্যিক দেৱব্ৰত দাস আৰু ছাহাইছুলি ব্ৰহ্মলৈ অভিনন্দন জনাইছোঁ।

'কড়ি খেলাৰ সাধু' (দেৱব্ৰত দাস) আৰু 'দোংনৈ লামা: মোনসে গাথোন' (ছাহাইছুলি ব্ৰহ্ম) উপন্যাস দুখনৰ দ্বাৰা এই দুই স্বনামধন্য সাহিত্যিকে অসমৰ বাবে এই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Photos from Sudarshan Thakur's post 11/03/2026

আজি সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চলিত বিত্তীয় বৰ্ষৰ শেষৰখন কাৰ্যনিৰ্বাহী পৰিষদৰ বৈঠক অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বড়াদেৱৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত পৰ্যালোচনা কৰা হয় আৰু লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ পৰিষদীয় সভাত কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি শ্ৰীযুত প্ৰাঞ্জল শইকীয়াদেৱ, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীদেৱ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক শ্ৰীযুত ৰাহুল চন্দ্ৰ দাসদেৱ, সন্মানীয় পৰিষদীয় সদস্য যথাক্ৰমে শ্ৰীযুত বীৰেণ সিংহদেৱ আৰু শ্ৰীযুত ঘনকান্ত বৰা বৰবায়নদেৱ উপস্থিত থাকে। আজিৰ কাৰ্যনিৰ্বাহক পৰিষদৰ সভাই আগন্তুক বিত্তীয় বৰ্ষত কলাক্ষেত্ৰৰ ভৱিষ্যত পৰিকল্পনা আৰু কাৰ্যব্যৱস্থা সম্পৰ্কেও বিভিন্ন দিশ আলোচনা কৰি সেইসমূহ ৰূপায়ণ কৰা সন্দৰ্ভত আলোকপাত কৰে।

03/03/2026

ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল উৎসৱৰ অলেখ শুভকামনা জনাইছোঁ ।

Photos from Sudarshan Thakur's post 01/03/2026

আজি বৰদোৱাত উপস্থিত হৈ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰোঁ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কেইবাগৰাকীও বিভিন্ন বিভাগৰ সহকৰ্মীৰ সৈতে আগন্তুক সময়ত আৱিৰ্ভাৱ ক্ষেত্ৰৰ প্ৰয়োজনীয় তথা পৰিপূৰ্ণ ব্যৱস্থাপনা সম্পৰ্কেও কিছু দিশ বিশেষভাৱে আলোচনা কৰাৰ উদ্দেশ্যে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি,সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলৰ সৈতে মিলিত হওঁ । শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ নৈসৰ্গিক শোভা আৰু বিভিন্ন আন্ত:গাঁথনিৰ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে প্ৰমাণ কৰিছে যে অনাগত দিনত এই স্থান অসমৰ এখন প্ৰসিদ্ধ আৰু সকলোৰে বাবে আকৰ্ষণীয় স্থানৰূপে পৰিগণিত হোৱাটো নিশ্চিত। বৰ্তমান গড়ে প্ৰায় ১০-১৫হেজাৰ দৰ্শনাৰ্থী প্ৰতিদিনে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি এই স্থান দৰ্শন কৰি আছে। আৱিৰ্ভাৱ ক্ষেত্ৰৰ পৰাই সমগ্ৰ অসমবাসী ৰাইজলৈ আগতীয়াকৈ দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

Photos from Sudarshan Thakur's post 26/02/2026

Attended an important discussion on the project Theatre Archive.

21/02/2026

আন্তর্জাতিক মাতৃভাষা দিৱসৰ শুভেচ্ছা জনাইছোঁ।

Photos from Sudarshan Thakur's post 15/02/2026

লোকসেৱা ভৱনত আজি মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকৰ জৰিয়তে অসমৰ আধ্যাত্মিক-সাংস্কৃতিক ঐতিহ্যৰ অনন্য প্ৰতীক বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ উদ্দেশ্যে প্ৰস্তাৱিত সংগ্ৰহালয় চৌহদৰ নিৰ্মাণ সম্পৰ্কত আৰু অনুষ্ঠিতব্য শুভাৰম্ভণি কাৰ্যসূচীৰ অগ্ৰগতিৰ খতিয়ান লয়। ইয়াৰোপৰি জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ বিভিন্ন জৰুৰী সভা সমূহৰ প্ৰস্তুতিৰো পৰ্যালোচনা কৰে।

Photos from Sudarshan Thakur's post 14/02/2026

আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিনজোৰা কাৰ্যসূচীৰে অসমত উপস্থিত হৈ কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভাৰম্ভণি কৰে । মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পুৱাৰ ভাগত মৰাণ বাইপাছত জৰুৰীকালীন অৱতৰণ সুবিধাযুক্ত (ELF) পথ উদ্বোধনেৰে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সমৃদ্ধিৰ এক নতুন অধ্যায়ৰ সূচনা কৰাৰ পিছত গুৱাহাটীত উপস্থিত হৈ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু, আই আই এম গুৱাহাটীৰ চৌহদ, ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ আৰু ১০০খন ইলেকট্ৰিক বাছ উছৰ্গা কৰে। বিয়লিৰ ভাগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক বিশাল দলীয় সভাত অংশগ্ৰহণ কৰি সংকল্প আৰু প্ৰগতিৰ মূলমন্ত্ৰ কাৰ্যকৰ্তাসকলক প্ৰদান কৰে। উল্লেখ্য যে গুৱাহাটীত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক প্ৰায় ২৭টা জনগোষ্ঠীৰ ২,০০০ৰো অধিক শিল্পীয়ে বিভিন্ন কৃষ্টি পৰিৱেশনেৰে সাংস্কৃতিক আদৰণি জনায়। এই সাংস্কৃতিক আদৰণি পৰ্বৰ সামগ্ৰিক ব্যৱস্থাপনাৰ দায়িত্বত থাকি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণ কাৰ্যসূচীৰ অংশীদাৰ হ'বলৈ পাই কৃতাৰ্থ হৈছোঁ।

Photos from Sudarshan Thakur's post 10/02/2026

আজি কলাক্ষেত্ৰৰ পৰিষদীয় সভাকক্ষত অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ অৰ্থে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শৱলীৰ অন্তৰ্গত গ্ৰহণ কৰিবলগীয়া প্ৰকল্পসমূহৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কলাক্ষেত্ৰ সমাজৰ সন্মানীয় উপ-সভাপতি শ্ৰীযুত প্ৰাঞ্জল শইকীয়াদেৱৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বৈঠকত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি শ্ৰীযুত উৎপল শৰ্মা , সাধাৰণ সম্পাদক শ্ৰীযুত সমীৰণ ফুকনৰ উপৰিও অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক শ্ৰীযুত ৰাহুল চন্দ্ৰ দাসৰ লগতে কলাক্ষেত্ৰ সমাজৰ দুয়োখন পৰিষদীয় সভাৰ প্ৰতিনিধি ক্ৰমে শ্ৰীযুত বীৰেণ সিংহ আৰু শ্ৰীযুত জনাৰ্দন দেৱগোস্বামীকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে। আজিৰ বৈঠকত গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয় আৰু অসম চৰকাৰৰ ঘোষণা আৰু সিদ্ধান্তমৰ্মে অনাগত দিনত ৰূপায়ণ কৰিবলগীয়া প্ৰকল্পসমূহৰ ওপৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি পৰিকল্পনা প্ৰস্তুত কৰা হয়।

Photos from Sudarshan Thakur's post 04/02/2026

শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ নতুন সংযোজন শ্ৰীশ্ৰীবদলা পদ্মআতা কলাতীৰ্থ প্ৰেক্ষাগৃহৰ শুভ উদ্বোধনৰ সংগতি ৰাখি আয়োজিত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ কিছু মুহূৰ্ত...

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Srimanta Sankaradeva Kalakshetra Complex, Panjabari
Guwahati
781037