05/09/2025
শিক্ষক দিৱস উপলক্ষে ৰামদিয়া শাখাৰ অন্তৰ্গত অগ্ৰনী শিক্ষানুষ্ঠান বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ লগতে প্ৰায় সংখ্যক শিক্ষক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰামদিয়া শাখাৰ তৰফৰ পৰা শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।🚩
ABVP Assam
ABVP Ramdia unit
03/09/2025
ভোগেশ্বৰ বৰুৱাদেৱৰ জন্মদিন ৩ ছেপ্টেম্বৰ, ১৯৪০। তেওঁ ভাৰতৰ এগৰাকী বিশিষ্ট খেলুৱৈ আৰু প্ৰশিক্ষক, অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী আৰু ১৯৬৬ চনৰ এশিয়ান গেমছত ৮০০ মিটাৰত স্বর্ণপদক অৰ্জন কৰা প্রথম অসমীয়া খেলুৱৈ ।
অসম চৰকাৰে তেওঁৰ জন্মদিন ‘অভিৰুচি ক্ৰীড়া দিৱস’ হিচাপে প্ৰতিবছৰে উদযাপন কৰে ।
17/07/2025
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ , অসম প্ৰদেশৰ তৰফৰ পৰা আজি অনুষ্ঠিত হোৱা বিদ্যাৰ্থী পৰিষদৰ সদস্যতা ভৰ্তি কৰ্মশালাত ৰামদিয়া শাখাৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে ।
📍 হৰদত্ত বীৰদত্ত ভৱন , ৰঙিয়া
09/07/2025
অহা ৯ জুলাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৭ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে ABVP ৰামদিয়া শাখাৰ উদ্যোগত এখনি অনলাইন ৰচনা প্ৰতিযোগিতা আয়োজন কৰা হৈছে।
ৰচনাৰ বিষয় : স্বামী বিবেকানন্দৰ
জীৱনৰ ওপৰত ।
তাৰখি : ৯ জুলাইৰ পৰা ১৫ জুলাইৰ ভিতৰত
যোগাযোগ : 70992 88126,
70998 49863, 6900744967
সমূহ ইচ্ছুক প্ৰতিযোগিক যোগাযোগ কৰিবলৈ জনোৱা হ'ল 🙏
05/07/2025
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) ৰামদিয়া শাখাৰ প্ৰতিনিধি অলেখ জ্যোতি বৰুৱাই এবিভিপিৰ কামৰূপ জিলাৰ জিলা সংযোজক হিচাপে দায়িত্ব লাভ কৰিছে। সংগঠনৰ শৃংখলা, আদৰ্শ আৰু নিষ্ঠাৰ প্ৰতি লক্ষ্য কৰি সংগঠনৰ ৰাজ্যিক নেতৃত্বয়েএই গুৰুত্বপূর্ণ দায়িত্ব অর্পণ কৰিছে । অলেখ জ্যোতি বেজবৰুৱাৰ নেতৃত্বত এ বি ভি পি কামৰূপ জিলাত ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ প্ৰসাৰ আৰু সংগঠন অধিক সক্ৰিয় হ'ব বুলি উচ্চ নেতৃত্ব তথা কাৰ্যকৰ্তাসকলে প্ৰকাশ কৰিছে। এই গুৰু দায়িত্ব লাভ কৰাৰ পাছত অলেখ জ্যোতি বৰুৱাই কৃতজ্ঞতা জ্ঞাপন কৰি কয়, "এ বি ভি পি ৰ আদৰ্শক আগবঢ়াই লৈ আৰু ছাত্রসমাজৰ হকে একতাবদ্ধভাৱে আগবাঢ়ি যাবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ। সংগঠনৰ বিশ্বাসক মান্যতা দি মই এই দায়িত্ব নিষ্ঠাৰে পালন কৰিম।"
উল্লেখযোগ্য যে অলেখ জ্যোতি বৰুৱাৰ এই দায়িত্ব লাভে ৰামদিয়া তথা কামৰূপ জিলাৰ কাৰ্যকৰ্তাসকলৰ এক উৎসাহজনক পৰিৱেশৰ সৃষ্টি কৰিছে।
19/06/2025
আজি ৰাভা দিৱস উপলক্ষে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱক শ্ৰদ্ধাৰে সুঁৱৰিছো। অসমৰ সমাজ জীৱনলৈ ৰাভা দেৱৰ অতুলনীয় অৱদান অসমবাসীয়ে সদায়েই শ্ৰদ্ধাৰে স্মৰণ কৰি যাব।
14/06/2025
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰামদিয়া শাখাৰ তৰফৰ পৰা যোৱা ১২ জুন বৃহস্পতিবাৰে সংঘটিত হোৱা হৃদয়বিদাৰক বিমান দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱা যাত্ৰীসকলৰ আত্মাৰ সদগতিৰ কামনাৰ্থে ইং ১৪/০৬/২৫ জুন তাৰিখে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।
13/06/2025
অম্বুবাচী মেলাত জল ,স্বচ্ছতা আৰু স্বাস্থ্যসেৱাৰ জৰিয়তে ABVP ৰ তৰফৰ পৰা সেৱা আগবঢ়োৱা হ'ব 📌
অম্বুবাচী মেলাত ১০০০ ৰ ছাত্ৰ - ছাত্ৰীক দিযা হ'ব সেৱা প্ৰশিক্ষণ , যাৰ জৰিয়তে শিক্ষাৰ্থী সকলৰ মনত সেৱা ভাৱ ,আধ্যাত্মিক চিন্তা চেতনা জাগ্ৰত কৰাৰ প্ৰয়াস কৰিবলৈ চেষ্টা কৰা হ'ব।
ইচ্ছুক ছাত্ৰ- ছাত্ৰী সকলক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ ।
05/06/2025
আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰামদিয়া শাখাৰ উদ্যোগত সস্তাৰস্থিত শ্ৰীশ্ৰী লেংটা-গোপীনাথ সত্ৰত গছপুলি ৰোপণ তথা বিতৰণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানটোত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টী অনুসুচীত জাতি মৰ্চাৰ অসম প্ৰদেশৰ উপ সভাপতি শ্ৰীযুত প্ৰকাশ চন্দ্ৰ দাস , ৩নং পঞ্চতীৰ্থ জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যা ৰেবতি ডেকা মজুমদাৰ, ভাৰতীয় জনতা পাৰ্টী হাজো মণ্ডলৰ সভানেত্ৰী দিপাঞ্জলি ডেকা বাইদেউকে ধৰি পৰিষদৰ সমূহ কাৰ্যকৰ্তা আৰু ৰামদিয়া অঞ্চলৰ ৰাইজ । বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি ৰামদিয়া শাখাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় মহাবিদ্যালয় আৰু ৰাজহুৱা স্থানত গছপুলি বিতৰণ কৰা হয়।
16/05/2025
সৰা পাতে পাতে ফাগুন নামে...
জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ অকাল বিয়োগৰ খবৰে আমাক সকলোকে মৰ্মাহত কৰিছে। কণ্ঠশিল্পীগৰাকীৰ মৃত্যু অসমৰ সংগীত ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি।নিজৰ প্ৰতিভাৰে আৰু বহুখিনি পোহৰ বিলাব পৰা সম্ভাৱনাময় এটি তৰা আকাশৰ পৰা নাই কিয়া হল। তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।
16/05/2025
সদ্যঘোষিত এম বি বি এছ পৰীক্ষাৰ ফলাফলত চাওতাল সম্প্ৰদায়ৰ হোজাই জিলাৰ কাকী-ৰ নিবাসী অসমীয়া জীয়ৰী মাৰ্টিনা টুডুৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰিছে৷ এম বি বি এছ এই ডিগ্ৰী লাভ কৰা অসমৰ প্ৰথমগৰাকী চাওতাল কন্যা মাৰ্টিনা টুডু-ক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ অভিনন্দন যাছিলোঁ।
তেওঁৰ অনাগত সময় কৃতকাৰ্যতাৰে ভৰি পৰক ।
Martina Tudu
12/05/2025
ABVP Assam
ABVP Ramdia unit