Queen Oja BJP

Queen Oja BJP

Share

❖ Ex-Member of Parliament(MP), Gauhati Lok Sabha Constituency, Assam
❖ Former Mayor, Guwahati Municipal Corporation

08/05/2026
08/05/2026

পৰম আৰাধ্য গুৰুদেৱ কালিচৰণ ব্ৰহ্মদেৱে বড়ো সমাজখনক এক নতুন গতি প্ৰদান কৰি আধ্যাত্মিক চিন্তা-চেতনাৰ বাণী প্ৰসাৰ কৰিছিল। সমাজ সংস্কাৰৰ জৰিয়তে একতাৰ বন্ধন সুদৃঢ় কৰি ৰখা এই মহান ব্যক্তিসত্তালৈ তেখেতৰ পুণ্যতিথিত জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। বড়ো সমাজৰ উন্নয়নৰ কথা সদায় চিন্তা কৰি শান্তি আৰু সম্প্ৰীতিৰ বাণীৰে আমাক উদ্বুদ্ধ কৰা ব্ৰহ্মদেৱৰ আদৰ্শ আৰু কৰ্মৰাজি উত্তৰসুৰীৰ বাবে সদায় অনুসৰণীয় হৈ ৰ'ব।

Gurudev Kalicharan Brahma united the Bodo community through spirituality. His philosophy places Agni as a form of Param Brahma.

Remembering the great spiritual icon on his Punyatithi. His teachings and life journey will continue to inspire generations.

07/05/2026

বিগত বৰ্ষৰ আজিৰ দিনটোত সংঘটিত অপাৰেশ্যন সিন্দুৰে বিশ্বক দেখুৱাইছিল ভাৰতৰ শক্তি, সাহস আৰু অটল মনোবল । দেশৰ সুৰক্ষা আৰু সন্মানৰ প্ৰশ্নত ভাৰত কেতিয়াও পিছ পৰি নাযায়। শত্ৰুৰ যিকোনো ষড়যন্ত্ৰৰ উচিত প্ৰত্যুত্তৰ দিবলৈ আমাৰ দেশ সদায় সাজু। এই অভিযান কেৱল এক সামৰিক কৃতিত্ব নহয়, ই সমগ্ৰ দেশবাসীৰ একতা, দেশপ্ৰেম আৰু ভাৰতীয় সেনাৰ অসীম সাহসৰ প্ৰতীক।

আমাৰ বীৰ জোৱানসকলৰ আত্মত্যাগ আৰু দেশৰ বাবে কৰা অৱদানক আন্তৰিক প্ৰণাম 🙏

জয় হিন্দ 🇮🇳
ভাৰত মাতা কি জয়

06/05/2026

ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা Suvendu Adhikari ডাঙৰীয়াৰ ব্যক্তিগত সহকাৰী নিষ্ঠুৰ হত্যাৰ ঘটনাই আমাৰ সকলোকে স্তম্ভিত কৰি তুলিছে।

তেখেতৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
এই ঘটনাৰ সৈতে জড়িত দোষীয়ে কঠোৰ শাস্তি লাভ কৰক আৰু ন্যায় নিশ্চিত হওঁক — এয়াই আমাৰ কামনা।

Photos from Queen Oja BJP's post 06/05/2026

অসমবাসীয়ে সদ্যসমাপ্ত অসম বিধানসভা নিৰ্বাচনত NDA-ৰ প্ৰতি যি অভূতপূৰ্ব আস্থা প্ৰকাশ কৰিলে, সেয়া সঁচাকৈয়ে ঐতিহাসিক।

এই বিজয়ৰ পাছত আজি বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে শীৰ্ষ নেতৃবৃন্দই অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ মিত্ৰতাৰ অধিক সুদৃঢ়ীকৰণৰ সংকল্প প্ৰকাশ কৰে।
ইয়াৰ সমান্তৰলভাৱে আজিৰ এই অনুষ্ঠানত অগপৰ নৱনিৰ্বাচিত বিধায়কসকলক আন্তৰিক অভিনন্দন জনাই, সকলোৱে ঐক্যবদ্ধভাৱে অসমৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আগবাঢ়ি যোৱাৰ দৃঢ় সংকল্প গ্ৰহণ কৰা হয়।



Keshab Mahanta কেশৱ মহন্ত
Atul Bora অতুল বৰা
Dilip Saikia
Jayanta Mallabaruah

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Website

Address


Asram Road,Ulubari,Guwahati
Guwahati
781007