23/07/2025
শ্ৰী নবীন বুঢ়াগোহাঁইৰ উদ্যোগত 'আধাৰশিলা'ৰ আন এক উল্লেখযোগ্য প্ৰকল্প:-
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Adharxila আধাৰশিলা, Guwahati.
23/07/2025
শ্ৰী নবীন বুঢ়াগোহাঁইৰ উদ্যোগত 'আধাৰশিলা'ৰ আন এক উল্লেখযোগ্য প্ৰকল্প:-
06/05/2025
‘গৰীয়সী’ৰ মে’, ২০২৫ সংখ্যাৰ ‘প্ৰচ্ছদ-কাহিনী’ প্ৰস্তুত কৰা হৈছে অসমীয়া ভাষাৰ প্ৰথম ‘কেম্পাছ ন’ভেল’ ‘কটন কলেজ’ৰ স্ৰষ্টাৰূপে জনপ্ৰিয়, ‘পূৰ্বাঞ্চল প্ৰকাশ’ৰ প্ৰতিষ্ঠাপক নবীন বৰুৱাক লৈ৷ প্ৰচাৰৰ আঁৰত থাকি নীৰৱ সাধনাৰে উজলি উঠা লোকগৰাকীলৈ বেলতলা-বশিষ্ঠ পথৰ ৩ নং উপপথত অৱস্থিত ‘বিউফ’ৰ্ট এপাৰ্টমেণ্ট’ত থকা তেওঁলোকৰ বাসগৃহত যোৱা ৫ মে’, ২০২৫ তাৰিখে ‘গৰীয়সী’ আৰু ‘আধাৰশিলা ট্ৰাষ্ট’ তৰফৰ পৰা ‘গৰীয়সী’ৰ সম্পাদক তথা ‘আধাৰশিলা ট্ৰাষ্ট’ৰ পৰিচালন ন্যাসৰক্ষী ড॰ ৰীতা চৌধুৰীৰ নেতৃত্বত আয়োজন কৰা অনুষ্ঠানত তেওঁলৈ ‘গৰীয়সী’ৰ প্ৰচ্ছদৰ বন্ধোৱা চিত্ৰ আৰু ‘আধাৰশিলা’ৰ স্মাৰক প্ৰদান কৰা হয়৷ আলাপ-আলোচনাৰ মনোৰম অনুষ্ঠানটোত ‘গৰীয়সী’ পৰিয়ালৰ অসীম কুমাৰ ডেকা, পংকজ কলিতা আৰু সমীন্দ্ৰ ডেকা, ‘আধাৰশিলা ট্ৰাষ্ট’ৰ হৈ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড॰ অভিজিত কুমাৰ দত্ত, নবীন বৰুৱাৰ সহধৰ্মিণী বীণা বৰুৱা, জীয়াৰী অৰ্পিতা বৰুৱা বৰা [ৰিণিকি], জোঁৱাই ড॰ অভিজিত বৰা আৰু নাতিনী জয়ী বৰা আৰু প্ৰতিবেশী ভালেকেইগৰাকী সন্মানীয় লোক উপস্থিত থাকে৷ ড॰ ৰীতা চৌধুৰীয়ে সমগ্ৰ অনুষ্ঠানটো ‘ফেচবুক’যোগে লাইভ সম্প্ৰচাৰ কৰে৷
08/04/2025
13/02/2025
‘নতুন দিল্লী বিশ্ব সাহিত্য উৎসৱ’ত ভাগ ল’বলৈ পোৱা কথাটো কল্পনাৰো অতীত আছিল৷ ভবাটোও অকাৰণ আছিল৷ পিছে অকল্পনীয় কথাটো দিঠকতে ঘটিল যোৱা ৬ ফেব্ৰুৱাৰীত৷
‘আধাৰশিলা’ই সমস্ত দায়িত্ব বহন কৰি আকাশেদি উৰুৱাই নি নতুন দিল্লীৰ প্ৰগতি মৈদামৰ ভাৰত মণ্ডপমত অনুষ্ঠিত [১ৰ পৰা ৯ ফেব্ৰুৱাৰী, ২০২৫লৈ] ‘বিশ্ব সাহিত্য উৎসৱ’ পোৱালেগৈ৷
‘আধাৰশিলা’ৰ আয়োজন ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ’ [৬ৰ পৰা ৮ ফেব্ৰুৱাৰী, ২০২৫লৈ]ৰ সহযোগী ‘গৰীয়সী’ আৰু ‘গৰীয়সী’ক প্ৰতিনিধিত্ব কৰাৰ সুবিধা লাভ কৰিছোঁ আমি অল্পমতিয়ে৷
তাতে আকৌ লগ পালোঁ যোৰহাটৰ তৰাজানস্থিত ‘ভিনটেজ হাব’ৰ অভিনিৱেশ শৰ্মা আৰু মুকুল মাধৱ বৈশ্য দাদাক৷ তেওঁলোকে ক’লে ‘‘আমাকো উৰুৱাই আনিছে ‘আধাৰশিলা’ই পাঁচ দিন চাৰি নিশাৰ সমস্ত দায়িত্ব লৈ৷ উদ্দেশ্য ‘আধাৰশিলা’ই অনুষ্ঠিত কৰা ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ’ত অংশগ্ৰহণ কৰা৷”
আনন্দ আৰু উত্তেজনাৰ অনুভৱখিনিৰ ভাষিক প্ৰকাশ মোৰ বাবে সম্ভৱ নহয়৷
৫ তাৰিখে নিশা ‘আধাৰশিলা’ই আয়োজন কৰা নৈশভোজত মুকুলদা, অভিনিৱেশ আৰু আমি তিনিজনকে ধৰি পাঁচোজন লগ লাগিছিলোঁ৷ লগতে¸ গোট খাইছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকেইগৰাকীমান, ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ’ৰ আন আন সহযোগীসকল, আয়োজকসকল৷ খাদ্যৰ সমান্তৰালকৈ চলিছিল কথোপকথন– অনুষ্ঠান পৰিচালনাৰ পৰিকল্পনা৷ মুকুলদা যেনেদৰে খাদ্যৰসিক তেনেদৰে ‘জ্ঞানৰসিকো’৷ অভিনিৱেশৰ বুদ্ধিদীপ্ততাই সকলোৰে মনযোগ আকৰ্ষণ কৰিছিল৷ সৰ্বোপৰি আছিল ড॰ ৰীতা চৌধুৰী বাইদেউৰ অভিভাৱকত্বৰ নিশ্চিন্ত আৱৰণ৷
৬ তাৰিখে ‘নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা’ত৷ কেনে সুপৰিকল্পিত, কেনে অভিনৱ আয়োজন৷ গ্ৰন্থমেলাৰ বাবে স্থায়ী বিশাল ভৱন, মুকলি প্ৰাংগণ, বিখ্যাত গ্ৰন্থ বিপণীসমূহৰ চালে চকুৰোৱা গ্ৰন্থসজ্জা, বৈঠক-আলোচনাৰ বাবে অত্যাধুনিক সুব্যৱস্থা ইত্যাদি কত কি...
যিফালে চাওঁ, ভেবা লাগি ৰওঁ৷ থকা-খোৱাৰ চিন্তা নাই৷ আমি তিনিজন তিনি নিশা তিনিখন বেলেগ বেলেগ হোটেলত থকাৰ ব্যৱস্থা৷ মুকুলদা আৰু অভিনিৱেশৰ বাবে একেখন হোটেলতেই আটাইকেইটি নিশাৰ বাবে থকাৰ ব্যৱস্থা৷ আমাৰ তৃতীয় নিশাটোৰ বাবে সেইখন হোটেলতে আয়োজন কৰা হৈছিল৷ আধাৰশিলাই পাঁচোজনৰে সকলো বন্দৱস্ত কৰি দিছে৷
৬ তাৰিখে নিশা ৮ বজাত ভাৰত মণ্ডপমৰ ২ নং হলত ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ’ৰ সৈতে সংগতি ৰাখি ‘আধাৰশিলা’ আৰু ‘গৰীয়সী’ৰ সহযোগত অসম সাহিত্য সভা, দিল্লী শাখাই আয়োজন কৰিছিল এটা বিশেষ অনুষ্ঠান৷ ‘গৰীয়সী’ৰ হৈ আমিও অনুষ্ঠানটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই পুলকিত হৈছিলোঁ৷ নতুন দিল্লী আৰু ভাৰতৰ অন্যান্য ঠাইত বাস কৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীকে ধৰি বিভিন্ন লোকৰ ২৪টা সংগঠনৰ প্ৰতিনিধিয়ে অনুষ্ঠানটোত ভাগ লৈছিল৷ ৫গৰাকী জ্যেষ্ঠ আৰু এগৰাকী যুৱক লেখকক সন্মান জনোৱা হৈছিল৷ ‘আধাৰশিলা’ৰ হৈ অভিজিত কুমাৰ দত্ত, ‘ভিনটেজ হাব’ৰ হৈ অভিনিৱেশ শৰ্মা আৰু ‘গৰীয়সী’ৰ হৈ আমি অভাজনে তেওঁলোককৰ লগতে সংগঠনসমূহৰ হৈ ভাগ লোৱা প্ৰতিনিধিসকলক সন্মান জনোৱাৰ সৌভাগ্য হৈছিল৷ ভিন্ ভিন্ ঠাইৰ লেখক-প্ৰতিনিধিৰ সৈতে মত বিনিময়ৰ সুযোগ লাভ কৰিছিলোঁ৷ মাজতে ঢৌতে খৰ মাৰি গ্ৰন্থমেলাৰ সৌন্দৰ্য উপভোগ কৰিছিলোঁ৷
৭ তাৰিখে গুৱাহাটীলৈ ওভতনি উৰণ৷
৮ ফেব্ৰুৱাৰীৰ আকৰ্ষণ আছিল অসমৰ লেখক, গীতিকাৰ, কণ্ঠশিল্পী ড॰ মৈত্ৰেয়ী পাটৰৰ সংগীতানুষ্ঠান৷ অসমৰ কলা-সংস্কৃতিক বিশ্বৰ আগত দাঙি ধৰা বিশেষ অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰি নিজকে দুৰ্ভগীয়া বুলি অনুভৱ কৰাৰ বাহিৰে গত্যন্তৰ নাছিল৷ কৰ্তব্যৰ টানে সেই ভাগ্যৰ পৰা বঞ্চিত কৰালে৷
উৰাজাহাজৰ পৰা নিশাৰ পৃথিৱীখনলৈ চাওঁতে এনে লাগিছিল– ওপৰে-তলে যেন দুখন আকাশ৷ মনৰ পৰ্দাখনত কিন্তু ‘বিশ্ব গ্ৰন্থমেলা’ৰ ছবিসমূহেহে আগা-ডেৱা কৰি থাকিল৷ চকা-মকাকৈ ভুমুকি মাৰি থাকিল দিল্লীৰ অৰণ্যহেন, হৰ্ণবিহীন, ট্ৰেফিক পুলিচবিহীন আহল-বহল ব্যস্ত ৰাজপথবোৰে৷ আৰু এটা কথাই মনত দোলা দি থাকিল, আমি ঘৰতে এনে পৰিৱেশ এটা পোৱাটো সম্ভৱ নহয় নেকি? যদি নহয় কিয়?
29/01/2025