Panchayat & Rural Development, Assam

Call Directions Website Contact the organization

Panchayat & Rural Development, Assam Official page of Commissionerate of Panchayat & Rural Development, Assam

01/10/2026

গাঁও শক্তিশালী হ’লেহে অসম শক্তিশালী হ’ব…

গ্ৰামাঞ্চলৰ উন্নয়ন, জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ আৰু তৃণমূল পৰ্যায়ৰ পৰিকল্পনাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কাইলৈ ২ অক্টোবৰ ২০২৬ তাৰিখে অসমৰ প্ৰতিখন গাঁও পঞ্চায়তত ‘পিপলছ প্লেন কেম্পেইন’ আৰু ‘সংস্কাৰ উৎসৱ ২০২৬’ৰ অধীনত বিশেষ গাঁও সভা অনুষ্ঠিত কৰা হ’ব।

এই বিশেষ গাঁও সভাসমূহত ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বিশেষ গুৰুত্ব আৰোপ কৰিছে। গাঁও পঞ্চায়ত পৰ্যায়ত চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণ আৰু ইয়াৰ জৰিয়তে লাভ কৰা সুফলৰ বিষয়ে আলোচনা কৰাৰ লগতে বিভিন্ন বিভাগে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সংস্কাৰমূলক পদক্ষেপ, নতুন পদক্ষেপ আৰু জনকল্যাণমূলক কাৰ্যসূচীসমূহৰ বিষয়েও ৰাইজক অৱগত কৰা হ’ব। এই কাৰ্যসূচীত চৰকাৰৰ ১১টাকৈ বিভাগৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব।

বিশেষ গাঁও সভাৰ সৈতে ‘সংস্কাৰ উৎসৱ ২০২৬’ক সংযুক্ত কৰাৰ জৰিয়তে নাগৰিককেন্দ্ৰিক সংস্কাৰ, চৰকাৰী পদক্ষেপ আৰু বিভিন্ন জনকল্যাণমূলক আঁচনিৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা হ’ব। লগতে যোগ্য হিতাধিকাৰীসকলে কেনেদৰে এই আঁচনিসমূহৰ সুফল লাভ কৰিব পাৰে, সেই বিষয়েও বিস্তৃতভাৱে অৱগত কৰা হ’ব।

গাঁও সভাত গাঁওসমূহৰ বিভিন্ন সমস্যা, ৰাইজে আগবঢ়োৱা মতামত, পৰামৰ্শ, প্ৰস্তাৱ আৰু আলোচনাৰ ফলাফলসমূহ গ্ৰামোন্নয়নৰ পৰৱৰ্তী পৰিকল্পনা, নতুন আঁচনি প্ৰস্তুত আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বসহকাৰে বিবেচনা কৰা হ’ব।

মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমৰ গ্ৰামাঞ্চলৰ সৰ্বাংগীণ বিকাশ ত্বৰান্বিত কৰাৰ বহু অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাইজৰ প্ৰত্যক্ষ অংশগ্ৰহণৰ জৰিয়তে স্থানীয় সমস্যাসমূহ চিনাক্ত কৰি তাৰ স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰাৰ লগতে প্ৰতিখন গাঁওক আত্মনিৰ্ভৰশীল আৰু সমৃদ্ধিশালী কৰি তোলাই এই পদক্ষেপৰ অন্যতম লক্ষ্য।

আহক, ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে গ্ৰামাঞ্চলৰ উন্নয়নৰ নতুন পৰিকল্পনা কৰোঁ, উন্নয়নৰ নতুন দিশ নিৰ্ধাৰণ কৰোঁ আৰু এখন শক্তিশালী, সমৃদ্ধিশালী অসম গঢ়াৰ সংকল্প লওঁ।

নীতি আয়োগৰ ৰাজ্যিক সহায়তা অভিযানৰ অধীনস্থ গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ (RD&PR) ডিভিজনে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামো...
28/09/2026

নীতি আয়োগৰ ৰাজ্যিক সহায়তা অভিযানৰ অধীনস্থ গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ (RD&PR) ডিভিজনে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ তত্ত্বাৱধানত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (GBSIPRD), অসমৰ সহযোগত আজি গুৱাহাটীত “উন্নত পঞ্চায়ত: জনসাধাৰণ, স্থান, সম্পদ আৰু সুযোগৰ সংযোগ” শীৰ্ষক এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰে।

এই কৰ্মশালাৰ উদ্দেশ্য হৈছে নীতি আয়োগ আৰু ৰাজ্যসমূহৰ মাজত কৌশলগত সম্পৰ্ক অধিক গভীৰ কৰা আৰু সহযোগিতা শক্তিশালী কৰা। বিভিন্ন অঞ্চলৰ সামাজিক-অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰীয় বিষয়সমূহৰ লগতে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আৰু বিশ্বজনীন অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব দি সহযোগিতা আৰু প্ৰতিযোগিতামূলক মনোভাৱ শক্তিশালী কৰিবলৈ NITI-State Workshop Series-ৰ পৰিকল্পনা কৰা হৈছে।

গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মশালাখন উদ্বোধন কৰে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু নীতি আয়োগৰ সদস্য (RD&PR) ড° আৰ. বালাসুব্ৰমনিয়ামে।

কৰ্মশালাত উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, আইএএচ,
ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সচিব ৰোহিত কানছাল,
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° বি. কল্যাণ চক্ৰৱৰ্তী, আই এ এচ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত ঐনাম চৰণ সিং, আই এ এচ, গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (GBSIPRD)-ৰ সঞ্চালক অনন্ত কুমাৰ গগৈ আদিকে ধৰি নীতি আয়োগৰ কাৰ্যসূচী সঞ্চালক ড° নীলম পেটেল, পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ সঞ্চালক ধৰ্মেন্দ্ৰ কুমাৰ, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল তথা বিভাগীয় বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে।

28/09/2026
28/09/2026
19/09/2026
বিকশিত ভাৰতৰ বাবে আশীৰ্বাদ আৰু সেৱাৰ এই আলোক প্ৰতিঘৰলৈ বিয়পি পৰক.
19/09/2026

বিকশিত ভাৰতৰ বাবে আশীৰ্বাদ আৰু সেৱাৰ এই আলোক প্ৰতিঘৰলৈ বিয়পি পৰক.

Address

Juripar, Panjabari
Guwahati
781037

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Telephone

03612333674

Alerts

Be the first to know and let us send you an email when Panchayat & Rural Development, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Panchayat & Rural Development, Assam:

Shortcuts

Share