23/03/2026
তিলোত্তমা বৰুৱা সোঁৱৰণী চতুৰ্থ বাৰ্ষিক সদৌ অসম ছাত্ৰীৰ তৰ্ক প্ৰতিযোগিতাত অসম চিকিৎসা মহাবিদ্যালয়লৈ শ্ৰেষ্ঠ দলৰ সন্মান
নাৰী সাৰস্বত মঞ্চৰ উদ্যোগত ২২ মাৰ্চত তিলোত্তমা বৰুৱা সোঁৱৰণী চতুৰ্থ বাৰ্ষিক সদৌ অসম আন্তঃশিক্ষানুষ্ঠান ছাত্ৰীৰ তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় লতাশিলৰ বিষ্ণু-নিৰ্মলা ভৱনৰ প্ৰেক্ষাগৃহত।আৰম্ভণিতে পৰিয়ালৰ লোকে তিলোত্তমা বৰুৱাৰ প্ৰতিকৃতিৰ সমুখত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলী জনায় ৷ তিলোত্তমা বৰুৱাৰ চমু পৰিচয় দাঙি ধৰে স্বনামধন্য সাহিত্যিক নৱকান্ত বৰুৱাদেৱৰ জীয়ৰী তথা কটন বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা উপলা বৰুৱাই । সম্পূৰ্ণ সংসদীয় আৰ্হিত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাখনত অসমৰ ২৩ খন বিভিন্ন শিক্ষানুষ্ঠানৰ ১৮ টা ছাত্ৰীৰ দল আৰু ১৮ গৰাকী ছাত্ৰীয়ে এককভাৱে যোগদান কৰে। তৰ্ক প্ৰতিযোগিতাখনত অধ্যক্ষ আছিল গুৱাহাটী দূৰদৰ্শনৰ এসময়ৰ বাতৰি পৰিৱেশক বেদান্ত কুমাৰ শৰ্মা, বিচাৰকৰ আসন গ্ৰহণ কৰিছিল আসাম ট্ৰিবিউন কাকতৰ সহ সম্পাদক মনীষ গোস্বামী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ M.Ed পাঠ্যক্ৰমৰ সহকাৰী অধ্যাপিকা ড° বিদুলা শৰ্মা । বিচাৰকৰ সিদ্ধান্ত অনুসৰি শ্ৰেষ্ঠ তাৰ্কিক দলৰ সন্মান লাভ কৰা অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ চাইনী ভূঞা আৰু সৃষ্টি বৰুৱাক আঠ হেজাৰ টকা , দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক দলৰ সন্মান লাভ কৰা এন. ই. এফ. আইন মহাবিদ্যালয়ৰ ঈপ্সিতা হাজৰিকা আৰু নিচাত তামান্না লস্কৰক ছয় হেজাৰ টকা প্ৰদান কৰা হয় ৷শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰা নগাঁৱৰ ড: বি.কে.বি. মহাবিদ্যালয়ৰ জুহিতা কলিতাক চাৰি হেজাৰ টকা, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰা কটন বিশ্ববিদ্যালয়ৰ অভীস্পা কলিতাক তিনি হেজাৰ টকা, তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰা চি. পি. এম. এছ. নাৰ্চিং কলেজৰ নিশা পাঠকক দুহেজাৰ টকা আগবঢ়োৱাৰ লগতে বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ প্ৰদান কৰা হয় ৷ বিচাৰকৰ বিশেষ বঁটা লাভ কৰা নীলাচল জাতীয় বিদ্যালয়ৰ বৰ্ফানী ডেকাক নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷আজিৰ অনুষ্ঠানত ইন্দ্ৰধনুৰ কবি ডিম্বেশ্বৰ নেওগদেৱৰ কন্যা জীৱন মাধুৰী নেওগ বৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় কুইজ পৰিচালক শৈলেন বৈশ্য উপস্থিত আছিল ৷ অনুষ্ঠানটোৰ আঁত ধৰে নাৰী সাৰস্বত মঞ্চৰ সদস্যা জিণ্টীৰাণী ডেকা আৰু পাপৰি দেৱীয়ে ।তৰ্ক প্ৰতিযোগিতাখনৰ সমুদায় খৰচ বহন কৰে তিলোত্তমা বৰুৱাৰ পৰিয়ালে ৷
20/02/2026
নাৰী সাৰস্বত মঞ্চৰ উদ্যোগত তিলোত্তমা বৰুৱা সোঁৱৰণী চতুৰ্থ বাৰ্ষিক সদৌ অসম ছাত্ৰীৰ ্তৰ্ক প্ৰতিযোগিতাখন ২২ মাৰ্চত অনুষ্ঠিত হ’ব ৷
07/11/2025
“নাৰী সাৰস্বত মঞ্চ“ৰ উদ্যোগত ২০২৫ চনৰ ৬ নৱেম্বৰ বৃহস্পতিবাৰে কামাখ্যাৰ নীলাচল জাতীয় বিদ্যালয়ৰ ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰছাত্ৰীৰ মাজত ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ বিষয়ক এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷নীলাচল জাতীয় বিদ্যালয়ে দুদিনীয়াকৈ আয়োজন কৰা সাহিত্য দিৱসৰ বিভিন্ন প্ৰতিযোগিতাৰ লগতে কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷ কুইজ প্ৰতিযোগিতাখনত ৩৫ গৰাকী ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগিতাৰ শেষত শ্ৰেষ্ঠ বিজয়ী দল তিনিটাক “নাৰী সাৰস্বত মঞ্চ”ৰ তৰফৰ পৰা গ্ৰন্থ আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয় ৷
26/10/2025
ক্ষীৰোদা চৌধুৰী সোঁৱৰণী সপ্তম বাৰ্ষিক ছাত্ৰীৰ কুইজ প্ৰতিযোগিতা সম্পন্ন
“নাৰী সাৰস্বত মঞ্চ”ৰ উদ্যোগত “ক্ষীৰোদা চৌধুৰী সোঁৱৰণী” সপ্তম বাৰ্ষিক সদৌ অসম ছাত্ৰীৰ কুইজ প্ৰতিযোগিতাখন আজি কটন বিশ্ববিদ্যালয়ৰ এলামনাই হলত অনুষ্ঠিত হৈ যায় ৷ আৰম্ভণিতে ক্ষীৰোদা চৌধুৰীৰ প্ৰতিকৃতিৰ সমুখত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলী জনায় পৰিয়ালবৰ্গই ।কুইজ প্ৰতিযোগিতাখন ঊদ্বোধন কৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা যান্ত্ৰিক অভিযন্তা তথা সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটাৰে সন্মানিত বন্দিতা ফুকনে । অসমৰ বিভিন্ন মহাবিদ্যালয়, বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ৩১ টা ছাত্ৰীৰ দলে অংশ গ্ৰহণ কৰা কুইজ প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডটো জুবিন গাৰ্গৰ প্ৰশ্নৰে সজাই তেওঁৰ সোঁৱৰণত উচৰ্গা কৰা হৈছে ৷“বিশ্বৰ সাহিত্য জগত” বিষয়ক কুইজ প্ৰতযোগিতাখন পৰিচালনা কৰে উত্তৰ পূৰ্বাঞ্চলৰ জনপ্ৰিয় কুইজ পৰিচালক তথা বৈশ্য ষ্টাডি চেণ্টাৰৰ সঞ্চালক শ্ৰীযুত শৈলেন বৈশ্যই ।নৱম শ্ৰেণীৰ পৰা গৱেষক ছাত্ৰীৰ বাবে মুকলি কুইজ প্ৰতিযোগিতাখনত প্ৰথম স্থান লাভ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ নিকিতা ৰহমান আৰু জিলা শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মৰিগাঁওৰ কৰৱী শৰ্মাৰ দলে, দ্বিতীয় স্থান লাভ কৰে শংকৰদেৱ শিশু নিকেতন ঘগ্ৰাপাৰৰ হিমলীনা বৰুৱা আৰু শংকৰদেৱ শিশু নিকেতন ইচ্ছাদঘৰীয়াৰ মঞ্জিষ্ঠা কুমাৰৰ দলে, তৃতীয় স্থান লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ নিশিগন্ধা অনুভৱী আৰু মৃদুস্মিতা ভট্টাচার্যৰ দলে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুৰাধা ৰাণা দাস আৰু চুমাইয়া চুলতানাৰ দলে চতুৰ্থ স্থান লাভ কৰে, পঞ্চম স্থান লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ মৈত্ৰেয়ী বৰুৱা আৰু মৃগাক্ষী মহন্তৰ দলে ,ষষ্ঠ স্থান লাভ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অনুৰাধা গোস্বামী আৰু মল্লিকা দাসৰ দলে ৷ চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত ছটা দলক ক্ৰমে আঠ হেজাৰ, ছয় হেজাৰ, চাৰি হেজাৰ, আঢ়ৈ হেজাৰ, দুহেজাৰ আৰু ডেৰ হেজাৰ নগদ ধনৰ লগতে প্ৰতিটো দলক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷ শ্ৰেষ্ঠ দৰ্শকৰ পুৰস্কাৰ লাভ কৰা শ্বিলঙৰ উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ চন্দনা তালুকদাৰ আৰু যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পলাশী বৰাক নগদ ধন, ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানটোৰ আঁত ধৰে মঞ্চৰ সদস্যা জিণ্টী ৰাণী ডেকাই । কুইজ প্ৰতিযোগিতাখনৰ সমূদায় ধন আগবঢ়ায় ক্ষীৰোদা চৌধুৰীৰ পৰিয়ালে৷
11/09/2025
“নাৰী সাৰস্বত মঞ্চ“ৰ উদ্যোগত ২০২৫ চনৰ ১১ চেপ্তেম্বৰ বৃহস্পতিবাৰে দিশপুৰৰ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰছাত্ৰীৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ কুইজ প্ৰতিযোগিতাখনত ৪২ গৰাকী ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগিতাৰ শেষত শ্ৰেষ্ঠ বিজয়ী দল তিনিটাক “নাৰী সাৰস্বত মঞ্চ”ৰ তৰফৰ পৰা গ্ৰন্থ আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয় ৷
12/08/2025
“নাৰী সাৰস্বত মঞ্চ“ৰ উদ্যোগত ২০২৫ চনৰ ১২ আগষ্ট মঙলবাৰে হাতীগাঁওৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰছাত্ৰীৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷কুইজ প্ৰতিযোগিতাখনত ৪৮ গৰাকী ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷প্ৰতিযোগিতাৰ শেষত শ্ৰেষ্ঠ বিজয়ী দল তিনিটাক “নাৰী সাৰস্বত মঞ্চ”ৰ তৰফৰ পৰা গ্ৰন্থ আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয় ৷