AAP Guwahati Loksabha

AAP Guwahati Loksabha

Share

This is the official Aam Aadmi Party page for the Guwahati Lok Sabha election 2024. You'll find all the required information on our activities on this page

24/03/2024

বিজেপিৰ গুণ্ডাৰাজ! কালি আপৰ কেন্দ্ৰীয় নেতা দিলীপ কুমাৰ পাণ্ডে ডাঙৰীয়াৰ উপস্থিতিত তিনিচুকীয়াত অনুষ্ঠিত হোৱা "দিল্লী শাসনৰ আৰ্হি" অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ অহা দুগৰাকী যুৱকক বিভিন্ন ভাবুকি প্ৰদান কৰে অসমৰ কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াই। এয়া মুকলিভাৱে নিৰ্বাচনী আয়োগৰ নীতিৰ উলংঘা হৈছে।


21/03/2024
17/03/2024

নিৰ্বাচনী বণ্ডৰ আৰত থকা কাহিনী

যদি আপুনি দেশক লৈ চিন্তিত, তেন্তে জানি থওক বিজেপিয়ে কেনেকৈ দেশৰ ‘সৰ্ববৃহৎ কেলেংকাৰী’ সংঘটিত কৰিলে। তাৰ কিছু তথ্য এনেধৰণৰ:-

১) ২৫ জানুৱাৰী, ২০১৯: চিবিআইৰ অভিযান ডিএলএফৰ কাৰ্যালয়ত। আৰু ৯ অক্টোবৰ, ২০১৯: ডি এল এফে নিৰ্বাচনী বণ্ডত বিজেপিক চান্দা দিব লগীয়া হয়।

২) ১৯ ফেব্ৰুৱাৰী, ২০১৯: ডেভিছ লেবৰেটৰীত আয়কৰ বিভাগৰ অভিযান চলে। আৰু ৫ জুলাই, ২০২৩: ডেভিছ লেবৰেটৰীয়ে বিজেপিক চান্দা দিয়ে।

৩) ১৮ এপ্ৰিল ২০১৯ ত নৱযুগ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ই ডিৰ অভিযান চলে আৰু ১০ অক্টোবৰ ২০২২ত নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানীয়ে ৯০ কোটি টকা বিজেপিক চান্দা দিয়ে। এই কোম্পানীটোৱে উত্তৰাখণ্ডত এটা সুৰংগ নিৰ্মাণ কৰি আছিল। আৰু এটা সন্দেহজনক দুৰ্ঘটনাত ১৭ দিন আৱদ্ধ হৈ আছিল ৪১ জন শ্ৰমিক। বিষয়টোৰ তদন্তও হৈ নুঠিল।

৪) ২৩ জানুৱাৰী, ২০২০: ইউনাইটেড ফছফৰাছ ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান চলে। আৰু ১৫ নৱেম্বৰ, ২০২২: ইউনাইটেড ফছফৰাছ ইণ্ডিয়া লিমিটেডে নিৰ্বাচনী বণ্ডত বিজেপিক চান্দা দিয়ে।

৫) ২৫ জুন, ২০২০: আই এফ বি এগ্ৰোৰ কাৰ্যালয়ত জি এছ টি অভিযান চলে। আৰু ৮ অক্টোবৰ, ২০২১: আই এফ বি এগ্ৰোৱে বিজেপিক চান্দা দিয়ে।

৬) ২৬ ডিচেম্বৰ, ২০২০ঃ গাজিয়াবাদস্থিত যশোদা হাস্পতালত আয়কৰ বিভাগৰ অভিযান চলে।
এপ্ৰিল ২০২১ আৰু অক্টোবৰ ২০২২: যশোদা হাস্পতালে বিজেপিক ১৬২ কোটি চান্দা দিয়ে।

৭) HETERO DRUGS আৰু HETERO LABS
৯ অক্টোবৰ, ২০২১: হেটাৰ’ ড্ৰাগছ আৰু হেটাৰ’ লেবৰ ওপৰত আয়কৰ বিভাগৰ অভিযান চলে। আৰু ৭ নৱেম্বৰ, ২০২২: হেটাৰ’ ড্ৰাগছ আৰু হেটাৰ’ লেবে বিজেপিক চান্দা দিয়ে।

৮) HALDIA ENGINEERING
২০ মাৰ্চ, ২০২০: হালদিয়া ইঞ্জিনিয়াৰিঙৰ বিৰুদ্ধে চিবিআইৰ অভিযান চলে। আৰু ৪ অক্টোবৰ, ২০২১: হালদিয়া ইঞ্জিনিয়াৰিঙে বিজেপিক বৃহৎ অংকৰ চান্দা দিয়ে।

৯) জুলাই ২০২১: চেন্নাই গ্ৰীণউডছত আয়কৰ বিভাগৰ অভিযান চলে। আৰু চেন্নাই গ্ৰীণউডছে ৫ জুলাই, ২০২২ ত বিজেপিক চান্দা দিয়ে।

১০) ২৩ মাৰ্চ ২০২২: হিৰো মটৰ কোম্পানীত আয়কৰ বিভাগৰ অভিযান চলে। আৰু ৭ অক্টোবৰ, ২০২২: হিৰো মটৰ কোম্পানীয়ে বিজেপিক চান্দা দিয়ে।

১১) ২ এপ্ৰিল ২০২২: ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিছেজৰ ৪০৯ কোটি টকাৰ সম্পত্তি ই ডিয়ে বাজেয়াপ্ত কৰে।আৰু ৭ এপ্ৰিল ২০২২: ফিউচাৰ গেমিং আৰু হোটেল চাৰ্ভিছেজে ১০০ কোটি টকা বিজেপিক চান্দা দিয়ে।

১২) ২১ এপ্ৰিল, ২০২২: জিন্দাল ষ্টীল এণ্ড পাৱাৰ লিমিটেডত ইডিৰ অভিযান চলে। আৰু ৭ অক্টোবৰ, ২০২২: জিন্দাল ষ্টীল এণ্ড পাৱাৰ লিমিটেডে বিজেপিক চান্দা দিয়ে।

১৩) ১৪ জুলাই, ২০২২: মাইক্ৰ’ লেবত আয়কৰ বিভাগৰ অভিযান চলে। আৰু
১০ অক্টোবৰ, ২০২২: মাইক্ৰ’ লেবে এই বিজেপিক চান্দা দিয়ে।

১৪) ১৫ নৱেম্বৰ, ২০২২: এন চি চি(নেচনেল কনষ্ট্রাকচন কোম্পানী)ৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান চলে। আৰু নৱেম্বৰ ২০২২: এন চি চিয়ে বিজেপিক চান্দা দিয়ে।

১৫) ০৪ আগষ্ট, ২০২৩: কল্পতৰু কোম্পানীৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান চলে। আৰু ১০ অক্টোবৰ, ২০২৩: কল্পতৰু কোম্পানীয়ে বিজেপিক চান্দা দিয়ে।

১৬) ১৩ নৱেম্বৰ, ২০২৩: ডাঃ ৰেড্ডী লেবত আয়কৰ বিভাগৰ অভিযান চলে। আৰু ১৭ নৱেম্বৰ, ২০২৩: ডাঃ ৰেড্ডী লেবে বিজেপিক চান্দা দিয়ে।

১৭) ১৯ ডিচেম্বৰ, ২০২৩: চিৰ্ডি চাই ইলেক্ট্ৰিকেল লিমিটেডৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান চলে। আৰু
১১ জানুৱাৰী, ২০২৪: চিৰ্ডি চাই ইলেক্ট্ৰিকেল লিমিটেড বিজেপিক চান্দা দিয়ে।

১৮) ১০ নৱেম্বৰ, ২০২৩: অৰবিন্দ ফাৰ্মাৰ এম ডিক বিজেপি চৰকাৰে গ্ৰেপ্তাৰ কৰে। আৰু ১৫ নৱেম্বৰ, ২০২৩: অৰবিন্দ ফাৰ্মা কোম্পানীয়ে বিজেপিক চান্দা দিয়ে।

১৯) ২০২৩ চনৰ এপ্ৰিল মাহত মোঘা ইঞ্জিনিয়াৰিঙে বিজেপিক কোটি কোটি টকাৰ চান্দা দিয়ে। আৰু ২০২৩ চনৰ মে’ মাহত মেঘা ইঞ্জিনিয়াৰিঙে ১৪,৪০০ কোটি টকাৰ ঠিকা লাভ কৰে।

২০) ১৮ আগষ্ট ২০২২: ভাৰতীয় ছিৰাম ইনষ্টিটিউটে এদিনতে বিজেপিক ৫২ কোটি টকা চান্দা আগবঢ়ায়। আৰু ২২ আগষ্ট ২০২২: মোডীয়ে কোম্পানীটোক ক'ভিড ভেকচিন প্ৰস্তুত কৰিবলৈ ঠিকা দিয়ে।

২১) বেদান্ত কোম্পানীয়ে বিজেপিক ৪০০ কোটি টকা চান্দা দিয়ে। আৰু কেন্দ্র চৰকাৰে চৰকাৰী বৃহৎ কোম্পানী বিপিচিএলক বেদান্তৰ হাতত গতাই দিয়া হয়।

২২) TORRENT POWER:-
১০ জানুৱাৰী, ২০২৪: টৰেণ্ট পাৱাৰ নামৰ এটা কোম্পানীয়ে বিজেপিক ৮৬.৫ কোটি টকাৰ চান্দা দিয়ে। আৰু
৭ মাৰ্চ, ২০২৪: মহাৰাষ্ট্ৰত টোৰেণ্ট পাৱাৰ কোম্পানীয়ে ৪৭০০০ কোটি টকাৰ ৩০৬ মেগাৱাট সৌৰ প্ৰকল্প লাভ কৰে।

২৩) ২০২৩ চনৰ জুলাই : আই আৰ বি ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ এটা কোম্পানীয়ে বিজেপিক বহু কোটি টকাৰ চান্দা আগবঢ়ায়। আৰু তাৰ কেইমাহমানৰ ভিতৰত কোম্পানীটোৱে প্ৰায় ৮০০০ কোটি টকাৰ প্ৰজেক্ট লাভ কৰে।

২৪) ১০ অক্টোবৰ, ২০২২: এপকো ইনফ্ৰাই বিজেপিক বহু কোটি টকাৰ চান্দা দিয়ে। আৰু কোম্পানীটোৱে লাভ কৰে ৯০০০ কোটি টকাৰ চৰকাৰী ঠিকা।

২৫) নৱেম্বৰ, ২০২৩: ৱাণ্ডাৰ চিমেণ্ট কোম্পানীয়ে বিজেপিক বহু কোটি টকাৰ চান্দা দিয়ে। আৰু ৬ জানুৱাৰী, ২০২৪: গুজৰাটত ৱাণ্ডাৰ চিমেণ্টৰ নতুন কাৰখানা মুকলি কৰিবলৈ বিজেপি চৰকাৰে অনুমতি দিয়ে।

২৬) ৬ মে’ ২০১৯: ব্রাইট ষ্টাৰ ইনভেষ্টমেণ্টে কোম্পানীয়ে বিজেপিক বহু কোটি টকাৰ চান্দা দিয়ে। আৰু ৪ নৱেম্বৰ ২০২২ ত অসমৰ চিকিৎসা খণ্ডত ঠিকা লাভ কৰে।

এনেকৈয়ে বিজেপিয়ে ইলেকট্র'ৰেল বণ্ডৰ নামত কোটি কোটি টকা সংগ্রহ কৰিলে। আৰু কিমান লুটিব বিজেপিয়ে???

13/03/2024

অসম সাহিত্য সংস্কৃতিৰ বিষয়ে কি কি কয় শুনক এবাৰ।

12/03/2024

আপোনাৰ পছন্দৰ প্ৰাৰ্থী কোনগৰাকী ?

10/03/2024

My TV চলোৱা survey অনুসৰি অসমত আম আদমি পাৰ্টিয়ে প্ৰতিদ্বন্দিতা আগবঢ়ুৱা তিনিটা সমষ্টিৰ দুটা লোকসভা সমষ্টি ডিব্ৰুগড় আৰু গুৱাহাটী আগবাঢ়ি আছে। আপোনালোকৰ সহায় সহযোগিতাই আম আদমী পাৰ্টিক মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহায় কৰিব।


Photos from AAP Guwahati Loksabha's post 08/03/2024

তাৰিখ ৭ মাৰ্চ বৃহস্পতিবাৰ।।
গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত চমৰীয়া বিধানসভা সমষ্টি সমিতিৰ সৈতে মত-বিনিময়, উপস্থিত থাকে ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মা ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী ডা° ভবেন চৌধুৰী ডাঙৰীয়, চমৰীয়া সমষ্টিৰ তত্বাৱধায়ক চুৰমান আলি ডাঙৰীয়া, সমষ্টিৰ সভাপতি আলীফ খান, সমষ্টিৰ সম্পাদক মোবাৰক আলি ডাঙৰীয়াৰ লগতে বিভিন্ন বিষয়ববীয়া সকল ।
Dr. Bhaben Choudhury Surman Ali Rajesh Sharma AAP Aam Aadmi Party Assam Aam Aadmi Party Arvind Kejriwal Mobarok Hussain AAP Women's Wing - Assam Aam Aadmi Party

08/03/2024

ভাৰতৰ ৰাইজৰ সমুখত বৰ্তমান দুটা মডেল আছে- সাম্প্ৰদায়িকতা আৰু দুৰ্নীতিৰ বিজেপি মডেল আৰু উন্নয়ন আৰু সততাৰ কেজৰিৱালৰ মডেল। ৰাইজে নিশ্চয় সঠিক সিদ্ধান্ত ল'ব।


#অসমতো_কেজৰিৱাল

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Address


Aam Aadmi Party State Head Office, 2nd Floor, SM Complex
Guwahati
781006