BJP Minority Morcha Assam Pradesh

BJP Minority Morcha Assam Pradesh

Share

Welcome to BJP Minority Morcha Assam Pradesh! Led by former Rajya Sabha MP Shantiuse Kujur.

Photos from BJP Minority Morcha Assam Pradesh's post 03/06/2026

নতুন দিল্লীত মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মহোদয়াক সৌজন্যমূলক সাক্ষাৎ কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।

এই সাক্ষাৎকালত অসমৰ সাম্প্ৰতিক উন্নয়নমূলক যাত্ৰা, ৰাজ্যখনৰ দ্ৰুত অগ্ৰগতি আৰু ভৱিষ্যৎ উন্নয়নৰ বিভিন্ন দিশৰ ওপৰত ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হয়।

এক শক্তিশালী, সমৃদ্ধ আৰু বিকশিত অসমৰ লক্ষ্যৰে আগবাঢ়ি যোৱাৰ এই প্ৰয়াস নিঃসন্দেহে ৰাজ্যখনৰ বাবে এক ইতিবাচক পদক্ষেপ।

02/06/2026

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীস্থিত নিটি ভৱনত নিটি আয়োগৰ নৱনিযুক্ত উপাধ্যক্ষ শ্ৰী অশোক কুমাৰ লাহিড়ীক সাক্ষাৎ কৰে আৰু শুভেচ্ছা জ্ঞাপন কৰে।

Photos from BJP Minority Morcha Assam Pradesh's post 01/06/2026

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সংগঠক হিচাপে নিযুক্তি লাভ কৰা শ্ৰদ্ধাৰ শ্ৰীযুত নাগেন্দ্ৰ নাথ ত্ৰিপাঠী ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিলোঁ।

Photos from BJP Minority Morcha Assam Pradesh's post 01/06/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলক সাক্ষাৎ কৰে।

Photos from BJP Minority Morcha Assam Pradesh's post 01/06/2026

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডব্যক সাক্ষাৎ কৰে।

সাক্ষাৎকালত অসমৰ ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়ন, শ্ৰমিক কল্যাণ আৰু নিযুক্তিৰ সুযোগ বৃদ্ধিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হয়।

অসমৰ উন্নয়ন আৰু যুৱ সমাজৰ উজ্জ্বল ভৱিষ্যতৰ দিশত এই আলোচনা যথেষ্ট তাৎপৰ্যপূৰ্ণ।

01/06/2026

কাজিৰঙা লোকসভা সমষ্টিৰ মাননীয় সাংসদ তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক শ্ৰী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ শুভ জন্মদিনৰ পবিত্ৰ ক্ষণত তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু হিয়াভৰা ওলগ জ্ঞাপন কৰিলোঁ। 💐

জনসেৱাৰ প্ৰতি তেখেতৰ নিষ্ঠা, কৰ্মদক্ষতা আৰু নেতৃত্বই সমাজ তথা ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত অনুপ্ৰেৰণাৰ উৎস হৈ আছে। ঈশ্বৰৰ ওচৰত তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু, সুখ-সমৃদ্ধি আৰু আগন্তুক দিনসমূহত অধিক সফলতা কামনা কৰিলোঁ।

🎂 শুভ জন্মদিন, কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া। 🙏

Photos from BJP Minority Morcha Assam Pradesh's post 31/05/2026

আজি বিজেপি সংখ্যালঘু মৰ্চাৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীযুত শান্তিয়াছ কুজুৰ ডাঙৰীয়াৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল সভা অনুষ্ঠিত হয়।

সভাত আগন্তুক দিনসমূহত দলৰ দ্বাৰা নিৰ্ধাৰিত বিভিন্ন কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ উদ্দেশ্যে বিস্তৃতভাৱে আলোচনা কৰা হয়।

উক্ত সভাত ৰাজ্যিক বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য-সদস্যা, বিভিন্ন কোষৰ আহ্বায়ক-সহ আহ্বায়ক, সন্মানীয় জিলা সভাপতি, সাধাৰণ সম্পাদক আৰু মণ্ডল সভাপতি সকল উপস্থিত থাকে।

31/05/2026

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসৰ্বানন্দ সোণোৱালৰ সৈতে সাক্ষাতত মিলিত হয়।

31/05/2026

অসমৰ উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ শক্তিশালী কৰাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰক সাক্ষাৎ কৰে।

এই সাক্ষাৎকালত অসমৰ সৈতে চুবুৰীয়া দেশসমূহৰ বাণিজ্যিক আৰু পৰ্যটন সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বিভিন্ন দিশত ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হয়।

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Website

Address


Atal Bihari Vajpayee Bhawan, Basistha Chariali, Beltola
Guwahati
781028