BJP Minority Morcha Assam Pradesh

Directions

BJP Minority Morcha Assam Pradesh Welcome to BJP Minority Morcha Assam Pradesh! Led by former Rajya Sabha MP Shantiuse Kujur.

09/11/2026

🙏🙏🙏

08/11/2026

আজি নগাঁৱত মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াক এগৰাকী বিশেষভাৱে সক্ষম লোকে এনেদৰে আদৰণি জনায়।

ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক, ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে ...
08/11/2026

ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক, ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে বিভূষিত শ্ৰদ্ধাৰ শ্ৰীযুত লালকৃষ্ণ আদৱানী ডাঙৰীয়াৰ ১০০সংখ্যক জন্মদিৱসত তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।

ৰাষ্ট্ৰৰ প্ৰতি তেখেতৰ নিষ্ঠা, সমৰ্পণ, দূৰদৰ্শী চিন্তাধাৰা আৰু সাংগঠনিক নেতৃত্ব ভাৰতীয় ৰাজনীতিৰ ইতিহাসত সদায় স্মৰণীয় হৈ ৰ'ব।

পৰমেশ্বৰৰ ওচৰত তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সুন্দৰ জীৱনৰ বাবে প্ৰাৰ্থনা জনালোঁ।

07/11/2026

CM Dr° Himanta Biswa Sarma Ji cooked and HOW! 😎🔥

🇮🇳 বন্দে মাতৰম্ 🇮🇳মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধা, সমৰ্পণ আৰু দেশপ্ৰেমৰ চিৰন্তন প্ৰতীক বন্দে মাতৰমৰ ১৫০ বছৰীয়া গৌৰৱোজ্জ্বল যাত্...
07/11/2026

🇮🇳 বন্দে মাতৰম্ 🇮🇳

মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধা, সমৰ্পণ আৰু দেশপ্ৰেমৰ চিৰন্তন প্ৰতীক বন্দে মাতৰমৰ ১৫০ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাত সমূহ দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।

বন্দে মাতৰম্ কেৱল এটি গীত নহয়, ই প্ৰতিগৰাকী ভাৰতীয়ৰ আত্মগৌৰৱ আৰু হৃদয়ৰ স্পন্দন।

সকলো বীৰ শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণিপাত। 🇮🇳

🙏 আধ্যাত্মিকতা, ভক্তি আৰু সেৱাৰ এক পৱিত্ৰ ক্ষণ।আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধাৰাপুৰত নৱনিৰ্ম...
06/11/2026

🙏 আধ্যাত্মিকতা, ভক্তি আৰু সেৱাৰ এক পৱিত্ৰ ক্ষণ।

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধাৰাপুৰত নৱনিৰ্মিত ধাৰাপুৰ চাৰিআলি কালী মন্দিৰৰ শুভ উদ্বোধন কৰে। লগতে মন্দিৰ প্ৰাংগণত অনুষ্ঠিত শ্ৰীশ্ৰী শ্যামা কালী পূজাত অংশগ্ৰহণ কৰি অসমবাসীৰ সুখ-শান্তি, সমৃদ্ধি আৰু সৰ্বাংগীণ মংগলৰ কামনাৰে মা কালীৰ শ্ৰীচৰণত সেৱা আগবঢ়ায়।

উল্লেখ্য যে, মন্দিৰভাগৰ নিৰ্মাণকাৰ্যৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ২০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।

মা কালীৰ আশিসেৰে অসমবাসীৰ জীৱনলৈ নামি আহক সুখ, শান্তি আৰু সমৃদ্ধি। 🙏

জয় মা কালী। 🚩

অসমৰ বিশিষ্ট সাহিত্যিক তথা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰম পূজনীয় মাতৃ শ্ৰীযুতা মৃণালিনী দেৱী ...
06/11/2026

অসমৰ বিশিষ্ট সাহিত্যিক তথা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰম পূজনীয় মাতৃ শ্ৰীযুতা মৃণালিনী দেৱী ডাঙৰীয়ানীলৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।

মা কামাখ্যাই আপোনাক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰাৰ লগতে অনাগত দিনবোৰত কাম কৰি যাবলৈ শক্তি প্ৰদান কৰক, তাৰেই কামনা কৰিলোঁ।

04/11/2026

জনতা জনাৰ্দনেই হৈছে গণতন্ত্ৰৰ প্ৰকৃত শক্তি...! ✊

আজি গোৱালপাৰাত বিজেপি অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত বৰপুখুৰী, তিলাপাৰাৰ পৰা বাপুজী নগৰলৈ উলিওৱা ‘গণতন্ত্ৰ বচাও, অৰাজকতা হটাও’ শীৰ্ষক বিশাল জনজাগৰণ সমদলে এক শক্তিশালী বাৰ্তা প্ৰদান কৰিলে।

এই জনসমুদায়ে স্পষ্ট কৰি দিলে যে অসমৰ শান্তি, সম্প্ৰীতি আৰু ঐক্য বিনষ্ট কৰাৰ উদ্দেশ্যে ভুৱা প্ৰচাৰ আৰু অপপ্ৰচাৰৰ আশ্ৰয় লোৱা কোনো শক্তিকেই অসমৰ সচেতন জনসাধাৰণে কেতিয়াও সমৰ্থন নকৰে।

ভুৱা নেৰেটিভৰ বিপৰীতে অসম আজি উন্নয়ন, প্ৰগতি আৰু বিকাশৰ সংকল্পৰে আগুৱাই গৈছে। জনতাৰ আস্থা আৰু সহযোগিতাৰে বিকশিত অসমৰ সপোন বাস্তৱায়িত কৰাৰ যাত্ৰা অব্যাহত থাকিব।

জনতাৰ শক্তিয়েই আমাৰ শক্তি।
বিকশিত অসমৰ সংকল্পই আমাৰ লক্ষ্য।

আজি বিহাৰ ভ্ৰমণৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াই বিহাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীসম্ৰাট চৌধু...
04/11/2026

আজি বিহাৰ ভ্ৰমণৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াই বিহাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীসম্ৰাট চৌধুৰীৰ বাসগৃহত উপস্থিত হৈ এনেদৰে সাক্ষাতত মিলিত হয়।

বিহাৰৰ পূৰ্ণিয়া বিমানবন্দৰত মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াক উষ্ম আদৰণি জনোৱা হয়।
04/11/2026

বিহাৰৰ পূৰ্ণিয়া বিমানবন্দৰত মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াক উষ্ম আদৰণি জনোৱা হয়।

Address

Atal Bihari Vajpayee Bhawan, Basistha Chariali, Beltola
Guwahati
781028

Website

Alerts

Be the first to know and let us send you an email when BJP Minority Morcha Assam Pradesh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Nearby government services