12/12/2024
আমাৰ মহাবিদ্যালয়ৰ ২০১৪-১৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ তথা ২০১৬-১৯ বৰ্ষৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্ৰ কংকনজ্যোতি শৰ্মাই এক জটিল পৰিস্থিতিত কৰ্কট ৰোগৰ সৈতে যুঁজি আছে। কংকনৰ ঘৰখনো ইতিমধ্যে আবেগিক আৰু আৰ্থিক ভাৱে ভাঙি পৰিছে। আৰ্থিক ভাৱে সহায় কৰি কংকন আৰু পৰিয়ালটোৰ কাষত থিয় দিওঁ আহক।
13/04/2024
পূব কামৰূপ মহাবিদ্যালয়ৰ ২০১৮-২১ বৰ্ষৰ ছাত্ৰী Sweety Kakati ক সহায় কৰোঁ আহক।
"আপোনাৰ ১টকা মোৰ বাবে এটা উশাহৰ অক্সিজেনৰ সমান হব।
নমস্কাৰ মই চুইটি কাকতি, আপোনালোকৰ পৰা ২ মিনিট সময় বিচাৰিছোঁ, যাতে মোৰ এই পোষ্টটো পঢ়ে, কাৰণ আপোনাৰ এই দুই মিনিট সময়ৰ ফলত মোৰ জীৱন যুদ্ধখন জয়ী হোৱাত বহুত সহায় হব। মোৰ ঘৰ কমলপুৰ সমষ্টিৰ ডোৰা কহৰা গাওঁত।মই এটি মধ্যবিত্ত পৰিয়ালৰ ছোৱালী। দেউতাৰ নাম শ্ৰী গৌৰীকান্ত কাকতি আৰু মাৰ নাম বাসন্তী কাকতি। মই 2014 চনত HSLC পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হওঁ, 2017 চনত HS পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হওঁ আৰু 2021 চনত পূবকামৰূপ কলেজ (PKC) ৰ পৰা স্নাতক প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বৰ্তমান গুৱাহাটী মেডিকেল কলেজৰ laboratory internship কৰি আছিলোঁ কিন্তু দুৰ্ভাগ্যবশত বৰ্তমান মই বৃক্ক(kidney) ৰোগত আক্ৰান্ত হৈ যোৱা ছয় মাহে যুঁজি আছোঁ। কিন্তু এতিয়া মোৰ দুয়োটা বৃক্কই প্ৰায় অচল অৱস্থা। সেয়েহে ডাক্তৰে অতি সোনকালে বৃক্ক সংৰূপন(kidney transplant) কৰিব পৰামৰ্শ আগবঢ়াইছে। যোৱা ছয় মাহৰ চিকিৎসাত আমাৰ সাঁচতীয়া ধনখিনি প্ৰায় শেষ হৈ আহিছে। যিহেতু kidney transplant প্ৰক্ৰিয়াটোত যথেষ্টখিনি ধনৰ প্ৰয়োজন হব। হঠাৎ ইমানখিনি ধনৰ যোগাৰ কৰাটো আমাৰ পক্ষে অসম্ভৱ হৈ উঠিছে। বৰ্তমান মই উন্নত চিকিৎসাৰ বাবে মা দেউতাক লগত লৈ সুদূৰ তামিলনাডুৰ KMCH ত আহিছোঁ। সেয়েহে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে নিজৰ সাধ্য অনুসাৰে সহায় কৰি সকলোৱে মোক জীৱৰ থকাৰ প্ৰেৰণা দিয়ে যেন। আর্থিকভাৱে সহায় কৰিব নোৱাৰিলেও এই পোষ্টটো share কৰি মোক পুনৰ সুস্থ হৈ ঘৰলৈ উভতি যোৱাত সহায় কৰে যেন।"
Account No- 342401000005559
Bank Name- Indian overseas Bank
IFSC-IOBA0003424
Bank holder name-Sweety Kakati
GPay No- 6000636664
9101683372 (Sister Dhira kakati)
UPI Id- sweetykakati@oksbi
15/03/2022
আমাৰ মহাবিদ্যালয়ৰ নবনিযুক্ত অধ্যক্ষ ড° ভূপেন কুমাৰ শৰ্মা ছাৰক শিক্ষকগোটৰ ফালৰ পৰা উষ্ম সম্বৰ্ধনা।
25/03/2021
সময় আহিব... আমাৰো
সময় আহিব... আমাৰো
ৰাজকুমাৰ হিৰাণীৰ চিনেমা থ্ৰী ইডিয়টত এটা সংলাপ আছে "বন্ধু যেতিয়া ফেইল কৰে বেয়া লাগে, কিন্তু বন্ধু যেতিয়া আমাতকৈও আ....
20/03/2021
নতুন দিনৰ পূব কামৰূপ মহাবিদ্যালয়ৰ ৰূপকাৰ🙏
মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জ্ঞানপ্ৰতীমৰ তুলিকাত অধ্যক্ষ ড° বলেন্দ্ৰ কুমাৰ দেৱচৌধুৰী ডাঙৰীয়া।
21/08/2020
মহাবিদ্যালয়ৰ আজি প্ৰতিষ্ঠা দিৱস....যিটো দিন আমি সকলোৱে সগৌৰৱেৰে পালন কৰি আহিছিলো, সেইটো দিনটোৰ মাদকতা ম্লান কৰিলে কৰ'না মহামাৰীয়ে....
আশা কৰিছো এই সকলোবোৰৰ অন্ত পৰিব আৰু অহা বছৰ আমি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ পাম....
***জয়তু Pub Kamrup College Pub Kamrup College -পূব কামৰূপ মহাবিদ্যালয়Pub Kamrup College -পূব কামৰূপ মহাবিদ্যালয় কামৰূপ মহাবিদ্যালয় ***
15/07/2020
ছেপ্তেম্বৰত পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰৰ স্থিতি
ছেপ্তেম্বৰত পৰীক্ষা, গু:বি: স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰৰ স্থিতি
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০১৯-২০ৰ সাধাৰন সম্পাদক মুন তালুকদাৰে নিজৰ ফেচবুক পেজ যোগে কিছ...
19/04/2020
পূব কামৰূপ কলেজত বসন্তৰ ধেমালী শীৰ্ষক পকেট আলোচনীখন পূবকামৰূপ মহাবিদ্যালয়ৰ ৱেবচাইটত আপলোড কৰা হৈছে। তলৰ লিংকটোত গৈ আলোচনীখন ডাউনলোড কৰি ল'ব পাৰিব
Link 1 -http://www.pubkamrupcollege.co.in/upload/notice/1587299466.pdf
Link 2- https://www.ourthoughtourworld.org/…/04/basantardhemali.html
বসন্তৰ ধেমালি ২০২০
বসন্তৰ ধেমালি ২০২০ , Pub kamrup college
19/04/2020
আজি নিশা প্ৰায় ন বজাত আমাৰ পেজত।
10/04/2020
. ■জাননী■
পূব কামৰূপ মহাবিদ্যালয়ে প্ৰতিবছৰে প্ৰকাশ কৰা বসন্ত বিশেষ আলোচনী "পূব কামৰূপ কলেজত বসন্তৰ ধেমালি" এইবাৰ ক'ৰণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চলি থকা লকডাউনৰ বাবে ছপা আকাৰে প্ৰকাশ কৰিব পৰা নগ'ল।
কিন্তু মহাবিদ্যালয়ৰ কেইগৰাকীমান ছাত্র-ছাত্রীৰ প্ৰচেষ্টাত প্ৰকাশৰ ধাৰা অব্যাহত ৰাখি আলোচনীখন পিডিএফ আকাৰে প্ৰকাশ কৰি উলিওৱাৰ দিহা কৰা হৈছে।সেয়েহে মহাবিদ্যালৰ শিক্ষক-কৰ্মচাৰী,অধ্যয়নৰত ছাত্র-ছাত্রী আৰু প্ৰাক্তন ছাত্র-ছাত্রীৰ পৰা লেখা আহ্বান কৰা হৈছে।যথাসময়ত আপোনালোকৰ লেখা সমূহ পালেহে সোনকালে প্ৰকাশ কৰাটো সম্ভৱ হৈ উঠিব।
সেয়ে আপোনালোকে অহা ১৫ এপ্ৰিল ২০২০ৰ ভিতৰত আপোনালোকৰ বসন্ত বিশেষ কবিতা,গল্প,প্ৰৱন্ধ,অনুভৱ,কাৰ্টুন আদি আমালৈ প্ৰেৰণ কৰক।
লেখা সমূহ ৮৮১১৮৯৬৭৬২ আৰু 84868 88790 নম্বৰত হোৱাটচএপ যোগে পঠিয়াব পাৰিব।
বি.দ্ৰ:- ১)কবিতা সমূহ চুটি হোৱাটো বাঞ্চনীয়।
২) প্ৰৱন্ধ,গল্প,অনুভৱ আদি মুঠ ২০০ শব্দৰ ভিতৰত হ'ব লাগিব।
৩) লেখা সমূহৰ গুণগত মানদণ্ডৰ ওপৰত ভিত্তি কৰিহে প্ৰকাশ কৰা হ'ব।
ধন্যবাদেৰে-
সম্পাদনা সমিতি
পূব কামৰূপ কলেজৰ বসন্তৰ ধেমালি।
12/09/2019
এটা ভাল খবৰ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ দ্বাৰা আয়োজিত আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাত মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ সমীৰণ শৰ্মাই আমাৰ মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি তৃতীয় স্থান দখল কৰি সুনাম কঢ়িয়াই আনে।
লগতে সমীৰণৰ সম্পাদনাত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত "আলোক" নামেৰে এখন হাতে লিখা আলোচনীও প্ৰকাশ হয়।
আমি সমীৰণৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।