Indian National Congress - Assam

Indian National Congress - Assam

Share

Official page of Assam Pradesh Congress Committee, the leading political party of Assam.

The birth of the Assam Pradesh Congress Committee can be traced to a historical past. Just as the mother organisation, the Indian National Congress have its roots in the freedom movement, the formation of the Assam Pradesh Congress Committee was an outcome of nationalist zeal against British rule. British occupation of Assam after the Treaty of Yandaboo in 1826 exposed its people to the sinister m

04/06/2026

মোডী চৰকাৰৰ শাসন কালত পৰীক্ষা কেলেংকাৰীৰ কৰুণ পৰিণতি👇

04/06/2026

কেৱল মাত্ৰ মোডী আৰু অমিত শ্বাহৰ নেতৃত্বত চলা ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ বিফলতা আৰু গাফিলতিৰ বাবেই সৰ্বসাধাৰণ ৰাইজে ভয়ংকৰ অৰ্থনৈতিক সংকটৰ মুখামুখি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।

প্ৰতাৰিত জনতাৰ ক্ষোভৰ বহিঃপ্ৰকাশ হোৱাৰ ভয়ত ক্ৰমান্বয়ে ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাসমূহতো‌ এতিয়া আমূল পৰিৱৰ্তন আৰম্ভ হৈছে।

দেশৰ পৰিস্থিতি এইদৰেই অচলাৱস্থাৰ দিশে গতি কৰিলে অনাগত ১ বছৰৰ ভিতৰত মোডী চৰকাৰ পতন হোৱাটো নিশ্চিত।

03/06/2026

ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সন্মানীয় ডি কে শিৱকুমাৰ ডাঙৰীয়াই আজি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁলৈ অফুৰন্ত শুভেচ্ছা আৰু অভিনন্দন যাচিলো।

সদ্যবিদায়ী মুখ্যমন্ত্ৰী চিদ্দাৰামায়া ডাঙৰীয়াৰ দৰেই দীৰ্ঘদিনীয়া সাংগঠনিক অভিজ্ঞতা, জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা আৰু দলৰ প্ৰতি নিষ্ঠাৰ স্বীকৃতি হিচাপে এই দায়িত্ব লাভ কৰা ডি কে শিৱকুমাৰ ডাঙৰীয়াৰ নেতৃত্বত কৰ্ণাটকৰ সৰ্বাংগীণ উন্নয়ন, সামাজিক সম্প্ৰীতি আৰু বিকাশৰ ধাৰা নতুন দিশলৈ গতি কৰিব বুলি আশা কৰিলোঁ।

03/06/2026

২০২৫ চনৰ নৱেম্বৰৰ পৰা অৰ্থাৎ নিৰ্বাচনৰ কেইমাহমান আগৰ পৰা ৰাজ্যৰ ৭০ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীয়ে সুলভ মূল্যৰ দোকানত ১০০ টকা দৰত লাভ কৰিছিল দালি,চেনি আৰু নিমখ। সেই সময়ত এই আঁচনিক দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এক বৃহৎ সকাহ হিচাপে প্ৰচাৰ কৰা হৈছিল। কিন্তু চলিত মাহৰ পৰা ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি বন্ধ কৰি দিয়া হ'ব এই সুবিধা।

১০০ টকীয়া আঁচনিৰ অধীনত দাইল, চেনি আৰু নিমখ যোগান বন্ধ কৰাৰ সিদ্ধান্তই স্পষ্ট কৰি দিছে যে এই প্ৰতিশ্ৰুতিসমূহ জনকল্যাণৰ বাবে নহয়, বৰঞ্চ কেৱল ক্ষমতা দখলৰ বাবেহে দিয়া হৈছিল। যিসকল পৰিয়াল এই আঁচনিৰ ওপৰত নিৰ্ভৰশীল আছিল, তেওঁলোকেই এতিয়া আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব।

কেৱল মাত্ৰ ক্ষমতা লাভৰ উদ্দেশ্যেৰে নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিসমূহ প্ৰত্যাহাৰ কৰাটো গণতান্ত্ৰিক ৰাজনীতিৰ সুস্থ পৰম্পৰাৰ বিৰোধী। জনতাৰ আস্থা আৰু বিশ্বাসক এইদৰে ৰাজনৈতিক স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰা কাৰ্য গৰিহণাৰ যোগ্য।

03/06/2026

মাৰ্কিন সংবাদ সংস্থা ব্লুমবাৰ্গ ইকন'মিক্সে শেহতীয়াকৈ দাবী কৰিছে যে মে' মাহৰ শেষ সপ্তাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে ১.১৪ লাখ কোটি টকা মূল্যৰ স্বৰ্ণ বিক্ৰী কৰি ৭.৫ বিলিয়ন ডলাৰ ক্ৰয় কৰিছে। যাৰ ফলত টকাৰ মূল্য হ্ৰাস আৰু দেশৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ তীব্ৰ উদ্বিগ্নতাৰ সৃষ্টি হৈছে।

দেশৰ স্বৰ্ণ ভাণ্ডাৰত সঞ্চিত সোণ হৈছে আৰ্থিক নিৰাপত্তা আৰু স্থিতিশীলতাৰ প্ৰতীক। মাৰ্কিন সংবাদ সংস্থা Bloomberg Economics-ৰ এই দাবীয়ে নৰেন্দ্ৰ মোডীৰ এন ডি এ চৰকাৰৰ বৈদেশিক মুদ্ৰা নীতিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।

অৰ্থনৈতিক নীতিৰ ক্ষেত্ৰত স্বচ্ছতা, জবাবদিহিতা আৰু জনস্বাৰ্থৰ প্ৰতি দায়বদ্ধতাইহে দেশৰ জনসাধাৰণৰ আস্থা অটুট ৰাখিব পাৰে। সেয়েহে দেশৰ অৰ্থনীতিৰ সৈতে জড়িত এনে গুৰুত্বপূৰ্ণ বিষয়ত কোনো ধৰণৰ অস্পষ্টতা বা নীৰৱতাই জনসাধাৰণে আশা নকৰে । সোণ বিক্ৰী আৰু ডলাৰ ক্ৰয়ৰ প্ৰকৃত কাৰণ, লগতে ইয়াৰ সম্ভাৱ্য প্ৰভাৱ সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে দেশবাসীৰ আগত স্পষ্ট তথ্য দাঙি ধৰাটো বাঞ্ছনীয়।

03/06/2026

নতুন শিক্ষা বৰ্ষ আৰম্ভ হোৱাৰ দুমাহ পাৰ হ’ল যদিও আজি পৰ্যন্ত ৰাজ্যৰ বহু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই পাঠ্যপুথি। পাঠ্যপুথি‌ অবিহনেই ৯ জুনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হ’ব এইসকল শিক্ষাৰ্থী।

আনহাতে, ডিজিটেল শিক্ষাৰ নামত ব্যাপক প্ৰচাৰ চলোৱা চৰকাৰৰ টেবলেট আৰু শিক্ষা সেঁতু এপ বিভিন্ন জিলাত কাৰ্যক্ষম নোহোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি লিপিবদ্ধ কৰিব পৰা হোৱা নাই। ফলস্বৰূপে বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ পুঁজিও বন্ধ কৰি ৰখা হৈছে, যাৰ প্ৰভাৱ নপৰিছে দৰিদ্ৰ পৰিয়ালৰ শিশুসকলৰ ওপৰত।

এফালে শিক্ষাৰ্থীয়ে পাঠ্যপুথিৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে, আনফালে প্রযুক্তিগত বিজুতিৰ বাবে মধ্যাহ্ন ভোজনৰ দৰে মৌলিক সুবিধাও বাধাগ্ৰস্ত হৈছে। এই ঘটনাসমূহে স্পষ্টকৈ দেখুৱাইছে যে চৰকাৰৰ শিক্ষা খণ্ডৰ বহু ঘোষিত সফলতাৰ আঁৰত বাস্তৱ ছবিখন কিমান শোচনীয়। শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত এই সমস্যাসমূহৰ তৎকাল সমাধান উলিয়াব পাৰিবনে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে?

03/06/2026

অৱশেষত GenZ-ৰ শক্তি আৰু যুক্তিৰ আগত হাৰ মানিবলৈ বাধ্য হৈছে মোডী চৰকাৰ।

বেদান্ত, সাৰ্থক আৰু নিসৰ্গহঁতৰ দৰে মেধাৱী যুৱ শিক্ষাৰ্থীসকলে CBSE-ৰ On-Screen Marking (OSM) ব্যৱস্থাৰ গুৰুতৰ বিসংগতি আৰু অনিয়মসমূহ উদঙাই ধৰিছে। টেণ্ডাৰ প্ৰক্ৰিয়াত বাৰে বাৰে নিয়ম শিথিল কৰি শেষত বিতৰ্কিত অতীতৰ বাবে কুখ্যাত Coempt Edutech নামৰ কোম্পানীটোক সুবিধা প্ৰদান কৰা হৈছিল। এই কোম্পানীটোৱে পূৰ্বতে Globarena Technologies নামেৰে কাৰ্যকলাপ চলাইছিল আৰু ইয়াৰ বিৰুদ্ধে বিভিন্ন বিতৰ্ক জড়িত হৈ আছে।

বিশেষকৈ ১৮ বছৰীয়া সাৰ্থক সিদ্ধান্তই চৰকাৰী নথি-পত্ৰৰ আধাৰত এক শক্তিশালী আৰু তথ্যভিত্তিক যুক্তি দাঙি ধৰি দেখুৱাইছে যে কেনেদৰে টেণ্ডাৰৰ যোগ্যতাৰ মাপকাঠী কেইবাবাৰো সলনি কৰি Coempt Edutech-ৰ বাবে পথ মুকলি কৰা হৈছিল।

শিক্ষা বিষয়ক সংসদীয় স্থায়ী সমিতিৰ অধ্যক্ষ শ্ৰী দিগ্বিজয় সিঙৰ আমন্ত্ৰণত সাৰ্থকে সমিতিৰ সন্মুখত নিজৰ অনুসন্ধান আৰু তথ্যসমূহ উপস্থাপন কৰা দৃশ্যটো যথেষ্ট উৎসাহজনক।

কংগ্ৰেছৰ দৃঢ় বিশ্বাস যে GenZ কেৱল ভৱিষ্যতৰ প্ৰতিনিধি নহয়, তেওঁলোকেই বৰ্তমানৰ শক্তি। তেওঁলোকৰ কণ্ঠস্বৰ শুনা উচিত, তেওঁলোকৰ উদ্বেগ আৰু প্ৰশ্নসমূহৰ যথোচিত সমাধান হোৱা উচিত আৰু তেওঁলোকৰ প্ৰতিভাক বিকাশৰ পূৰ্ণ সুযোগ প্ৰদান কৰা উচিত।

03/06/2026

যি সময়ত বিজেপি চৰকাৰে খিলঞ্জীয়াক ভূমিৰ পট্টা প্ৰদান আৰু ভূমি অধিকাৰ সুৰক্ষাৰ কথা কৈ আহিছে, সেই সময়তেই বহু খিলঞ্জীয়া পৰিয়ালে নিজৰ পৈতৃক ভূমি ৰক্ষাৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হৈছে।

শেহতীয়াকৈ উত্থাপিত অভিযোগ অনুসৰি বহিৰাগত ব্যক্তিৰ বাণিজ্যিক স্বাৰ্থ পূৰণৰ বাবে হোটেল নিৰ্মাণৰ উদ্দেশ্যে গোৱালপাৰাত ভূমি আৱণ্টনৰ সিদ্ধান্তই স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। নিজৰ মাটি, নিজৰ সম্পদ আৰু নিজৰ অধিকাৰ ৰক্ষাৰ বাবে খিলঞ্জীয়া লোকসকলে যদি আন্দোলনৰ পথ বাছি ল'ব লগা হয়, তেন্তে প্ৰশ্ন হয় যে চৰকাৰৰ ভূমি সুৰক্ষা নীতিৰ বিশ্বাসযোগ্যতা সঁচাকৈয়ে আছেনে?

অসমৰ ভূমি আৰু খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষিত কৰাটো চৰকাৰৰ প্ৰথম দায়িত্ব হ'ব লাগে।খিলঞ্জীয়া স্বাৰ্থ ৰক্ষাৰ নামত ৰাজনীতি কৰি, পিছত সেই খিলঞ্জীয়া লোকসকলৰ অধিকাৰকেই সংকটত পেলোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক।

03/06/2026

অসমৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটো পুনৰ এবাৰ উদঙাই দিলে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিতে পৰিত্যক্ত অৱস্থাত থকা এটা উপ-স্বাস্থ্য কেন্দ্ৰই।

ডাঙৰ ডাঙৰ হৰ্ডিঙবোৰ নিৰ্বাচনৰ আগত বিকাশৰ হিচাপেৰে ভৰাই পেলোৱো বিজেপি চৰকাৰৰ দিনত একেলগে এটা ভৱনতে চলি আছে স্বাস্থ্য উপকেন্দ্ৰ আৰু অংগনবাড়ী কেন্দ্ৰ ।

এই ঘটনাই স্পষ্টকৈ দেখুৱাই যে চৰকাৰৰ প্ৰচাৰ আৰু বাস্তৱতাৰ মাজত বৃহৎ ব্যৱধান আছে। উন্নয়নৰ নামত প্ৰচাৰৰ ৰাজনীতি নহয়, জনসাধাৰণৰ মৌলিক সমস্যাসমূহ বাস্তৱক্ষেত্ৰ সমাধান কৰাটোহে চৰকাৰৰ প্ৰকৃত দায়িত্ব।

03/06/2026

অসম বিধানসভাৰ বিৰোধী দলপতি হিচাপে দায়িত্ব লাভ কৰা ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেইবাবাৰো বিধায়ক হিচাপে নিৰ্বাচিত হোৱা আৰু দীৰ্ঘ ৰাজনৈতিক তথা দলীয় সাংগঠনিক অভিজ্ঞতাৰে পৰিপুষ্ঠ চৌধুৰী ডাঙৰীয়াই এই গুৰুত্বপূৰ্ণ দায়িত্ব বিধানসভাৰ ভিতৰে-বাহিৰে সফলতাৰে পালন কৰিব বুলি আমাৰ বিশ্বাস।

সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাত শক্তিশালী আৰু দায়িত্বশীল বিৰোধী শক্তিতেই নিহিত হৈ থাকে ইয়াৰ সফলতা। বৰ্তমান সময়ত ৰাজ্যৰ নৱপ্ৰজন্ম, শ্ৰমজীৱী জনতা আৰু সাধাৰণ ৰাইজৰ বিভিন্ন মৌলিক সমস্যাসমূহ অধিক শক্তিশালীভাৱে বিধানসভাৰ মজিয়াত উত্থাপন কৰাৰ প্ৰয়োজনীয়তা আছে। বিৰোধী দলপতি হিচাপে তেওঁ জনস্বাৰ্থৰ বিষয়সমূহ দৃঢ়তাৰে উত্থাপন কৰি গণতান্ত্ৰিক ব্যৱস্থাক অধিক সবল কৰি তুলিব বুলি আশা ৰাখিলোঁ।

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Website

Address


Guwahati
781005