23/12/2023
আজি অসমৰ জনপ্ৰিয় অভিনেতা, পৰিচালক প্ৰয়াত জয়ন্ত দাস (ৰাজু)ৰ স্মৃতিত লতাশিল খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থা, শিল্পী সমাজ (অসম), কামৰূপ নাট্য সমিতি, প্ৰগতি শিল্পী সংঘ, সূৰ্য্য, গুৱাহাটী বিহু সন্মিলনী, গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ সমূহীয়া উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত সমাজৰ বিভিন্ন সন্মানীয় ব্যক্তি, স্থানীয় ৰাইজ উপস্থিত থাকে আৰু প্ৰয়াত জয়ন্ত দাস (ৰাজু)ক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
16/12/2023
অসমৰ জনপ্ৰিয় অভিনেতা, গুৱাহাটী বিহু সন্মিলনী, লতাশিলৰ সক্ৰিয় সদস্য উজান বজাৰৰ নিবাসী জয়ন্ত দাস (ৰাজু) আজি সন্ধিয়া চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা বিদায় লয়। তেখেতৰ মৃত্যু অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাইছোঁ। ওম শান্তি।
17/04/2023
গুৱাহাটী বিহু সন্মিলনী, লতাশিলৰ ২০২৩ চনৰ বিহুৰ কিছু স্থিৰচিত্ৰ।
#লতাশিল_বিহু ্ষ
10/10/2021
গুৱাহাটী বিহু সন্মিলনী, লতাশিলৰ মুখপত্ৰ "বিহুতলী"ৰ ১৯৬২, ৬৩ বৰ্ষ ৰ সম্পাদক , লেখক , বিশিষ্ট শিক্ষাবিদ শ্ৰীযুত ভূপেন বৰুৱা ডাঙৰীয়াৰ পৰলোকপ্ৰাপ্তিৰ খবৰটি পাই আমি গুৱাহাটী বিহু সন্মিলনীৰ সকলো অত্যন্ত ম্ৰিয়মান হোৱাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। গুৱাহাটী বিহু সন্মিলনী, লতাশিলৰ সমূহ সদস্য-সদস্যাৰ বাবে তেখেত স্মৰণীয় হৈ থাকিব। ওম: শান্তি।।
গুৱাহাটী বিহু সন্মিলনী
লতাশিল খেলপথাৰ
উজান বজাৰ, গুৱাহাটী।
26/11/2020
গুৱাহাটী বিহু সন্মিলনী, লতাশিলৰ উপদেষ্টা তথা অসমৰ ৰাজনীতিৰ মহীৰূহ স্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ দেৱৰ বিয়োগত তেখেতলৈ লতাশিল খেলপথাৰত একাজলি অশ্ৰু অঞ্জলি জনাই গুৱাহাটী বিহু সন্মিলনীৰ সকলো কাৰ্য্যকৰ্তা আৰু একাংশ গুণমুগ্ধই। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি লাভ কৰক। ঔঁম শান্তি: ।।
20/04/2019
গুৱাহাটীৰ বিহু সন্মিলনীৰ ২০১৯ চনৰ 'বিহু সম্ৰাজ্ঞী' খিতাপ লাভ কৰে লখিমপুৰৰ নীলম দোলাকাষৰীয়াই (মাজত)। 'বিহুৰাণী' ৰ খিতাপ লাভ কৰে ডিব্ৰুগড়ৰ নীহাৰিকা শইকীয়া (বাওঁফালে) আৰু 'বিহু কুঁৱৰী'ৰ সন্মান লাভ কৰে ডিব্ৰুগড়ৰে নিবেদিতা বৰাই (সোঁফালে)। আনহাতে শ্ৰেষ্ঠ ঢুলীয়া আৰু পেপুৱা সন্মান লাভ কৰে দেৱজিত চুতীয়া আৰু ধ্ৰুৱজ্যোতি বৈশ্যই।