Hojai Municipal Board

Call Directions Website Contact the organization

Hojai Municipal Board Under the Department of Housing and Urban Affairs ( DoHUA)

12/10/2026
আমাৰ শ্ৰদ্ধেয় মুখ্য সহায়ক শ্ৰী কৃষ্ণ কান্ত সাহা আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী শ্ৰী ৰঞ্জন সাহা ডাঙৰীয়াৰ অৱসৰ উপলক্ষে আজি...
23/09/2026

আমাৰ শ্ৰদ্ধেয় মুখ্য সহায়ক শ্ৰী কৃষ্ণ কান্ত সাহা আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী শ্ৰী ৰঞ্জন সাহা ডাঙৰীয়াৰ অৱসৰ উপলক্ষে আজি এক বিদায় সংবৰ্ধনা সভা আয়োজন কৰা হয়।
​দীৰ্ঘদিন ধৰি তেওঁলোকে আগবঢ়োৱা অৱদানৰ বাবে আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। তেওঁলোকৰ অৱসৰ জীৱন শান্তিময় আৰু স্বাস্থ্যকৰ হওক, তাৰেই শুভকামনা জনালোঁ।

CO-OPERATION WITH DOOR- TO- DOOR COLLECTION .
22/09/2026

CO-OPERATION WITH DOOR- TO- DOOR COLLECTION .

আমাৰ অতি মৰমৰ, অসমৰ গৌৰৱ তথা চিৰসেউজ শিল্পী জুবিন গাৰ্গদেৱে আমাক এৰি থৈ যোৱা আজি এবছৰ হ’ল। তেখেতৰ প্ৰথম মৃত্যুবাৰ্ষিকী উ...
19/09/2026

আমাৰ অতি মৰমৰ, অসমৰ গৌৰৱ তথা চিৰসেউজ শিল্পী জুবিন গাৰ্গদেৱে আমাক এৰি থৈ যোৱা আজি এবছৰ হ’ল। তেখেতৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে আজি হোজাই পৌৰসভাৰ কাৰ্যালয় প্ৰাংগনত এক গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানত পৌৰসভাৰ ফালৰ পৰা বন্তি প্ৰজ্বলন আৰু প্ৰতিচ্ছবিত পুষ্পাৰ্পণ কৰি আমাৰ প্ৰিয় জুবিনদালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তেখেতৰ অমৰ সৃষ্টি আৰু সুৰৰ মূৰ্চ্ছনাই প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত তেওঁক চিৰকাল জীৱন্ত কৰি ৰাখিব।

হে মহান শিল্পী, আপোনাৰ আত্মাৰ সৎগতি কামনা কৰিলোঁ। আপুনি সদায় আমাৰ হৃদয়ত সুৰ হৈ প্ৰতিধ্বনি হৈ থাকিব। 🙏❤️

আজিৰ এই পবিত্ৰ দিনটোত হোজাই পৌৰসভাৰ সৌজন্যত 'ভাৰত ৰত্ন' ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানটি অতি উলহ-...
08/09/2026

আজিৰ এই পবিত্ৰ দিনটোত হোজাই পৌৰসভাৰ সৌজন্যত 'ভাৰত ৰত্ন' ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানটি অতি উলহ-মালহেৰে সম্পন্ন কৰা হয়। কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দ আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত শিল্পীজনাৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰি আৰু তেখেতৰ কালজয়ী গীতসমূহ সোঁৱৰণ কৰি দিনটো পালন কৰা হয়। আজিৰ অনুষ্ঠানৰ আলোকচিত্ৰসমূহ আপোনালোকলৈ আগবঢ়ালোঁ।

আজি পবিত্ৰ ৰক্ষা বন্ধন উপলক্ষে হোজাই পৌৰসভা কাৰ্যালয়ত 'ব্ৰহ্মকুমাৰী' (Om Shanti) পৰিয়ালৰ শ্রদ্ধেয় ভগ্নীসকল উপস্থিত হৈ...
31/08/2026

আজি পবিত্ৰ ৰক্ষা বন্ধন উপলক্ষে হোজাই পৌৰসভা কাৰ্যালয়ত 'ব্ৰহ্মকুমাৰী' (Om Shanti) পৰিয়ালৰ শ্রদ্ধেয় ভগ্নীসকল উপস্থিত হৈ আমাৰ সকলো বিষয়া আৰু কৰ্মচাৰীবৃন্দক ৰাখী পিন্ধাই আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰে।
সামাজিক সৌহাৰ্দ্য, পবিত্ৰতা আৰু ভ্ৰাতৃত্ববোধৰ এই সুন্দৰ প্ৰয়াসৰ বাবে ব্ৰহ্মকুমাৰী পৰিয়ালক হোজাই পৌৰসভাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Address

Shiv Bari Road
Hojai
782435

Alerts

Be the first to know and let us send you an email when Hojai Municipal Board posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Hojai Municipal Board:

Shortcuts

Share