Satra Mukti Sangram Samiti, Jorhat

Satra Mukti Sangram Samiti, Jorhat

Share

অধ্যয়ন : দায়বদ্ধতা : সংগ্ৰাম

12/02/2025

নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক এই শতিকাৰ অজ্ঞান চাকনৈয়া এফলীয়া কৰি থৈ মাৰি যাওঁ জীৱনৰ ডাঁৰ।।
২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে উজ্জাল ভৱিষ্যত কামনা কৰিলো।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম

02/01/2025

আমাৰ লক্ষ্য
ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ

নতুন বছৰত নতুন পৰিকল্পনাৰে
Satra Mukti Sangram Samiti, Assam - SMSS

26/12/2024

ভাৰতত অৰ্থনৈতিক সংস্কাৰৰ বাটকটীয়া, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, প্ৰাক্তন বিত্তমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াৰ মৃত্যু দেশৰ বাবে বৃহৎ ক্ষতি। তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
বিদায়,হে মহীৰূহ 🙏।

06/12/2024

*যোৰহাটত ছাত্ৰ মুক্তিৰ প্ৰতিনিধি সভা*
*নতুন জিলা সমিতি গঠন*
যোৰহাট,৬ ডিচেম্বৰ, ২০২৪ :-
আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, যোৰহাট জিলাৰ প্ৰতিনিধি সভা যোৰহাট জিলা চেণ্ট্ৰেল ক্লাবত হয় অনুষ্ঠিত হয়। উক্ত সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পাপু দত্ত, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন, শিক্ষা সম্পাদক নৱদ্বীপ বৰগোহাঞিৰ লগতে যোৰহাট জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৰ্গও উপস্থিত থাকে । সভাত পুৰণা জিলা সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। সভাই শ্ৰী দেৱাশীষ শইকীয়াক Debasish Saikia সভাপতি, নাং মনি বুঢ়াগোহাঞি আৰু সংকল্পজিত ভূঞাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি প্ৰায় ৩৫ জনীয়া সমিতি গঠন কৰা হয়। সমিতিখনৰ উপদেষ্টা হিচাপে প্ৰাক্তন জিলা সমিতিৰ ছাত্ৰনেতা ভৈৰৱ বৰা, অৰিন্দম গগৈ, আৰু চিন্ময় গগৈক মনোনীত কৰে। নৱ নিৰ্বাচিত সমিতিখনে অসমৰ ছাত্ৰ সমস্যাসমূহৰ সমাধানৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত যুগুত কৰিছে।

09/08/2024

অধ্যয়ন দ্বায়বদ্ধতা সংগ্ৰাম
---------‐-----------------------------
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,যোৰহাট জিলা
আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে , অসম তথা অসমীয়া জাতি, মাটি ভেটিৰ স্বাৰ্থত মাত মাতি যোৱাৰ উদ্দেশ্য তথা সংকল্পৰে অহা ইংৰাজী ১১/৮/ ২০২৪ তাৰিখ দেওবাৰে যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত মত বিনিময় আৰু যোগদান কাৰ্যসূচীৰ আয়োজন হৈছে। গতিকে সমূহ সৰ্তীথৰ উপস্থিতি কামনা কৰিলো।
লগতে ইচ্ছুক সকলে যোগদানৰ বাবে ৬০০১৯৩১১৩৮ নাম্বাৰত যোগাযোগ কৰিব পাৰিব।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ,অসম

07/07/2024

'' মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে
ভাবিৱ কোনেনো কোৱা ... "

22/08/2023

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাদশ প্ৰতিষ্ঠা দিৱসৰ এই শুভ ক্ষণত প্ৰতিজন সংগ্ৰামী সতীৰ্থলৈ বৈপ্লৱিক অভিনন্দন ,সোঁতৰ বিপৰীতে আগুৱাই গৈ সমাজৰ প্ৰত্যেক স্তৰৰ জনসাধাৰণৰ প্ৰাপ্য অধিকাৰ কঢ়িয়াই এই সংগ্ৰাম অব্যাহত থাকক ।
জয় আই অসম

11/08/2023

যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ তত্বাৱধায়ক তথা বিজ্ঞানী ড৹ প্ৰণৱজ্যোতি চেতিয়া ৰ অকাল বিয়োগ। শৈক্ষিক জগত খনৰ এক অপূৰণীয় ক্ষতি।
তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনালোঁ 🙏🙏🙏

15/07/2023

তৈলখাদ নিলাম বিৰোধী আন্দোলনৰ প্ৰথমগৰাকী জাতীয় শ্বহীদ চানদ্বীপ বৰা আজি সপ্তম মৃত্যুবাৰ্ষীকিত শ্ৰদ্ধাঞ্জলি যাছিলো।

20/02/2023

আগন্তুক ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ।

17/01/2023

" মই শিল্পী হৈ সংঘাতৰ কথা কওঁ- বিপ্লৱৰ কথা কওঁ-সংগ্ৰামৰ কথা কওঁ । সপোন দেখি ছবি আঁকি থকা শিল্পীৰে আজি আমাৰ কাম নহয় । আজি নিজৰ তেজেৰে পুৱাৰ ৰঙা বেলিৰ ছবি আঁকিব পৰা শিল্পীহে আমাক লাগে ।" --- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

চিৰ বিদ্ৰোহী শিল্পী জ্যোতি প্ৰসাদ আগৰৱালাক স্মৰণ ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ।
#জ্যোতিস্মৰণ

Want your business to be the top-listed Government Service in Jorhat?

Click here to claim your Sponsored Listing.

Location

Website

Address


Jorhat