21/06/2026
🧘♂️ 'योगः कर्मसु कौशलम्' 🧘♀️
১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা।
যোগ হৈছে ভাৰতীয় সংস্কৃতিৰ এক অমূল্য ঐতিহ্য, যি বৈদিক যুগৰেপৰা মানৱ জীৱনক সুস্থ, সুশৃংখল আৰু সমৃদ্ধ কৰি আহিছে। যোগাসন, প্ৰাণায়াম আৰু ধ্যানৰ নিয়মিত অভ্যাসে শৰীৰ, মন আৰু আত্মাৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন কৰি ব্যক্তিত্বক অধিক শক্তিশালী, সজাগ আৰু সৃজনশীল কৰি তোলে।
যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু ঐকান্তিক প্ৰচেষ্টাৰ ফলত যোগে বিশ্বজুৰি এক নতুন পৰিচয় লাভ কৰে। তেখেতৰ উদ্যোগত ২০১৪ চনত United Nations-এ ২১ জুন তাৰিখক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰে আৰু ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বই এই দিনটো উদযাপন কৰি আহিছে।
আহক, এই পৱিত্ৰ উপলক্ষত আমি সকলোৱে সুস্থ শৰীৰ, শান্ত মন আৰু সমৃদ্ধ জীৱনৰ বাবে দৈনিক যোগাভ্যাস কৰাৰ সংকল্প গ্ৰহণ কৰোঁ।
"যোগেই সুস্থতা, যোগেই শক্তি, যোগেই জীৱনৰ সমতা।" 🧘♀️🌿