Titabor Co-District Administration

Directions Website

Titabor Co-District Administration O/o Co-District Commissioner, Titabor

27/09/2026

মৰিয়নী গ্ৰীড উপকেন্দ্ৰত ১৩২ কেভিৰ জৰুৰীকালীন মেৰামতিৰ কামৰ বাবে ২৮ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে পুৱা ৫:০০ বজাৰ পৰা পুৱা ১০:০০ বজালৈ বিদ্যুৎ যোগান ব্যাহত থাকিব।

এই বিদ্যুৎ বিচ্ছিন্নতাই লেটেকুজান, তিতাবৰ আৰু মাধপুৰ কণ্ট্ৰ’ল ৰুমৰ অধীনস্থ অঞ্চলসমূহ, তিতাবৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল, মাধপুৰ, বেঙেনাখোৱা, টিপমীয়া, মেলামাটি আৰু এলেঙি অঞ্চলক প্ৰভাৱিত কৰিব।

ইয়াৰ উপৰি তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়, আদালত, আৰক্ষী থানা, চি.ডি.এছ.পি কাৰ্যালয় আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আদিৰ বিদ্যুৎ যোগানতো ইয়াৰ প্ৰভাৱ পৰিব।
সকলো সংশ্লিষ্টকে এই সময়ছোৱাত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৬ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলা আয়ুক্তই তিতাবৰ ৰে’লৱে ষ্টেচন তিনিআলিৰ সমীপত চলি থকা নলা ন...
26/09/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৬ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলা আয়ুক্তই তিতাবৰ ৰে’লৱে ষ্টেচন তিনিআলিৰ সমীপত চলি থকা নলা নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰি সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক নিৰ্মাণকাৰ্য ক্ষিপ্ৰতাৰে সম্পন্ন কৰি দুৰ্গা পূজা আৰম্ভ হোৱাৰ পূৰ্বেই কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে, নিৰ্মাণকাৰ্যৰ বাবে যাতে দুৰ্গা পূজাৰ সময়ছোৱাত সাধাৰণ ৰাইজে অসুবিধাৰ সন্মুখীন নহয় আৰু যান-বাহন তথা পথচাৰীৰ চলাচল সুচল হৈ থাকে, সেই দিশত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

District Administration, Jorhat

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলাৰ অন্তৰ্গত সেৱা সেতু অভিযানৰ অধীনস্থ আঁচনিসমূহ সন্দৰ্ভত এখ...
25/09/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলাৰ অন্তৰ্গত সেৱা সেতু অভিযানৰ অধীনস্থ আঁচনিসমূহ সন্দৰ্ভত এখন বৈঠক তিতাবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয়।

তিতাবৰ সমজিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। বৈঠকত সেৱা সেতু অভিযানৰ অধীনস্থ বিভিন্ন আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতি, হিতাধিকাৰীসকলৰ সৈতে জড়িত বিষয় আৰু আঁচনিসমূহৰ সুচাৰু ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়।

সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক আঁচনিসমূহৰ সময়োচিত ৰূপায়ণৰ লগতে প্ৰয়োজনীয় আন্তঃবিভাগীয় সমন্বয় নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হয়।

District Administration, Jorhat

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলাৰ অন্তৰ্গত আগন্তুক দুৰ্গা পূজা, ২০২৬ উপলক্ষে এখন প্ৰস্তুতি...
25/09/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলাৰ অন্তৰ্গত আগন্তুক দুৰ্গা পূজা, ২০২৬ উপলক্ষে এখন প্ৰস্তুতিমূলক বৈঠক তিতাবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয়।

তিতাবৰ সমজিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত তিতাবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, তিতাবৰ সমজিলাৰ সহকাৰী আয়ুক্তসকল, আৰক্ষী বিভাগৰ বিষয়া, সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰী তথা তিতাবৰ সমজিলাৰ অন্তৰ্গত বিভিন্ন পূজা সমিতিৰ সভাপতি আৰু সম্পাদকসকল উপস্থিত থাকে।

বৈঠকত দুৰ্গা পূজা সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে আইন-শৃংখলা, নিৰাপত্তা, যান-বাহন নিয়ন্ত্ৰণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অগ্নি-নিৰাপত্তা আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। সংশ্লিষ্ট বিষয়া আৰু পূজা সমিতিসমূহক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ লগতে আন্তঃবিভাগীয় সমন্বয় নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হয়।

District Administration, Jorhat

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলা আয়ুক্তই তিতাবৰ সমজিলাৰ অন্তৰ্গত বৰবামচুঙী ক্ষুদ্ৰ প্ৰাথমি...
25/09/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলা আয়ুক্তই তিতাবৰ সমজিলাৰ অন্তৰ্গত বৰবামচুঙী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত সমজিলা আয়ুক্তই স্বাস্থ্য কেন্দ্ৰটোৰ আন্তঃগাঁথনি, উপলব্ধ সা-সুবিধা আৰু সামগ্ৰিক কাৰ্যকলাপ পৰিদৰ্শন কৰাৰ লগতে চিকিৎসা আৰু সহায়ক কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰি স্বাস্থ্য সেৱা, অত্যাৱশ্যকীয় সা-সুবিধা আৰু অন্যান্য সংশ্লিষ্ট বিষয়ৰ বিষয়ে বুজ লয়।

District Administration, Jorhat

Anti-Rabies Vaccination Drive under Titabor Co-District.
25/09/2026

Anti-Rabies Vaccination Drive under Titabor Co-District.

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত প্ৰজেক্ট ডেউকা (পৰ্যায়-১)ৰ এক প্ৰশিক্ষণ ...
24/09/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত প্ৰজেক্ট ডেউকা (পৰ্যায়-১)ৰ এক প্ৰশিক্ষণ কাৰ্যসূচী তিতাবৰৰ দেৱ কুমাৰ বৰা সোৱঁৰণি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।

প্ৰজেক্ট ডেউকা হৈছে দিব্যাংগতা সম্পৰ্কে সজাগতা সৃষ্টি আৰু দিব্যাংগ ব্যক্তিসকলৰ বাবে এক অধিক অন্তৰ্ভুক্তিমূলক, সহানুভূতিশীল আৰু সহায়ক সমাজ গঢ়ি তোলাৰ এক পদক্ষেপ। এই প্ৰকল্পৰ জৰিয়তে দিব্যাংগতাক লৈ সমাজত থকা ভুল ধাৰণা, কলংক আৰু বৈষম্য হ্ৰাস কৰাৰ লগতে দিব্যাংগ ব্যক্তিসকলৰ অধিকাৰ, মৰ্যাদা, সামৰ্থ্য আৰু সমান অংশগ্ৰহণৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে।

প্ৰশিক্ষণ কাৰ্যসূচীটো তিতাবৰ সমজিলা আয়ুক্ত মহোদয়ে উদ্বোধন কৰে। অনুষ্ঠানত তিতাবৰ সমজিলাৰ সহকাৰী আয়ুক্তসকল, তিতাবৰ সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু যোৰহাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সংশ্লিষ্ট ব্যক্তি উপস্থিত থাকে।

উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত সংশ্লিষ্ট অংগনৱাড়ী কৰ্মী আৰু আশা স্বাস্থ্য কৰ্মীসকলক দিব্যাংগতা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত সজাগ কৰাৰ লগতে তৃণমূল পৰ্যায়ত সজাগতা, অন্তৰ্ভুক্তি, সমতা আৰু সহজলভ্যতা নিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা সম্পৰ্কে প্ৰয়োজনীয় দিহা-পৰামৰ্শ প্ৰদান কৰা হয়।

সমতা, মৰ্যাদা, অন্তৰ্ভুক্তি আৰু সমান সুযোগৰ ভিত্তিত এখন অধিক অন্তৰ্ভুক্তিমূলক সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰজেক্ট দেউকাৰ এই পদক্ষেপে তৃণমূল পৰ্যায়ত সজাগতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

District Administration, Jorhat

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলা আয়ুক্তই তিতাবৰ সমজিলাৰ অন্তৰ্গত জালুকনিবাৰী ৰাজ্যিক চিকিৎ...
24/09/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলা আয়ুক্তই তিতাবৰ সমজিলাৰ অন্তৰ্গত জালুকনিবাৰী ৰাজ্যিক চিকিৎসালয় পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত সমজিলা আয়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ বিভিন্ন সা-সুবিধা আৰু সামগ্ৰিক কাৰ্যকলাপ পৰিদৰ্শন কৰাৰ লগতে চিকিৎসা বিষয়া তথা সহায়ক কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰি জনসাধাৰণৰ বাবে উপলব্ধ স্বাস্থ্যসেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় সা-সুবিধাসমূহৰ বিষয়ে বুজ লয়।

District Administration, Jorhat

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৩ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ছেপ্টেম্বৰ মাহৰ সমজিলা উন্নয়ন...
23/09/2026

আজি, অৰ্থাৎ ইংৰাজী ২০২৬ চনৰ ২৩ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ছেপ্টেম্বৰ মাহৰ সমজিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত কৰা হয়।

তিতাবৰ সমজিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত তিতাবৰ আৰু মৰিয়নী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, তিতাবৰ সমজিলাৰ সহকাৰী আয়ুক্তসকল, তথা তিতাবৰ সমজিলাৰ অন্তৰ্গত বিভিন্ন বিভাগৰ মুৰব্বী আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

বৈঠকত বিভিন্ন বিভাগৰ আঁচনি, কাৰ্যসূচী আৰু উন্নয়নমূলক সূচকৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। বিভাগভিত্তিক অগ্ৰগতি, গুৰুত্বপূৰ্ণ বিষয়সমূহ আৰু বিশেষ মনোযোগৰ প্ৰয়োজন হোৱা ক্ষেত্ৰসমূহৰ ওপৰত আলোচনা কৰা হয়। ইয়াৰ লগতে বিভাগসমূহৰ মাজত সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলগীয়া আন্তঃবিভাগীয় বিষয়সমূহো বিস্তৃতভাৱে আলোচনা কৰা হয়।

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ যথাযথ অনুসৰণ নিশ্চিত কৰাৰ লগতে সংশ্লিষ্ট বিভাগসমূহক আন্তঃবিভাগীয় সমন্বয় বজাই ৰাখি সময়মতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হয়।

District Administration, Jorhat

আজি ইংৰাজী ২০২৬ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে, তিতাবৰ উন্নয়ন খণ্ডৰ অধীনস্থ ৮২ নং বিৰিণাশায়েক গাঁও পঞ্চায়তত ক্ষতিকাৰক পাৰ্থ...
21/09/2026

আজি ইংৰাজী ২০২৬ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে, তিতাবৰ উন্নয়ন খণ্ডৰ অধীনস্থ ৮২ নং বিৰিণাশায়েক গাঁও পঞ্চায়তত ক্ষতিকাৰক পাৰ্থেনিয়াম অপতৃণৰ সঠিক ব্যৱস্থাপনা আৰু নিষ্কাশনৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়।

এই অভিযানৰ অংশ হিচাপে প্ৰথমে আক্ৰান্ত স্থানত ৰাসায়নিক দ্ৰব্য ছটিয়াই পৰিশোধন কৰা হয় আৰু পৰৱৰ্তী সময়ত পাৰ্থেনিয়াম অপতৃণসমূহ উভালি যথাযথভাৱে নিষ্কাশন কৰা হয়, যাতে ইয়াৰ অধিক বিস্তাৰ ৰোধ কৰিব পৰা যায়।

এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে এক পৰিষ্কাৰ, নিৰাপদ আৰু স্বাস্থ্যসন্মত পৰিৱেশ গঢ়ি তোলা আৰু পাৰ্থেনিয়াম অপতৃণৰ বৃদ্ধিৰ ফলত সৃষ্টি হ'ব পৰা ক্ষতিকাৰক প্ৰভাৱৰ পৰা জনসাধাৰণক সুৰক্ষিত কৰা।

District Administration, Jorhat

Address

Purana Titabor
Jorhat
785630

Alerts

Be the first to know and let us send you an email when Titabor Co-District Administration posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share