District Administration, Jorhat

District Administration, Jorhat

Share

Official Page of Jorhat District Administration

Photos from District Administration, Jorhat's post 03/06/2026

আজি যোৰহাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়। সদ্য ঘোষিত ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰা জিলাখনৰ নিম্ন প্ৰদৰ্শনকাৰী শিক্ষানুষ্ঠানসমূহক লৈ এই সভা আহ্বান কৰা হৈছিল।

যোৰহাট জিলাৰ মাননীয় জিলা আয়ুক্ত জয় শিৱানী ডাঙৰীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত এই পৰ্যালোচনা সভাত শিক্ষানুষ্ঠানসমূহৰ দুৰ্বল ফলাফলৰ কাৰণ আৰু ভৱিষ্যতৰ কৰণীয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়।

সভাত জিলাখনৰ অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) তথা টীয়কৰ সম-জিলা আয়ুক্ত শ্ৰী মগেন নৰহ , যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ লগতে সংশ্লিষ্ট বিদ্যালয়সমূহৰ অধ্যক্ষ, প্ৰধান শিক্ষক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

Photos from District Administration, Jorhat's post 03/06/2026

আজি যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানী ডাঙৰীয়াই অজন্তা বাইপাছৰ সমীপত অৱস্থিত পশ্চিম যোৰহাট ক্ৰীড়াংগন উন্নয়ন প্ৰকল্প স্থলীত উপস্থিত হৈ নিৰ্মাণ কাৰ্যৰ এক চূড়ান্ত পৰিদৰ্শন কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ তত্ত্বাৱধানত তথা ইউ.আই.ডি.এফ. (UIDF) আঁচনিৰ অধীনত এই উন্নয়নমূলক প্ৰকল্পটো হাতত লোৱা হৈছিল। এই পৰিদৰ্শন কালত জিলা আয়ুক্ত ডাঙৰীয়াক ৰাজহ চক্ৰ বিষয়া, সমিতিৰ কোষাধ্যক্ষ, কাৰিকৰী বিষয়া আৰু নিৰ্মাণকাৰী ঠিকাদাৰসকলে সংগ দিয়ে।

পৰিদৰ্শনৰ পিছত জিলা আয়ুক্ত ডাঙৰীয়াই স্থানীয় ৰাইজ তথা ক্ৰীড়াপ্ৰেমীসকলৰ সৰ্বোচ্চ সুবিধা আৰু কল্যাণৰ বাবে খেলপথাৰখনত পৰ্যাপ্ত পৰিমাণে মাটি পেলাই খেলাৰ বাবে উপযোগী কৰি তোলাৰ নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও জনসাধাৰণৰ দীৰ্ঘম্যাদী উপকাৰ হোৱাকৈ অন্যান্য প্ৰয়োজনীয় আনুষংগিক কাম-কাজসমূহ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ তেখেতে নিৰ্মাণকাৰী বিষয়া কৰ্মচাৰীসকলক যাৱতীয় পৰামৰ্শ প্ৰদান কৰে।

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

Photos from District Administration, Jorhat's post 03/06/2026

এখন নিকা আৰু সেউজ ভৱিষ্যতৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আজি যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ উন্নয়ন খণ্ডৰ উদ্যোগত লিচুবাৰী দৈনিক বজাৰত (৬৫ নং বাঘচোং গাঁও পঞ্চায়ত) এক বৃহৎ আৱৰ্জনা পৃথকীকৰণ অভিযান আৰু সজাগতা কাৰ্যসূচী মুকলি কৰা হয়।

'কঠিন আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী ২০২৬' (Solid Waste Management Rules 2026)-ৰ অধীনত আৰু 'স্বচ্ছ গাঁও সুৰক্ষিত জলবায়ু' আঁচনিৰ সংগতি ৰাখি এই কাৰ্যসূচীটো আয়োজন কৰা হয়। অনুষ্ঠানটোত স্থানীয় ব্যৱসায়ী আৰু সাধাৰণ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখা যায়। পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় চৰকাৰী নীতিক এক ফলপ্ৰসূ সামাজিক আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত এই অভিযানে বিশেষ ভূমিকা পালন কৰে।

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

Photos from District Administration, Jorhat's post 02/06/2026

যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানী ডাঙৰীয়াৰ অধ্যক্ষতাত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত 'জিলা পৰামৰ্শদাতা সমিতি' আৰু 'জিলা পৰ্যায়ৰ পৰ্যালোচনা সমিতি' ৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়।

মূলতঃ ২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈকে বেংকসমূহৰ বিভিন্ন কাৰ্যাৱলী পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এই বৈঠকখন আহ্বান কৰা হৈছিল। বৈঠকত জিলা আয়ুক্ত ডাঙৰীয়াই যোৰহাট জিলাৰ বিভিন্ন বেংকৰ পৰা ঋণৰ স্থিতি আৰু কেৱাইচি (KYC) উন্নীতকৰণৰ শেহতীয়া তথ্যৰ বিতংভাৱে বুজ লয়। ইয়াৰোপৰি, ঔদ্যোগিক ঋণ প্ৰদান প্ৰক্ৰিয়াকে ধৰি বেংকিং খণ্ডৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় আৰু এই সমস্যাসমূহৰ খৰতকীয়া সমাধানৰ বাবে তেখেতে সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়ায়।

উক্ত বৈঠকত যোৰহাট জিলাৰ সহকাৰী জিলা আয়ুক্ত, জিলাখনৰ বিভিন্ন বেংকৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু অন্যান্য সংশ্লিষ্ট বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

Photos from District Administration, Jorhat's post 02/06/2026

আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষত জিলা আয়ুক্ত জয় শিৱানী ডাঙৰীয়াৰ পৌৰোহিত্যত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। যোৰহাট মহেন্দ্ৰ নগৰ মুকলি কাৰাগাৰৰ পৰা দুজন কয়দীক মুক্ত কৰি দিয়াৰ সন্দৰ্ভত এই বৈঠকখন আহ্বান কৰা হৈছিল। বৈঠকৰ মূল উদ্দেশ্য আছিল বন্দীদ্বয়ৰ মুক্তিৰ যাৱতীয় চৰ্ত আৰু আইনী দিশসমূহ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা।

এই গুৰুত্বপূৰ্ণ বৈঠকত মৰিয়নিৰ সম-জিলা আয়ুক্ত, সহকাৰী জিলা আয়ুক্ত, যোৰহাট আদালতৰ সন্মানীয় সত্ৰ ন্যায়াধীশ, যোৰহাট মহেন্দ্ৰ নগৰ মুকলি কাৰাগাৰৰ অধীক্ষক, উপ-আৰক্ষী অধীক্ষক (সীমান্ত) আৰু মহেন্দ্ৰ নগৰ মুকলি কাৰাগাৰৰ ভাৰপ্ৰাপ্ত জেইলাৰৰ উপস্থিতিত বিষয়টোৰ ওপৰত এক বিস্তৰ আলোচনা কৰা হয় আৰু নিয়ম অনুসৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়।

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

Photos from District Administration, Jorhat's post 02/06/2026

যোৰহাট জিলাত সম্ভাৱ্য বানপানীৰ সময়ত সাহাৰ্য সামগ্ৰী যোগান ধৰিবলগীয়া তালিকাভুক্ত বিক্ৰেতা তথা যোগানকাৰীসকলৰ বিভিন্ন গুডামসমূহ আজি অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যবস্থাপনা প্ৰাধিকৰণৰ বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত পৰিদৰ্শন কৰা হয়। এই ক্ষেত্ৰভিত্তিক পৰিদৰ্শনকালত পশুপালন ও পশু চিকিৎসা বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে জিলা দুৰ্যোগ ব্যবস্থাপনা প্ৰাধিকৰণ বিভাগৰ বিষয়াসকল উপস্থিত থাকে। বানপানীৰ সময়ত প্ৰয়োজনীয় জৰুৰী সামগ্ৰীসমূহৰ মজুতকৰণৰ হো -ব্যবস্থা আৰু পশুধনৰ খাদ্যৰ গুণগত মান পৰীক্ষা কৰাৰ উদ্দেশ্যে এই পৰিদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

02/06/2026

যোৰহাট জিলাৰ কৃষকসকলৰ জ্ঞাতাৰ্থে

Department of Agriculture, Assam
District Administration, Jorhat
Deputy Commissioner Jorhat
DIPRO Jorhat District Agriculture Office, Jorhat

Photos from District Administration, Jorhat's post 01/06/2026

কৃষি সঞ্চালকালয়ৰ উদ্যোগত আৰু কৃষি বিভাগৰ উচ্চপদস্থ বিষয়ববীয়াসকলৰ উপস্থিতিত আজি ৰাজ্যিক পৰ্যায়ত ‘খেত বচাও অভিযান’(Khet Bachao Abhiyan) ৰ শুভাৰম্ভণি অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত এই শুভাৰম্ভণি অনুষ্ঠানটি যোৰহাট জিলাত আজি ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে জিলাখনৰ বিভিন্ন গাওঁ পঞ্চায়তসমূহৰ কাৰ্যালয় সভাকক্ষত প্ৰদৰ্শন কৰা হয় । উক্ত অনুষ্ঠানত সকলো কৃষি উন্নয়ন বিষয়া,খণ্ড উন্নয়ন বিষয়া ,স্থানীয় গাওঁ পঞ্চায়তৰ প্ৰতিনিধি , পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ সদস্য আৰু কৃষি বিভাগৰ বিষয়া- কৰ্মচাৰীসকল উপস্থিত থকাৰ লগতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত তেনে কিছু অনুষ্ঠানৰ আলোকচিত্ৰ আগবঢ়োৱা হ'ল।

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

Photos from Jorhat Municipality Board's post 01/06/2026
Photos from District Administration, Jorhat's post 31/05/2026

যোৱাকালি অৰ্থাৎ ৩০ মে’, ২০২৬ তাৰিখে যোৰহাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কক্ষত জিলা আয়ুক্ত জয় শিৱানী ডাঙৰীয়াৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকৰ মূল উদ্দেশ্য আছিল সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিবোৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ বা ফলাফল ৫০% তকৈ কম হৈছে, সেইসমূহ বিদ্যালয়ৰ শৈক্ষিক স্থিতি পৰ্যালোচনা কৰা। শিক্ষাৰ্থীসকলৰ এই দুৰ্বল প্ৰদৰ্শনক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি জিলা আয়ুক্ত মহোদয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সংক্ৰান্তত এক সক্ৰিয় পদক্ষেপ হিচাপে, সংশ্লিষ্ট বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক ইয়াৰ অন্তৰ্নিহিত কাৰণ আৰু প্ৰকৃত সমস্যাসমূহ উপযুক্ত যুক্তি সহকাৰে দৰ্শাবলৈ নিৰ্দেশ দিয়া হৈছে। শৈক্ষিক ব্যৱস্থাটোৰ প্ৰতি দায়বদ্ধতা সুনিশ্চিত কৰিবলৈ আৰু ভৱিষ্যতে ফলাফলৰ গুণগত মান উন্নত কৰাৰ লক্ষ্যৰেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উক্ত বৈঠকত মৰিয়নি বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ৰূপজ্যোতি কুৰ্মী, সহকাৰী জিলা আয়ুক্ত,যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ লগতে সংশ্লিষ্ট বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

Want your business to be the top-listed Government Service in Jorhat?

Click here to claim your Sponsored Listing.

Location

Address


A. T. Road
Jorhat
785001