27/05/2026
যোৰহাটত পেট্ৰল, ডিজেল, ৰন্ধণ গেছ, নিত্যপ্ৰয়োজনীয় সা-সামগ্ৰী, শিশু খাদ্যকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰনৰ দাবীত চি পি আই (এম) ৰ জিলা কমিটিৰ আহ্বানত এক বিক্ষোভ কাৰ্যসূচী .....
#𝐣𝐨𝐫𝐡𝐚𝐭
09/05/2026
তিতাবৰৰ নিৰ্বাচনী হিংসাত্মক কাৰ্যক ধিক্কাৰ : চি পি এই(এম )
তিতাবৰৰ ৰঙাজান তিনিআলিত Rupali axommm ৰূপালী দাস নামৰ এগৰাকী কংগ্ৰেছ কৰ্মীৰ বাসগৃহৰ লগত সংলগ্ন ফাষ্ট ফুডৰ দোকান খন ৭ মে' তাৰিখে ৰাতি ১.৩০ মান কোনবা দূৰ্বিত্তই জুই লগাই দি ভস্মীভূত কৰে।সামাজিক মাধ্যমত অতি সক্ৰিয় কংগ্ৰেছ কৰ্মী গৰাকীৰ মতে এয়া ৰাজনৈতিক প্ৰতিহিংসা। আজি পাৰ্টিৰ যোৰহাট জিলা সম্পাদক, তিতাবৰ আঞ্চলিক কমিটিৰ সম্পাদক, জিলা সম্পাদক মণ্ডলীৰ সদস্য ৰাজেন মহন্ত, জিলা কমিটিৰ সদস্য জয়কান্ত বৰুৱা, গণতান্ত্ৰিক মহিলা সমিতিৰ জিলা নেত্ৰী বিনা কছাৰী, বুলি গগৈ আৰু ৰঙাজান শাখাৰ সদস্য সকলে ভূক্তভোগী পৰিয়ালতোৰ ঘৰলৈ গৈ ঘটনাৰ বুজ লয় । চি পি আই (এম)ৰ যোৰহাট জিলা কমিটিয়ে এটা গৰীৱ পৰিয়ালৰ ওপৰত এই ধৰণৰ আক্ৰমনক গৰিহনা দিয়ে। পাৰ্টিয়ে বিভাগীয় তদন্ত ক্ষীপতাৰে কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাই।
06/05/2026
চি পি আই(এম), যোৰহাট জিলা সমিতিৰ ফালৰ পৰা কমৰেড আনন্দ জাতপলৈ শ্ৰদ্ধাঞ্জলি।
লাল চালাম।
15/04/2026
ব'হাগৰ হিয়াভৰা ওলগ জনালোঁ!
সকলোলৈকে হেঁপাহৰ ব'হাগ বিহু আৰু আগন্তক অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
#ভৱানীপুৰ_সৰভোগত_আকৌ_মনোৰঞ্জন_তালুকদ
25/03/2026
এইবাৰ ৰাইজৰ এটাই পণ,
বিধানসভালৈ আকৌ মনোৰঞ্জন ✊✊
Manoranjan Talukdar
ভৱানীপুৰ- সৰভোগত বিশাল গণ সমাবেশ...
📍আজি ভৱানীপুৰ-সৰভোগ অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ প্ৰথমখন নিৰ্বাচনী সভা ।
📌 উপস্থিত আছিল পাৰ্টিৰ সাধাৰণ সম্পাদক সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া ,অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া , অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ ডাঙৰীয়া, চি পি আই (এম এল) দলৰ সম্পাদক কমৰেড বিবেক দাস ডাঙৰীয়াৰ লগতে পাৰ্টী আৰু বিৰোধী দলৰ নেতৃত্ব ।
#ভৱানীপুৰ_সৰভোগত_আকৌ_মনোৰঞ্জন_তালুকদ