26/03/2026
২৫/০৩/২৬ বাক্সা জিলাৰ, বংশী গোপাল গোসাঁইঘৰত যি সাতদিনীয়া শ্ৰীমদ্ভাগৱত পাঠৰ লগতে আলোচনা চক্ৰ অনুষ্ঠান আয়োজন কৰিছিল। সেই অনুষ্ঠানত নিমন্ত্ৰণ মৰ্মে উপস্থিত হয়, সন্মানীয় অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান তথা শ্ৰীশ্ৰী কালশিলা সত্ৰ, সত্ৰাধিকাৰ কুসুমকুমাৰ মহন্ত আৰু সমন্বিত যুৱতীৰ্থ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি আৰু সত্ৰাধিকাৰ, বনজিৎদেৱ ৰাভা লগতে উপ-সভাপতি মুকেশ দত্তগোস্বামী, অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হৰিপ্ৰসাদ দাস , লগতে ৰাজস্থান, পুষ্কৰৰ স্বামী গোবৰ গোপাল মহাৰাজৰ লগতে গোৱিন্দ ভৱন গীতা সত্ৰ, ডেকা সত্ৰাধিকাৰ কপিল দাসদেৱৰ লগতে অনুষ্ঠানৰ সভাপতি/সম্পাদক আৰু ৰাইজৰ সকলো বাপ আই-মাতৃ সমস্ত।
22/03/2026
আজি ( ২২-০৩-২৬ ) অসম সত্ৰ মহাসভাৰ বৰ্তমানৰ সম্পাদক প্ৰধান কুসুমকুমাৰ মহন্ত, সমন্বিত যুৱতীৰ্থ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি বনজিৎদেৱ ৰাভা, উপ-সভাপতি মুকেশ দত্তগোস্বামী, সদস্য বিশ্বজিৎ কুমাৰ শৰ্মা, অনুপ অধিকাৰী কে আদি কৰি অসমৰ ঐতিহাসিক বহুকেইখন সত্ৰ পৰিভ্ৰমণ কৰা হয়। তাৰোপৰি সত্ৰৰ বিভিন্ন ভাল বেয়া কেনেদৰে পৰিচালনা হৈছে, অভাৱ অভিযোগ ইত্যাদিৰ বুজ লয় আৰু আগন্তুক অসম সত্ৰ মহাসভাৰ ছত্ৰছায়াত কেনেকৈ পৰিচালিত হ'ব বিভিন্ন কথা সম্পাদক প্ৰধানে অৱগত কৰে।
সত্ৰ পৰিভ্ৰমণ কৰাৰ লগতে অসম সত্ৰ মহাসভাৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে চিন্তা কৰি বিভিন্ন সদস্য হিচাপে অংশীদাৰ কৰাই আৰু সত্ৰ মহাসভাৰ তৰফৰ পৰা ৰাইজলৈ "সত্ৰ" পঞ্জীয়ন পত্ৰ প্ৰদান কৰা হয়। পৰিদৰ্শন কৰা সত্ৰ সমূহ - শ্ৰীশ্ৰী ধোপৰগুৰি সত্ৰ, শ্ৰীশ্ৰী কানাই বলাই থান সত্ৰ, শ্ৰীমন্ত শংকৰদেৱ ভৰিধোৱা সত্ৰ, শ্ৰীশ্ৰী দৈত্যাৰি ঠাকুৰ বামুনা সত্ৰ, শ্ৰীশ্ৰী সুন্দৰীদিয়া সত্ৰ, শ্ৰীশ্ৰী কুমাৰকুছী সত্ৰ, শ্ৰীশ্ৰী শঙ্কৰদেৱ থান পাটবাউসী সত্ৰ, শ্ৰীশ্ৰী দামোদৰদেৱ থান পাটবাউসী সত্ৰ।
15/01/2026
প্ৰসিদ্ধ সাংবাদিক তথা সাহিত্যিক প্ৰদীপ বৰুৱাদেৱৰ মৃত্যুৰ খবৰে আমাক মৰ্মাহত কৰিছে। বহুল সমাদৃত পষেকীয়া আলোচনী 'প্ৰান্তিক'ৰ জৰিয়তে এক নতুন ধাৰাৰ সাহিত্য আৰু সংবাদ পৰিৱেশনৰ সূচনা কৰা বৰুৱাদেৱৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল, 'প্ৰান্তিক' পৰিয়াল আৰু তেখেতৰ গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
14/01/2026
আজি ১৪ জানুৱাৰী সংক্ৰান্তিৰ শুভ ক্ষণত যোৰহাট টিয়কৰ, শ্ৰীশ্ৰী উজনিয়াল সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক আৰু লেখক, সাহিত্যিক প্ৰয়াত লক্ষ্মীকান্ত মহন্ত প্ৰভুজনাৰ আদ্যশ্ৰাদ্ধ উপলক্ষে তেওঁৰ এৰি থৈ যোৱা, শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনোৱাৰ লগতে বিদেহ আত্মাৰ সদগতিৰ কামনাৰ বাবে অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছিল সেই অনুষ্ঠানত উপস্থিত হয় বৰ্তমানৰ সম্পাদক প্ৰধান তথা শ্ৰীশ্ৰী কালশিলা সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্ত, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা শ্ৰীশ্ৰী চামগুৰী সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ ধৰ্মেশ্বৰ গোস্বামী লগতে অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় মূখপাত্ৰ তথা অধ্যাপক তাৰাপ্ৰসাদ মহন্ত, কেন্দ্ৰীয় সতী ৰাধিকা মহিলাতীৰ্থৰ সভানেত্ৰী ড° অৰুন্ধতী মহন্ত সহ কেইবাগৰাকী বিষয়বৱীয়া
উপস্থিত হয়। অসম সত্ৰ মহাসভাৰ ভাতৃ সংগঠন "সমন্বিত যুৱতীৰ্থ" কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কাৰ্য্যকৰী সভাপতি, শ্ৰীশ্ৰী বিষ্ণু সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ বনজিৎদেৱ ৰাভা, লগতে সাধাৰণ সম্পাদক তথা শ্ৰীশ্ৰী দীঘলী সত্ৰৰ সত্ৰীয়া পল্লৱজ্যোতি মহন্ত, আৰু সদস্য শ্ৰীশ্ৰী ছমৰীয়া সত্ৰৰ ভকত অৰিন্নম কলিতা , অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা শ্ৰীশ্ৰী চেঁচা সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ ভৱ গোস্বামী, অসম সত্ৰ মহাসভাৰ বিভিন্ন জিলাৰ তৰফৰ পৰা অহা সভাপতি / সম্পাদক তথা সদস্য সকল, শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ, পৰিচালনক প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত , উপস্থিত হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননিগোপাল মহন্ত, শিৱসাগৰ বানিজ্যিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্ত আৰু উপস্থিত থাকে বহু কেইজন গণ্য-মান্য ব্যক্তি বিভিন্ন দিশৰ সত্ৰাধিকাৰ প্ৰভু সকলৰ লগতে গাওঁৰ ভকত , বৈষ্ণৱ আই- মাতৃ সমস্ত উপস্থিত হয় ।
#সমন্বিতযুৱতীৰ্থ,SYT