Let's Smile Together

Directions

Let's Smile Together To Create a Society where every citizen avail basic nds and services to live a life with self-respect

মানুহে মানুহৰ বাবে ।অনুদান সংগ্ৰহ।Let's Smile Together
05/08/2026

মানুহে মানুহৰ বাবে ।
অনুদান সংগ্ৰহ।
Let's Smile Together

05/08/2026

কষ্টৰ কোনো ধৰ্ম নাথাকে ।

ভোকে হিন্দু-মুছলমান নাচায়,দৰিদ্ৰতাই জাতি নুবুজে। মানুহৰ চকুলোৰ ৰংও একেই হয়। কষ্টই কেৱল মানুহক কান্দিবলৈ শিকায়।

কোকৰাঝাৰ জিলাৰ বাওঁখুংগ্ৰী সমষ্টিৰ পাখৰীতল গাঁৱৰ বিশেষভাৱে সক্ষম মুছলীমা বেগমৰ জীৱনটো যেন সংগ্ৰামৰ আন এক নাম। এসময়ত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে আনৰ দুৱাৰত হাত পাতিবলগীয়া হৈছিল। সহায় বিচাৰি গৈ বহু অপমান, বহু কটু কথা শুনিও নীৰৱে সকলো সহ্য কৰিছিল।

আজি মাতৃও নাই,আপোন বুলিবলৈ কোনো নাই। অন্ধকাৰ ঘৰ এটাত, বিদ্যুৎ নোহোৱাকৈ, সীমাহীন দৰিদ্ৰতাৰ মাজত তেওঁ এতিয়াও সপোন দেখে জীয়াই থকাৰ।

মানৱতাৰ পৰিচয় দি LST ৰ সভাপতি Barub Hussain এ স্থানিয় যুৱকৰ সহায় লৈ দমকল স্থাপন কৰি দিলে, এতিয়াও তেওঁৰ জীৱনত বহু অভাৱ,বহু অপেক্ষা।

আহক,আমি মানুহ হৈ এজন অসহায় মানুহৰ কাষত থিয় হওঁ।
কাৰণ,এদিন আমাৰো হয়তো কাৰোবাৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে।

মানৱতাতকৈ ডাঙৰ কোনো ধৰ্ম নাই। 🙏❤️
Let's Smile Together
#মানৱতা

অসমত সংঘটিত প্ৰলয়ংকৰী বানত হাজাৰ-হাজাৰ পৰিয়াললৈ গভীৰ অমানিশা নামি আহিছে। এই দুৰ্যোগৰ সময়ত আপোনালোকৰ বহুতেই বান ক্ষতিগ...
02/08/2026

অসমত সংঘটিত প্ৰলয়ংকৰী বানত হাজাৰ-হাজাৰ পৰিয়াললৈ গভীৰ অমানিশা নামি আহিছে। এই দুৰ্যোগৰ সময়ত আপোনালোকৰ বহুতেই বান ক্ষতিগ্ৰস্ত পৰিয়াললৈ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে অনুৰোধ জনালোঁ । যিসকলে আৰ্তজনৰ কাষত সহায়ৰ হাত আগবঢ়াব বিচাৰে, সেইসকলে নিজৰ সামৰ্থ্য অনুসৰি অনুদান আগবঢ়াব পাৰে।
আমি সকলোৱে সহমৰ্মিতা,সহযোগিতা আৰু ঐক্যৰ শক্তিৰে এই দুৰ্যোগকো একেলগে অতিক্ৰম কৰিম।
আপোনালোক সকলোৱে অনুগ্ৰহ কৰো সামাজিক মাধ্যম/ব্যক্তিগতভাৱে শ্বেয়াৰ কৰিব পাৰিব যাতে আগ্ৰহীসকলে অনলাইনো অনুদান আগবঢ়াব পাৰে।
ধন্যবাদ।
Let's Smile Together

ফকিৰাগ্ৰাম অঞ্চলৰ উত্তৰ ৰাভাপাৰা গাওঁৰ (ফকিৰাগ্ৰাম চহৰৰ)এইখন পথৰ অৱস্থা বহুত বেয়া । যিটো পথেদি যান-বাহন চলাচল টো বাদেই ...
02/08/2026

ফকিৰাগ্ৰাম অঞ্চলৰ উত্তৰ ৰাভাপাৰা গাওঁৰ (ফকিৰাগ্ৰাম চহৰৰ)এইখন পথৰ অৱস্থা বহুত বেয়া । যিটো পথেদি যান-বাহন চলাচল টো বাদেই দিয়ক খোজকাঢ়ি অহা-যোৱা পৰিৱেশ নাছিল।
লৰা-ছোৱালী বিদ্যালয়ত অহা যোৱা,গাওঁৰ মানুহ অহা-যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল বহুত দিনৰ পৰা । সমস্যাবোৰ দেখি Let's Smile Together ৰ সভাপতি ডাঙৰীয়াই ফকিৰাগ্ৰামৰ MCLA ডাঙৰীয়াক কথাটো অৱগত কৰালে,পিছত MCLA ডাঙৰীয়াৰ লগত কথা পাতি ৰাইজৰ সুবিধা হোৱাকৈ পথটো মেৰামতিৰ ব্যৱস্থা কৰি দিয়া হয় । আশা কৰো এইখিনি ব্যৱস্থাৰ দ্বাৰা ৰাইজৰ বহুদিনীয়া সমস্যা কিঞ্চিতমান হলেওঁ সমাধান ঘটিব।
Let's Smile Together

Bechimari Youth Development Clubৰ উদ্যোগত আয়োজিত তিনিদিনীয়া ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত Let's Smile Together...
02/08/2026

Bechimari Youth Development Clubৰ উদ্যোগত আয়োজিত তিনিদিনীয়া ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত Let's Smile Together ৰ সভাপতি ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
যুৱ সমাজক সুস্থ,সজাগ আৰু ইতিবাচক দিশে আগুৱাই নিয়াত এনে ক্ৰীড়া অনুষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই সফল আয়োজনৰ বাবে Bechimari Youth Development Club,আয়োজক সমিতি,সহযোগী ৰাইজ আৰু সকলো ক্ৰীড়াপ্ৰেমীক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। সকলো খেলুৱৈৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ।
Let's Smile Together

 ৃথিৱী_এক_ক্রীড়াঙ্গন_ক্ৰিয়া_হল_শান্তিৰ_প্ৰাঙ্গন ।কোকৰাঝাৰৰ হল্টুগাওঁ খেলপথাৰত দুদিনদুদিনীয়া কাৰ্যসূচীৰে উত্তৰ কোকৰাঝা...
02/08/2026

ৃথিৱী_এক_ক্রীড়াঙ্গন_ক্ৰিয়া_হল_শান্তিৰ_প্ৰাঙ্গন ।কোকৰাঝাৰৰ হল্টুগাওঁ খেলপথাৰত দুদিনদুদিনীয়া কাৰ্যসূচীৰে উত্তৰ কোকৰাঝাৰ আঞ্চলিক ABSU ৰ দ্বাৰা আযোজিত হোৱা লৰা শাখাৰ ১৩ বছৰৰ তলৰ আৰু ছোৱালী শাখাৰ ১৫ বছৰৰ তলৰ ফাইনেল খেলখনত আমন্ত্ৰণ মৰ্মে Let's Smile Together ৰ সভাপতি ডাঙৰীয়া উপস্থিত থাকে।
সৰু-সৰু লৰা ছোৱালীৰ ভৰিৰ যাদু বিশেষকৈ লৰা শাখাৰ খেলখন ১০,১১,১২ বছৰৰ লৰাবোৰে ইমান ধুনীয়া কৈ খেলখন খেলিছে যাৰ ফলত উপস্থিত সকলোঁ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।
আমি ধন্যবাদ দিব বিচাৰোঁ সদৌ বড়ো ছাত্ৰ সন্থাক,কাৰণ সদৌ বড়ো ছাত্ৰ সন্থাৰ এই ধৰণৰ কামবোৰে আগন্তত দিনত এইবোৰ উঠি অহা লৰা ছোৱালীৰ ভৱিষৎ উজ্জ্বল কৰাত সহায় কৰিব আৰু লৰা-ছোৱালীবোৰক খেলৰ প্ৰতি অধিক আকৃষ্ট কৰিব ।
হয় আমি জানো জীৱনত শিক্ষা আমাৰ বাবে অতিকৈ প্ৰয়োজন ঠিক তেনেকৈ খেল-ধেমালিওঁ আমাৰ বাবে প্ৰয়োজন বুলি অনুভৱ কৰোঁ ।
Let's Smile Together

ফকিৰাগ্ৰাম অঞ্চলৰ গাওৰ পথৰ অৱস্থা বহুত বেয়া ।লৰা-ছোৱালী বিদ্যালয়ত অহা যোৱাত যথেস্থ অসুবিধাৰ সন্মুখিন হয় ।ফকিৰাগ্ৰামৰ ...
20/06/2026

ফকিৰাগ্ৰাম অঞ্চলৰ গাওৰ পথৰ অৱস্থা বহুত বেয়া ।
লৰা-ছোৱালী বিদ্যালয়ত অহা যোৱাত যথেস্থ অসুবিধাৰ সন্মুখিন হয় ।
ফকিৰাগ্ৰামৰ MCLA ডাঙৰীয়াৰ লগত কথা পাতি ৰাইজৰ সুবিধা হোৱাকৈ পথটো মেৰামতিৰ ব্যৱস্থা কৰা হয় ।

Let's Smile Together

যোৱা ১৭মে তাৰিখে কোকৰাঝাৰত হৈছিল প্ৰচন্দ ধুমুহা ।ধুমুহাৰ ফলত এজনী বৃদ্ধাৰ আশ্ৰয় স্থলখন ভাঙি যায় বুলি সামাজিক মাধ্যমৰ য...
20/06/2026

যোৱা ১৭মে তাৰিখে কোকৰাঝাৰত হৈছিল প্ৰচন্দ ধুমুহা ।
ধুমুহাৰ ফলত এজনী বৃদ্ধাৰ আশ্ৰয় স্থলখন ভাঙি যায় বুলি সামাজিক মাধ্যমৰ যোগেদি গম পোৱা যায় । এই খৱৰ পোৱাৰ এদিন পিছতে ঘটনাস্থলিত উপস্থিত হয় আমি দেখো এগৰাকী প্ৰায় ৭০ বছৰীয়া আইতাৰ ঘৰ । আইতাজনীৰ সৈতে কথা পাততে গম পালো তেখেতৰ আপোন বুলিবলৈ কোনো নাই,মানুহৰ ঘৰে-ঘৰে কাম কৰি নিজৰ জীৱন জিয়াই আছে, ধুমুহাৰ ফলত আইতাজনীৰ একমাত্ৰ আশ্ৰয় স্থলিখন ভাঙি চুৰমাৰ হৈ যায় । এতিয়া আইতাজনী "কি কৰো,কত থাকিম" বুলি কান্দি-কান্দি কবলৈ ধৰিলে নিজৰ দুখৰ কথা,দুদিন ধৰি খাই-নেখাই বেলেগৰ ঘৰত ৰাতিটো পাৰ কৰো বুলি জানিব দিলে ।
পিছত সন্থাৰ সভাপতিয়ে আইতাজনীক সুধিলো,আমি কি কৰিব লাগিব আপোনাৰ বাবে বুলি?
আইতাজনীয়ে অনুৰোধ কৰি কলে বাবা পাৰিলে মই থাকিব পৰাকৈ ঘৰ এখন সাজি দিয়া,,,
আমি অলপ চিন্তা কৰি আইতাজনীক কলো ঠিক আছে আইতা মই মোৰ সামৰ্থ্য অনুসাৰে ঈদৰ আগে-আগে সকলোৰে সহায়-সহযোগিতা লৈ ঘৰ এখন থাকিব পৰাকৈ সাজি দিম আৰু আজি ঈদৰ আগদিনা ঘৰখন সাজি উপহাৰ হিচাপে দিব পাই আমি সুখী ।

Thanks to all🙏
Let's Smile Together 😊

Address

Vill/Fakiragram, P. O & P. S/Fakiragram, Dist/Kokrajhar BTR
Kokrajhar
783345

Website

Alerts

Be the first to know and let us send you an email when Let's Smile Together posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category