Assam Jatiya Parishad-Lumding LAC

Assam Jatiya Parishad-Lumding LAC

Share

মাতৃভাষা আৰু সংস্কৃতিৰ অবিহনে এটা জা?

18/04/2025
Photos from Assam Jatiya Parishad-Lumding LAC's post 29/07/2021

অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি পৰ্যবেক্ষণৰ উদ্দেশ্যে অসম জাতীয় পৰিষদৰ মাননীয় সভাপতি শ্ৰী লুৰীণজ্যোতি গগৈৰ নেতৃত্বত দলৰ এটা প্ৰতিনিধি দল আজি শিলচৰত উপস্থিত হয়৷
দলটোয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ লাইলাপুৰৰ গুলীচালনাত আহত চিকিৎসাধীন লোকসকলৰ স্বাস্থ্যৰ বুজ লয়৷

প্ৰতিনিধি দলটোত আছে:
১) লুৰীণজ্যোতি গগৈ, সভাপতি
২) চমছেৰ সিং, উপসভাপতি
৩) মিল্টন কুইয়া, উপসভাপতি
৪) জিয়াউৰ ৰহমান, প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ
৫) ফখৰুল ইছলাম মজুমদাৰ, সাংগঠনিক সম্পাদক
৬) সম্ভিদ শৰ্মা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য
৭) ইফটিকাৰ হুছেইন, ৰাজ্যিক আহ্বায়ক, জাতীয় যুৱ শক্তি৷

কাইলৈ পুৱা দলটো অসম-মিজোৰাম সীমান্তলৈ যাব৷

09/06/2021

নগাওঁ আৰু কাছাৰ কাগজ কল দুটাক নিলাম কৰাৰ বাবে যি জাননী দিয়া হৈছে আমি "অসম জাতীয় পৰিষদে" তাৰ বিৰোধীতা কৰো ৷ শ শ কৰ্মচাৰীৰ ভৱিষ্যতৰ সৈতে খেলা কৰাৰ অধিকাৰ কাৰো নাই ৷ নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত পুনৰ এই কাগজ কল দুটা কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে আজি কিয় এই বিষয়ত নিমাত হৈ আছে ? এই নিলামৰ বিৰুদ্ধে আমি একগোট হোৱা উচিত ৷ এই উদ্যোগ দুটাৰ সৈতে অজস্ৰ জনৰ জীৱন-জীৱিকা জড়িত হৈ আছে ৷ এই নিলামী প্ৰক্ৰিয়াৰ বিৰুদ্ধে আমাৰ দলৰ ফালৰ পৰা এখন অনলাইন Petition স্বাক্ষৰ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ ইচ্ছুকসকলে তলত দিয়া লিংকটোত গৈ এই অভিযানত অংশ ল'ব পাৰে ৷

http://assamjatiyaparishad.org/revival_of_the_paper_mills_assam

13/04/2021

সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ লগতে পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Photos from Assam Jatiya Parishad-Lumding LAC's post 05/04/2021

আজি অসম জাতীয় পৰিষদ হোজাই জিলাৰ সন্মানীয় সভাপতি লুৎফুৰ ৰহমান ডাঙৰীয়া, জাতীয় মহিলা শক্তি হোজাই জিলাৰ সভানেত্ৰী কিৰন বৰ ডাঙৰীয়াণী আৰু অসম জাতীয় পৰিষদৰ হোজাই জিলাৰ বিভিন্ন দায়িত্বত থকা সন্মানীয় বিষয়ববীয়া ও কৰ্ম কৰ্তাই লামডিং বিধানসভা সমষ্টিৰ ১নং কাকী চাৰিআলিত অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি অসম কন্ঠ লুৰিণজ্যোতি গগৈ দেৱৰ মাতৃ স্বৰ্গীয় দুলু গগৈলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো, তাৰেকিছু মুহূৰ্ত---
অ আই বৃহত্তৰ অসমীয়া জাতি লৈ এজন বীৰ যোদ্ধা আগবঢ়াই যোৱাৰ বাবে আমি আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ 🙏🙏
আমি জানো আপুনি অসমীয়াৰ নীল আকাশত এক উজ্জ্বল তৰা হৈ সদায় জিলিকি থাকিব। আমাক আশীৰ্বাদ কৰিব 🙏 জাতীয় বীৰৰ লগত আজিও সহস্ৰজন অশ্ৰুসীক্ত

01/04/2021

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানসিকতা চাওক, ৯২নং লামডিং বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী মৌচুমী শৰ্মা বেজবৰুৱা ৰ বিষয়ে কি অশালীন মন্তব্য কৰিলে চাওক, এয়াই নেকি তেওঁৰ সংস্কৃতি??

31/03/2021

কাইলৈ ভোট দিয়াৰ আগতে মনত পেলাব
১/CAAৰ কথা
২/CAA আন্দোলনত শ্বহীদ হোৱা ৫ গৰাকী তেজাল অসমীয়া ডেকাৰ কতা
৩/ কৰ্মহীন আপোনাৰ শিক্ষিত সন্তানৰ কথা
৩/মূল্য বৃদ্ধিৰ কথা
৪/ উন্নয়নৰ মিছা প্ৰতিশ্ৰুতিৰে কোটি কোটি ৰাইজৰ টকা আত্মখাত কৰাৰ কথা
৫/ শংকৰ-আজান নীতি আদৰ্শক অপমান কৰি সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰা ইত্যাদি ইত্যাদি.....
আপোনাৰ মোৰে নাম যাতে অসমৰ ইতিহাসৰ অলংকৃত পৃষ্ঠাত নুঠে লক্ষ্য ৰাখিব......

26/03/2021

এইবাৰ আমাৰ ভোট সাম্প্ৰদায়িক বিজেপিৰ বিৰুদ্ধে। এইবাৰ আমাৰ ভোট শক্তিশালী আঞ্চলিকতাবাদৰ সপক্ষে।

এইবাৰ আমাৰ ভোট বিভেদকামী সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে। এইবাৰ আমাৰ ভোট এখন স্বাভিমানী স্বাৱলম্বী অসমৰ সপক্ষে।







Photos from Assam Jatiya Parishad-Lumding LAC's post 23/03/2021

অসম জাতীয় পৰিষদৰ ৯২নং লামডিং বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী মৌচুমী শৰ্মা ডাঙৰীয়ণীৰ সৈতে জাতীয় পৰিষদ হোজাই জিলাৰ সভাপতি সন্মানীয় লুৎফুৰ ৰহমান ডাঙৰীয়া, ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ কাৰ্যকৰী সম্পাদক দিগন্ত বৰুৱাই জাতীয় পৰিষদৰ কৰ্মকৰ্তাৰ সহযোগত লংকাজান গাওঁ পঞ্চায়ত, নখুটি গাওঁ পঞ্চায়ত আৰু উদালী গাওঁ পঞ্চায়তৰ ফুলতলী বজাৰত কৰা পথ সভাৰ কিছু দৃশ্য---
বিপুল জনপ্ৰিয়তা তথা ৰাইজৰ সহায় সহযোগিতায় ৯২নং লামডিং বিধানসভা সমষ্টিৰ ৰাইজৰ পছন্দৰ মনোনীত প্ৰাৰ্থী মৌচুমী শৰ্মা ডাঙৰীয়ণী জয়ী হোৱাটো নিশ্চিত কৰি তুলিছে।
জয় আই অসম
#মৌচুমীশৰ্মা মৌচুমী শৰ্মা বেজবৰুৱা

Want your business to be the top-listed Government Service in Lanka?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Nh54
Lanka
782446