02/08/2026
দুঃখৰ বিষয় যে, আমাৰ ভৌগোলিক অৱস্থান আৰু আমাৰ পৰম্পৰাগত চাং ঘৰক লৈ কিছুমান মানুহে অজ্ঞতাবশতঃ হাঁহিছিল। আনকি বহুতক এনেকৈও কোৱা শুনা গৈছিল—"নদীৰ পাৰৰ বালিচৰত থাকে, বানপানীৰ ঠাই, তালৈ কোনে ছোৱালী দিব বা কোনে বিয়া হ’ব?"
ছচিয়েল মিডিয়া নাছিল কাৰণে বহুতে আমাৰ ইতিহাস নাজানিছিল, আজি জানি লওক!আজিকালি ফেচবুক-ইউটিউবৰ যুগত বানপানীৰ ভয়াবহ ছবিবোৰ সহজে দেখা পোৱা যায়। কিন্তু মনত ৰাখিব, যেতিয়া এই ছচিয়েল মিডিয়া নাছিল, তেতিয়াও আমাৰ মিচিং জনগোষ্ঠীয়ে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পাৰত এনেকুৱা শ শ প্ৰলয়ংকাৰী বানপানীৰ সৈতে বুকুত সাহস বান্ধি যুঁজি আহিছে।তাহানিৰ যুগত নদীৰ পাৰত থকা আমাৰ চাং ঘৰ বোৰ দেখি কিছুমান মানুহে উপলুঙা কৰি হাঁহিছিল। আমাক "পিছপৰা" বুলি ভাবিছিল। কিন্তু আজিৰ বানপানীয়ে প্ৰমাণ কৰি দিলে—কোনে হাঁহিব লাগে আৰু কোনে শিক্ষা লব লাগে!
আমাৰ চাং ঘৰ কোনো দুৰ্বলতা নহয়, ই শতিকা পুৰণি থলুৱা বিজ্ঞান।
১. প্ৰকৃতিৰ গতিক বাধা নিদিয়াৰ প্ৰযুক্তি: আধুনিক পকী ঘৰে বানপানীৰ প্ৰবল সোঁতক ভেটি ধৰে, যাৰ ফলত দেৱাল ভাঙি যায় আৰু মানুহ প্লাবিত হয়। কিন্তু আমাৰ চাং ঘৰ মাটিত নহয়, ওখ খুঁটাত থিয় হৈ থাকে। বানপানীৰ পানী ঘৰৰ তলেৰে সুন্দৰকৈ পাৰ হৈ যায়। ঘৰখন বা মানুহখিনিক উটুৱাই নিব নোৱাৰে।
২. আশ্ৰয় শিবিৰৰ প্ৰয়োজন নহয়: সমগ্ৰ অসম যেতিয়া বানপানীত বুৰ যায়, মানুহে যেতিয়া ৰাজপথত বা সাহায্য শিবিৰত থাকিবলগীয়া হয়, তেতিয়াও আমাৰ মিচিং মানুহে নিজৰ চাং ঘৰৰ ওপৰত সুৰক্ষিতভাৱে আশ্ৰয় লৈ থাকে।
৩. জীৱ-জন্তু আৰু সম্পত্তিৰ সুৰক্ষা: বানপানীত যেতিয়া হাজাৰ হাজাৰ পোহনীয়া জীৱ-জন্তু উটি যায়, আমাৰ মানুহে চাং ঘৰৰ তলৰ ভাগ আৰু ওখ চাং ব্যৱহাৰ কৰি নিজৰ গৰু-গাহৰি, কুকুৰা আৰু খাদ্য-শস্য সুৰক্ষিত কৰি ৰাখিব পাৰে।
৪. দুৰ্যোগৰ মাজতো খাদ্যৰ সংকট নহয়: আমাৰ চাং ঘৰৰ মাজমজিয়াত থকা জুইশালখন (Meram) আৰু তাৰ ওপৰত থকা ধোঁৱা চাঙত (Perah) আগতীয়াকৈ খাদ্য, মাছ-মাংস শুকুৱাই সংৰক্ষণ কৰা হয়। বানপানীৰ পানীয়ে তলভাগ বুৰাই পেলালেও ঘৰৰ ভিতৰত জুই জ্বলাই গৰম ভাত ৰান্ধি খাব পৰা ব্যৱস্থা তাহানিৰ পৰাই চলি আহিছে।
যিসকলে হাঁহিছিল, তেওঁলোকলৈ বাৰ্তা:প্ৰকৃতিক জয় কৰিবলৈ হ’লে প্ৰকৃতিৰ বিৰুদ্ধে গ’লে নহ’ব, প্ৰকৃতিৰ সৈতে মিলি জীয়াই থাকিব লাগিব। ইয়াকে কয় "Eco-friendly Architecture" বা পৰিৱেশ-অনুকূল স্থাপত্য। আধুনিক ইঞ্জিনীয়াৰে যিটো কথা আজি ভাবিছে, আমাৰ পূৰ্বপুৰুষে সেইটো যুগ যুগ আগতেই কৰি দেখুৱাই থৈ গৈছে।সেয়েহে, তাহানিৰ দিনত ছচিয়েল মিডিয়া নাছিল কাৰণে আপোনালোকে আমাৰ সংগ্ৰাম আৰু বুদ্ধি দেখা নাছিল।