G.B.C Makum

Directions Contact the organization

G.B.C Makum It is the only provincialized Higher Secondary School in the entire region which offer quality education to the pupil.

16/10/2026

পূজাৰ আগদিনা ৰ আনন্দ খেলৰ ৰূপত


#

15/10/2026

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণইং ১৫ অক্টোবৰ ২০২৬ তাৰিখে বিদ্যালয়ত অসম চৰকাৰৰ অভিলাসী কাৰ্যসূচী -"মুখ্যমন্ত্ৰ...
15/10/2026

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ

ইং ১৫ অক্টোবৰ ২০২৬ তাৰিখে বিদ্যালয়ত অসম চৰকাৰৰ অভিলাসী কাৰ্যসূচী -"মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি"ৰ অধীনত ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰা হয়। এই কাৰ্যসূচীত মাকুম পৌৰসভাৰ পৌৰপতি বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে। আঁচনিখনৰ জৰিয়তে ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু শিক্ষা অব্যাহত ৰখাত উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে।

#মুখ্যমন্ত্ৰীৰ_নিযুত_ম‌ইনা_আঁচনি_২০২৬ #অসম াৰ #উচ্চশিক্ষা

15/10/2026


বিশ্ব হাত ধোৱা দিৱস উদযাপনযোৱা ইং ১৫ অক্টোবৰ, ২০২৬ তাৰিখে বিদ্যালয়ত বিশ্ব হাত ধোৱা দিৱস পালন কৰা হয়। ৰণী বৰঠাকুৰৰ তত্ত...
15/10/2026

বিশ্ব হাত ধোৱা দিৱস উদযাপন

যোৱা ইং ১৫ অক্টোবৰ, ২০২৬ তাৰিখে বিদ্যালয়ত বিশ্ব হাত ধোৱা দিৱস পালন কৰা হয়। ৰণী বৰঠাকুৰৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকলে হাত ধোৱাৰ গুৰুত্ব সম্পৰ্কে শপত গ্ৰহণ কৰে। লগতে শিক্ষক ড° ৰঞ্জিত বিকাশ চেতিয়াই বিজ্ঞানসন্মতভাৱে হাত ধোৱাৰ সঠিক পদ্ধতি প্ৰদৰ্শন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্য সচেতনতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়।


14/10/2026

বিদ্যালয়ত উচ্চ শাখাৰ বিহু বিষয়ৰ প্ৰেক্টিকেল...

#বিহু

🐦 আন্তঃৰাষ্ট্ৰীয় পক্ষী দিৱস উদযাপন    #ডেউকা_প্ৰকল্প_২০২৬জি. বি. চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাকুম📅 ১০ অক্টোবৰ, ২...
10/10/2026

🐦 আন্তঃৰাষ্ট্ৰীয় পক্ষী দিৱস উদযাপন

#ডেউকা_প্ৰকল্প_২০২৬

জি. বি. চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাকুম
📅 ১০ অক্টোবৰ, ২০২৬

পক্ষী সংৰক্ষণ আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ১০ অক্টোবৰ, ২০২৬ তাৰিখে জি. বি. চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত #ডেউকা_প্ৰকল্পৰ ( ) অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় পক্ষী দিৱস পালন কৰা হয়।

এই উপলক্ষে বিদ্যালয়ৰ সহকাৰী শিক্ষক ড° ৰঞ্জিত বিকাশ চেতিয়াই বৰ্তমান পৰিৱেশত পক্ষী সংৰক্ষণৰ গুৰুত্বৰ ওপৰত এক সজাগতামূলক বক্তৃতা প্ৰদান কৰে। তেওঁ পক্ষীসমূহৰ প্ৰাকৃতিক পৰিৱেশতন্ত্ৰত থকা গুৰুত্বপূৰ্ণ ভূমিকা, ক্ৰমবৰ্ধমান পৰিৱেশ প্ৰদূষণ, বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত পক্ষীসমূহে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে আলোকপাত কৰে। লগতে পক্ষীৰ বাসস্থান সুৰক্ষিত কৰা, গছ-গছনি ৰোপণ কৰা আৰু পক্ষীসমূহৰ প্ৰতি সংবেদনশীল মনোভাৱ গঢ়ি তোলাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

আনহাতে, বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শ্ৰীমতী ৰিমঝিম দাসে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ঋতুভিত্তিকভাৱে অহা-যোৱা কৰা পৰিভ্ৰমী পক্ষীসমূহৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰে। তথ্যচিত্ৰখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বিশ্বৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী, সিহঁতৰ পৰিভ্ৰমণৰ কাৰণ, যাত্ৰাপথ আৰু প্ৰাকৃতিক পৰিৱেশত সিহঁতৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে জ্ঞান লাভ কৰে।

এই কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পক্ষী আৰু প্ৰকৃতিৰ প্ৰতি প্ৰেম, দায়িত্ববোধ তথা পৰিৱেশ সংৰক্ষণৰ মনোভাৱ গঢ়ি তোলাত সহায় কৰে।

“পক্ষীক সুৰক্ষা দিওঁ, প্ৰকৃতিক সংৰক্ষণ কৰোঁ — এখন সেউজীয়া আৰু জীৱন্ত পৃথিৱী গঢ়ি তোলোঁ।” 🌿🐦

#পক্ষীসংৰক্ষণ #পৰিৱেশসজাগতা
#ডেউকা_প্ৰকল্প

  যোৱা ইং ০৮-১০-২০২৬ তাৰিখে ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰী সকলৰ তত্বাৱধানত বোকামাটি  কাগজ, সূতা, ৰচী ইত্যাদি ৰে না...
10/10/2026



যোৱা ইং ০৮-১০-২০২৬ তাৰিখে ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰী সকলৰ তত্বাৱধানত বোকামাটি কাগজ, সূতা, ৰচী ইত্যাদি ৰে নানান ৰকমৰ হস্তশিল্প তৈয়াৰ কৰে।


স্বচ্ছতা হী সেৱা ২০২৬- উপলক্ষে  বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আৰাধনা প্ৰধানে মাকুম মিউনিছিপাল বৰ্ড আৰু নৰ্থ ইষ্ট আৰ্ট এ...
07/10/2026

স্বচ্ছতা হী সেৱা ২০২৬- উপলক্ষে বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আৰাধনা প্ৰধানে মাকুম মিউনিছিপাল বৰ্ড আৰু নৰ্থ ইষ্ট আৰ্ট এণ্ড কাৰ্ফ্ট ডিজাইনিঙ ইনষ্টিটিউটৰ দ্বাৰা আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত গ শাখাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়...ছাত্ৰীগৰাকীৰ এই সাফল্যত বিদ্যালয় পৰিয়াল অতিশয় আনন্দিত হৈছে আৰু এই সুযোগতে তাইৰ উজ্বল ভৱিষ্যত কামনা কৰিছে..

06/10/2026

টুনী চৰাইৰ বাহ


#ডেউকা_প্ৰকল্প

Address

Thakurbari Road
Makum
786170

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when G.B.C Makum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to G.B.C Makum:

Shortcuts

Share

Category