Himanta Biswa Sharma Fans Club Mariani

Call Directions Contact the organization

Himanta Biswa Sharma Fans Club Mariani Welcome to Himanta Biswa Sarma Fans Club Mariani. Let us all work towards a prosperous Mariani and Great Assam.

22/09/2026
আজি ইংৰাজী ২০ চেপ্তেম্বৰ দেওবাৰে দিনৰ ১০.৩০ বজাত পূৰ্বে নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুযায়ী হিমন্তবিশ্ব শৰ্মা ফেনচ ক্লাৱৰ মুখ...
20/09/2026

আজি ইংৰাজী ২০ চেপ্তেম্বৰ দেওবাৰে দিনৰ ১০.৩০ বজাত পূৰ্বে নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুযায়ী হিমন্তবিশ্ব শৰ্মা ফেনচ ক্লাৱৰ মুখ্য উপদেষ্টা মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মীদেৱৰ উদ্যোগত হিমন্তবিশ্ব শৰ্মা ফেনচ ক্লাৱৰ সহযোগত কৃত্ৰিম বুদ্ধিমত্তাৰ ( AI)প্ৰশিক্ষণৰ শুভাৰম্ভণি মাননীয় বিধায়ক ডাঙৰীয়াৰ যোগেদি কৰা হয়। এই প্ৰশিক্ষণৰ বাবে ইচ্ছুক আবেদনকাৰীৰ সংখ্যা আছিল ৪১০ গৰাকী। ইয়াৰে প্ৰথম গ্ৰুপত ৫০ গৰাকী আবেদনকাৰীক নিৰ্বাচিত কৰা হৈছে,পিছৰ পৰ্যায়ত পুনৰ ৫০ গৰাকী কৈ পৰ্যায় ক্ৰমে প্ৰশিক্ষণ দিয়া হ'ব। Himanta Biswa Sarma Rupjyoti Kurmi

16/09/2026
শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত গভীৰ শ্ৰদ্ধাঞ্জলি অসমীয়া জাতিৰ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জীৱনলৈ অনন্য অৱদান আগ...
12/09/2026

শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত গভীৰ শ্ৰদ্ধাঞ্জলি
অসমীয়া জাতিৰ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জীৱনলৈ অনন্য অৱদান আগবঢ়োৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত মহান গুৰুজনাৰ শ্ৰীচৰণত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
গুৰুজনাই প্ৰচাৰ কৰা এক শৰণ নাম ধৰ্ম, ভক্তি, প্ৰেম, শান্তি, মানৱতা আৰু সমন্বয়ৰ আদৰ্শই আজিও আমাৰ সমাজক সত্য আৰু সুন্দৰৰ পথ দেখুৱাই আহিছে।
তেখেতৰ মহান আদৰ্শ আৰু মানৱতাবাদী চিন্তাধাৰা আমাৰ জীৱনৰ পথ প্ৰদৰ্শক হৈ থাকক—এয়াই আজিৰ পৱিত্ৰ দিনটোত আমাৰ প্ৰাৰ্থনা।
🙏 শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ স্মৃতিলৈ শতকোটি প্ৰণাম। 🙏

🙏 শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা 🙏হিমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ পৱিত্ৰ শ্ৰীকৃষ্ণ জন...
04/09/2026

🙏 শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা 🙏
হিমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ পৱিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সকলোৰে জীৱন সুখ, শান্তি, সমৃদ্ধি আৰু মংগলেৰে ভৰি পৰক—এইয়াই আমাৰ আন্তৰিক প্ৰাৰ্থনা।
জয় শ্ৰীকৃষ্ণ 🙏
Himanta Biswa Sarma

01/09/2026

বিনামূলীয়া AI ডিপ্লমা পাঠ্যক্ৰমৰ শুভাৰম্ভ।
আজি মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ উদ্যোগত আৰু হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাবৰ সহযোগত,ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৩ মহীয়া বিনামূলীয়া AI ডিপ্লমা পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয়।
এই বিশেষ পাঠ্যক্ৰমটিৰ শুভ উদ্বোধন কৰে মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে—
বিজেপি মৰিয়নী মণ্ডলৰ সভানেত্ৰী শ্ৰীমতী ৰীতা ওৰাং
৬ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ শ্ৰীমতী কস্তুৰী আগৰৱালা গগৈ
BCCI এম্পায়াৰ শ্ৰীযুত শংকু ঘোষ
AI গৱেষক শ্ৰীযুত নীতেশ পাণ্ডে
লগতে অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মা ফেনছ ক্লাবৰ সকলো সন্মানীয় সদস্য উপস্থিত থাকি অনুষ্ঠানটি সফল কৰি তোলে।
যুৱ প্ৰজন্মক আধুনিক প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) জ্ঞানৰ সৈতে পৰিচিত কৰি ভৱিষ্যতৰ বাবে দক্ষ কৰি তোলাৰ এই পদক্ষেপ নিশ্চয়কৈ এক প্ৰশংসনীয় উদ্যোগ।
যুৱ প্ৰজন্মৰ উন্নতিৰ বাবে আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব। 🙏 Rupjyoti Kurmi Himanta Biswa Sarma

স্কলাৰশ্বিপৰ অনলাইন আবেদনআজি হিমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত আৰু মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক তথা ফ্ৰেণ্...
27/08/2026

স্কলাৰশ্বিপৰ অনলাইন আবেদন
আজি হিমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত আৰু মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক তথা ফ্ৰেণ্ডছ ক্লাবৰ উপদেষ্টা শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী দেৱৰ সহযোগত মৰিয়নি কলেজত ছাত্ৰীসকলৰ স্কলাৰশ্বিপৰ অনলাইন আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰা হয়।
ছাত্ৰীসকলক অনলাইন আবেদন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে আবেদন প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হয়।
ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ এই প্ৰচেষ্টা আগলৈও অব্যাহত থাকিব। 🙏

Himanta Biswa Sarma
Rupjyoti Kurmi

Address

Natunmati Ward No 4
Mariani
785634

Telephone

+917002336551

Website

Alerts

Be the first to know and let us send you an email when Himanta Biswa Sharma Fans Club Mariani posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Himanta Biswa Sharma Fans Club Mariani:

Shortcuts

Share

Category