18/06/2026
ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই অভিলেখ সংখ্যক সুদীৰ্ঘ ১২ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণৰ বিশেষক্ষণত অসম চৰকাৰৰ পৰামৰ্শক্ৰমে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ কলিয়াবৰ উন্নয়ন খণ্ডৰ প্ৰাঙ্গনত তিনিদিনীয়া জনসেৱা মূলক কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে।
সেই অনুসৰি আজি ১৮ ৰ পৰা ২০ জুন পৰ্যন্ত "জনকল্যাণ শিবিৰ" অনুষ্ঠিত হ'ব য'ত কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ যিকোনো আঁচনিৰ সুফল লাভৰ পৰা উপযুক্ততাৰ থকা স্বত্বেও বঞ্চিত হোৱা সকলে আবেদন কৰিলে তেওঁক যথাসম্ভৱ সোনকালে আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। তাৰ বাবে আগ্ৰহী ব্যক্তিয়ে আগতীয়াকৈ নিজৰ নাম অনলাইন যোগে পঞ্জীয়ন কৰিব পাৰিব।
এটা নিৰ্দিষ্ট কিউয়াৰকোটৰ সহায়ত নিজৰ মোবাইলৰ পৰাই সহজতে নিজৰ নাম পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰা হৈছে যদিও কোনোৱে এই ক্ষেত্ৰত কিবা অসুবিধা পালে নিজ নিজ পঞ্চায়তৰ কাৰ্যালয়লৈ আহিলে ইয়াৰ এই সুবিধা প্ৰদান কৰিব।
এই জনকল্যান শিবিৰত স্থানীয় বিশিষ্ট ব্যক্তি, সফল হিতাধিকাৰী আদিকো সম্বৰ্দ্ধনা জনোৱা হ'ব। তদুপৰি ইয়াত ৰাইজৰ যদি কিবা ৰাজহুৱা ওজৰ-আপত্তি থাকে তেন্তে সেয়াও দাখিল কৰিব পাৰিব আৰু প্ৰশাসনে সেয়া গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব ।
এই শিবিৰত কেন্দ্ৰীয় চৰকাৰৰ আয়ুস্মান ভাৰত, ভিবি জি ৰাম-জী আচঁনি, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ, প্ৰধানমন্ত্ৰী স্বনিধি, অসম চৰকাৰৰ নিযুত মইনা, লাখপতি বাইদেউ আদি গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ বিষয়ে বিশেষভাবে আলোচনা কৰা হ'ব। সেয়ে ৰাইজ আহক, আমাৰ এই তিনিদিনীয়া শিবিৰত অংশগ্ৰহণ কৰি নিজৰ প্ৰাপ্য অধিকাৰ লাভ কৰক আৰু আপোনালোকৰ মূল্যৱান দিহা-পৰামৰ্শ আদিৰে এই জনকল্যান শিবিৰ সফল কৰি তোলক।
QR : https://docs.google.com/forms/d/e/1FAIpQLSfsdA10PuO83l2drxInbzeeog26Oy9LY9JECrhbce-SW8RiOA/viewform?pli=1
PMO India Narendra Modi CMO Assam Himanta Biswa Sarma Devasish Sharma Directorate of Information and Public Relations, Assam Janasanyog Nagaon জনসংযোগ নগাঁও AIR News Guwahati Press Information Bureau - PIB, Government of India PIB in Assam