BJYM Kamar gaon Mandal

Directions

BJYM Kamar gaon Mandal BJYM

21/10/2026

জনসংঘৰ পৰা ভাৰতীয় জনতা পাৰ্টিলৈ: এক অবিৰত আদৰ্শগত যাত্ৰা... 🪔 🪷

১৯৫১ চনৰ ২১ অক্টোবৰত পৰম শ্ৰদ্ধাৰ ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ দূৰদৰ্শী নেতৃত্বত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠা হৈছিল। দেশ বিভাজনৰ কৰুণ পৰিণতি আৰু ভেটি হেৰুওৱা লোকসকলৰ সমস্যাৰে দেশ জৰ্জৰিত হৈ থকা এক কঠিন সময়ত জনসংঘৰ যাত্ৰা আৰম্ভ হৈছিল।

“এখন দেশত দুখন সংবিধান, দুখন পতাকা আৰু দুজন প্ৰধান নচলিব” — এই দৃঢ় হুংকাৰ দি কাশ্মীৰত প্ৰচলিত পাৰ্মিট ব্যৱস্থাৰ বিৰোধিতা কৰি ড° মুখাৰ্জীয়ে এক ঐতিহাসিক আন্দোলনৰ সূচনা কৰিছিল। দেশৰ ঐক্য আৰু অখণ্ডতাৰ বাবে তেওঁ নিজৰ প্ৰাণ আহুতি দিছিল।

ড° মুখাৰ্জীৰ পিছত পণ্ডিত দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী আৰু নানাজী দেশমুখৰ দৰে মহান নেতাসকলে একাত্ম মানৱবাদ আৰু ৰাষ্ট্ৰবাদৰ আদৰ্শৰে সংগঠনটোক নতুন শক্তি প্ৰদান কৰিছিল।

১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ কঠিন দিনবোৰত জনসংঘই গণতন্ত্ৰ ৰক্ষাৰ বাবে অগ্ৰণী ভূমিকা পালন কৰিছিল। পৰৱৰ্তী সময়ত ১৯৮০ চনত জনতা পাৰ্টিৰ বিভাজনৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ গঠন হৈছিল।

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াআৰু গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত ২০১৯ চনত সংবিধানৰ ৩৭০নং অনুচ্ছেদ চিৰদিনৰ বাবে বিলুপ্ত কৰি ড° মুখাৰ্জীৰ সপোন বাস্তৱায়িত কৰা হয়।

‘ৰাষ্ট্ৰ প্ৰথম’, ‘অন্ত্যোদয়’ আৰু ‘একাত্ম মানৱবাদ’ৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত ৭৫ বছৰীয়া এই দীঘলীয়া আৰু গৌৰৱোজ্জ্বল যাত্ৰাই আজি দৰিদ্ৰ কল্যাণ, আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু হৰ ঘৰ জলৰ দৰে আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকৰ জীৱনলৈ পোহৰ কঢ়িয়াই আনিছে।

ৰাষ্ট্ৰসেৱাৰ প্ৰতি সমৰ্পিত এই যাত্ৰা অবিৰতভাৱে অব্যাহত আছে! 🇮🇳

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি লাভ কৰা শ্ৰী বিশ্বজিৎ খাউণ্ড ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন ক...
21/10/2026

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি লাভ কৰা শ্ৰী বিশ্বজিৎ খাউণ্ড ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

তেখেতৰ সাংগঠনিক দক্ষতা আৰু নেতৃত্বই দলৰ ভেটি অধিক শক্তিশালী কৰাৰ লগতে যুৱ শক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অনুপ্ৰাণিত কৰিব বুলি দৃঢ়বিশ্বাসী।
তেখেতৰ আগন্তুক দিনবোৰ সফল আৰু মংগলময় হওক, তাৰেই কামনা কৰিলোঁ।

Bjp Assam Pradesh State

সমুহ অসমবাসী ৰাইজলৈ কাতি বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ  🙏
18/10/2026

সমুহ অসমবাসী ৰাইজলৈ কাতি বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ 🙏

শাৰদীয় দুৰ্গোৎসৱ আৰু পবিত্ৰ মহাসপ্তমীৰ হিয়াভৰা ওলগ যাচিলোঁ। মা দুৰ্গাৰ আশীৰ্বাদেৰে আপোনাৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰ...
17/10/2026

শাৰদীয় দুৰ্গোৎসৱ আৰু পবিত্ৰ মহাসপ্তমীৰ হিয়াভৰা ওলগ যাচিলোঁ। মা দুৰ্গাৰ আশীৰ্বাদেৰে আপোনাৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক।

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, 'মিছাইল মেন'ৰূপে খ্যাত বৰেণ্য বিজ্ঞানী, মা ভাৰতীৰ সুযোগ্য সন্তান, ভাৰতৰত্ন ড০ এ পে জে আব্দুল ...
15/10/2026

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, 'মিছাইল মেন'ৰূপে খ্যাত বৰেণ্য বিজ্ঞানী, মা ভাৰতীৰ সুযোগ্য সন্তান, ভাৰতৰত্ন ড০ এ পে জে আব্দুল কালামদেৱৰ পবিত্ৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

জনসেৱাৰ বাবে সমৰ্পিত এই ২৫ বছৰীয়া যাত্ৰাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী  ডাঙৰীয়ালৈ আন্তৰিক  অভিনন্দন জনালোঁ...
12/10/2026

জনসেৱাৰ বাবে সমৰ্পিত এই ২৫ বছৰীয়া যাত্ৰাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জনালোঁ৷

Address

Raha
Nagaon

Website

Alerts

Be the first to know and let us send you an email when BJYM Kamar gaon Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share