19/10/2025
📌 নগাঁও
প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ মহাপ্ৰয়াণৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে আজি প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে ৰাজ্যজুৰি প্ৰতি জিলা কংগ্ৰেছৰ সদৰ কাৰ্যালয়ত নাম প্ৰসংগ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰে স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰে অংশ হিচাপে আজি নগাঁৱৰ ৰাজীৱ ভৱন চৌহদত নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত নাম-প্ৰসংগ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰে স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়।