BJYM Raha-Barapujia

Directions

BJYM Raha-Barapujia ভাৰতীয় জনতা যুৱ মৰ্চা ৰহা-বাৰপুজীয়া মণ্ডল

Bharatiya Janata Yuva Morcha | Raha–Barapujia Mandal
Youth Wing of BJP • Serving Nation • Empowering Youth

ভাৰতীয় জনতা যুৱ মৰ্চা, ৰহা–বাৰপূজীয়া মণ্ডলৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ পঞ্চায়ত প্ৰভাৰী আৰু সহ-প্ৰভাৰীসকলৰ তালিকা ...
25/09/2026

ভাৰতীয় জনতা যুৱ মৰ্চা, ৰহা–বাৰপূজীয়া মণ্ডলৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ পঞ্চায়ত প্ৰভাৰী আৰু সহ-প্ৰভাৰীসকলৰ তালিকা প্ৰকাশ কৰা হৈছে।

সংশ্লিষ্ট সকলো বিষয়ববীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু সাংগঠনিক দায়িত্ব সফলভাৱে পালন কৰাৰ বাবে শুভকামনা জনালোঁ।🎉

Rakesh Das
Nilotpal Lahan
Bhashkar Saikia
Jitumoni Das New
BJP Assam Pradesh
BJYM Assam
BJP Nagaon District
BJYM Nagaon

“অন্তিমজনৰ উত্তৰণতেই নিহিত থাকে সৰ্বাংগীণ ৰাষ্ট্ৰোন্নতিৰ সাৰ্থকতা।”ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ বিশিষ্ট মনীষী, দূৰদৰ্শী ...
25/09/2026

“অন্তিমজনৰ উত্তৰণতেই নিহিত থাকে সৰ্বাংগীণ ৰাষ্ট্ৰোন্নতিৰ সাৰ্থকতা।”

ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ বিশিষ্ট মনীষী, দূৰদৰ্শী সংগঠক তথা ‘একাত্ম মানৱতাবাদ’ৰ প্ৰবক্তা পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ জন্মজয়ন্তীত তেখেতৰ পৱিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতৰ চিন্তা আৰু কৰ্মজীৱনে ৰাষ্ট্ৰসেৱা, সমাজকল্যাণ আৰু মানৱীয় মৰ্যাদাক এক সমন্বিত দৃষ্টিভংগীৰে উপলব্ধি কৰাৰ পথ প্ৰশস্ত কৰিছিল।

‘অন্ত্যোদয়’ৰ অন্তৰ্নিহিত দৰ্শনে সমাজৰ শেষৰজন ব্যক্তিৰ উন্নয়ন, সন্মান আৰু সুযোগক ৰাষ্ট্ৰীয় অগ্ৰগতিৰ অবিচ্ছেদ্য অংগ হিচাপে প্ৰতিপন্ন কৰে। তেখেতৰ এই চিন্তাধাৰাই ভাৰতীয় জনজীৱনত জনকল্যাণমুখী শাসন আৰু সমন্বিত উন্নয়নৰ এক সুদূৰপ্ৰসাৰী আদৰ্শৰ প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন উপলক্ষে আজি ৰহা টাউনৰ ড° ভূপেন হাজৰিকা মুকলি মঞ্চত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্...
23/09/2026

সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন উপলক্ষে আজি ৰহা টাউনৰ ড° ভূপেন হাজৰিকা মুকলি মঞ্চত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।

সভাত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পিযুষ হাজৰীকা ডাঙৰীয়া আৰু ৰহা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত শশীকান্ত দাস ডাঙৰীয়াই অংশগ্ৰহণ কৰি উপস্থিত দলীয় কাৰ্যকৰ্তা আৰু ৰাইজৰ সৈতে নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ত মত-বিনিময় কৰে।

সভাত বিজেপি আৰু মিত্ৰজোঁটৰ বিভিন্ন বিষয়ববীয়া, মণ্ডল তথা পঞ্চায়ত পৰ্যায়ৰ দায়িত্ববাহী কাৰ্যকৰ্তা আৰু দলীয় কৰ্মীসকল উপস্থিত থাকে।

Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Sashi Kanta Das
Nilotpal Lahan
Jitumoni Das New
Suraj Gaonkhowa

স্বাগতম জনাইছোঁ।🙏Pijush Hazarika
23/09/2026

স্বাগতম জনাইছোঁ।🙏

Pijush Hazarika

চাহ জনগোষ্ঠীয় সমাজৰ পবিত্ৰ কৰম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লোকজীৱন, পৰম্পৰা আৰু বিশ্বাসৰ সৈতে গভীৰভাৱে জড়িত পৱিত্ৰ কৰম...
22/09/2026

চাহ জনগোষ্ঠীয় সমাজৰ পবিত্ৰ কৰম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লোকজীৱন, পৰম্পৰা আৰু বিশ্বাসৰ সৈতে গভীৰভাৱে জড়িত পৱিত্ৰ কৰম পূজাই কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধিৰ বতৰা।

আজি নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপনিৰ্বাচনক কেন্দ্ৰ কৰি অনুষ্ঠিত গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত দলীয় সাংগঠনিক প্ৰস্তুতি, ক...
21/09/2026

আজি নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপনিৰ্বাচনক কেন্দ্ৰ কৰি অনুষ্ঠিত গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত দলীয় সাংগঠনিক প্ৰস্তুতি, কৰ্মপন্থা আৰু আগন্তুক নিৰ্বাচনী পৰিকল্পনাৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।

সভাত উপস্থিত থাকে—
🔹 ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া।
🔹 সন্মানীয় যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি শ্ৰীযুত ৰাকেশ দাস ডাঙৰীয়া।
🔹 ৰাজ্যিক সম্পাদিকা শ্ৰীমতী সুকন্যা হাতীমূৰীয়া ডাঙৰীয়ানী।
🔹 ৰহা-বাৰপূজীয়া মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীযুত নীলৎপল লাহন ডাঙৰীয়া।
🔹ৰহা-বাৰপূজীয়া মণ্ডল যুৱ মৰ্চাৰ সন্মানীয় সভাপতি শ্ৰীযুত জিতু মণি দাস ডাঙৰীয়া।

🔹 ৰহা সমষ্টিৰ সন্মানীয় মণ্ডল সভাপতি সকল।
🔹 সন্মানীয় বিস্তাৰকসকল।
🔹 যুৱ মৰ্চাৰ মণ্ডল সভাপতি সকল।

Rakesh Das
BJP Assam Pradesh
BJYM Assam
Sashi Kanta Das
Bhashkar Saikia
Nilotpal Lahan
Nandalal Chauhan
Jitumoni Das New
Suraj Gaonkhowa

21/09/2026

আজি চাংসাৰিস্থিত এইমছ, গুৱাহাটীত উপস্থিত হৈ চিকিৎসা সেৱা আৰু প্ৰতিষ্ঠানটোৰ কাম-কাজৰ বুজ লওঁতে আইতা এগৰাকীয়ে নিজৰ দুখ, অভাৱ-অভিযোগসমূহ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত মুকলিকৈ ব্যক্ত কৰিলে।

Himanta Biswa Sarma

নগাঁও লোকসভাৰ উপনিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ষ্টাৰ কেম্পেইনাৰ তালিকা।
21/09/2026

নগাঁও লোকসভাৰ উপনিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ষ্টাৰ কেম্পেইনাৰ তালিকা।

21/09/2026

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মোৎসৰ উপলক্ষে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। 🙏🌺

তেখেতৰ অমৰ আদৰ্শ, এক শৰণ নাম ধৰ্মৰ বাণী আৰু বৈষ্ণৱ সংস্কৃতিৰ মহান পৰম্পৰাই আমাৰ সমাজক সদায়ে প্ৰেৰণা যোগাই আহিছে।
মহাপুৰুষগৰাকীৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাৰে প্ৰণিপাত। 🙏

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত আজিৰ দিনটোতে দেশমাতৃৰ স্বাধীনতাৰ হকে যুঁজ দি ত্ৰিৰংগ পতাকা উত্তোলনৰ বাবে সংকল্প লৈ মহ...
20/09/2026

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত আজিৰ দিনটোতে দেশমাতৃৰ স্বাধীনতাৰ হকে যুঁজ দি ত্ৰিৰংগ পতাকা উত্তোলনৰ বাবে সংকল্প লৈ মহান অসমীয়া স্বাধীনতা সেনানী কনকলতা বৰুৱা, মুকুন্দ কাকতি, তিলেশ্বৰী বৰুৱা, ভোগেশ্বৰী ফুকননী আৰু মনবৰ নাথকে ধৰি বহু বীৰ-বীৰাংগনাই প্ৰাণ আহুতি দিছিল। দেশপ্ৰেমৰ অতুলনীয় নিদৰ্শন দেখুওৱা সেইসকল বীৰ-বীৰাংগণালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।🙏

Address

Nagaon
782103

Website

Alerts

Be the first to know and let us send you an email when BJYM Raha-Barapujia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share