Amiya kr. Bhuyan

Call Directions Contact the organization

Amiya kr. Bhuyan I am Dr.Amiya Kr. Bhuyan, Former MLA 73 No.Bihpuria LAC.

 #গণতন্ত্ৰ_বচাও_অৰাজকতা_হাটাও     দেশত বিৰোধী অপশক্তিৰ দ্বাৰা যি অৰাজকতাৰ সৃষ্টিৰ বাবে  ষড়যন্ত্ৰ কৰা হৈছে তাক প্ৰতিহত ক...
31/10/2026

#গণতন্ত্ৰ_বচাও_অৰাজকতা_হাটাও
দেশত বিৰোধী অপশক্তিৰ দ্বাৰা যি অৰাজকতাৰ সৃষ্টিৰ বাবে ষড়যন্ত্ৰ কৰা হৈছে তাক প্ৰতিহত কৰাৰ লক্ষ্যৰে আজি গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰৰ পৰা প্ৰায় ২০০০০ লোকৰ সমাবেশেৰে বাহিৰ কৰা প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ।
ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই সম্বোধন কৰা পদযাত্ৰা কাৰ্যসূচীত অসম চৰকাৰৰ মাননীয়া মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাচা ডাঙৰীয়া সমন্বিতে মাননীয় বিধায়ক মৃদুল দত্ত ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া, বিনোদ হাজৰিকা ডাঙৰীয়া আৰু দলীয় নেতৃবৃন্দ উপস্থিত থাকি পদযাত্ৰা আগবঢ়াই নিয়ে।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

আজি পবিত্ৰ লক্ষ্মী পূজাৰ দিনটোত শোণিতপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ ত...
25/10/2026

আজি পবিত্ৰ লক্ষ্মী পূজাৰ দিনটোত শোণিতপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ তেখেতক সেৱা জনাই সৌজন্যমূলক সাক্ষাৎ কৰোঁ।
Himanta Biswa Sarma
Dilip Saikia
Ranjit Dutta
BJP Assam Pradesh

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান "মন কী বাত"-ৰ ১৩৯ সংখ্যক খণ্ডটো আজি  ...
25/10/2026

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান "মন কী বাত"-ৰ ১৩৯ সংখ্যক খণ্ডটো আজি বিশ্বনাথ সমষ্টিৰ সাকোমঠা মণ্ডলৰ ৯৫ নং বুথত সমূহ দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে একেলগে বহি শ্ৰৱণ কৰোঁ।

ইয়াৰ লগত সংগতি ৰাখি "বুথ কী বাত" কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়, য'ত স্থানীয় ৰাইজ আৰু কাৰ্যকৰ্তাসকলৰ সৈতে বিভিন্ন সমস্যা আৰু অসুবিধাৱলীৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হয়।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

বিশ্বৰূপস্য ভাৰ্য্যাসি পদ্মে পদ্মালয়ে শুভে।সৰ্ব্বতঃ পাহি মাং দেৱী মহালক্ষ্মী নমঃস্তুতে।।পবিত্ৰ লক্ষ্মী পূজা উপলক্ষে সমূহ...
25/10/2026

বিশ্বৰূপস্য ভাৰ্য্যাসি পদ্মে পদ্মালয়ে শুভে।
সৰ্ব্বতঃ পাহি মাং দেৱী মহালক্ষ্মী নমঃস্তুতে।।

পবিত্ৰ লক্ষ্মী পূজা উপলক্ষে সমূহ অসমবাসী ৰাজনৈতিক ভক্তিভৰা শুভেচ্ছা জনালোঁ। সকলোৰে জীৱন সুখ-সমৃদ্ধি আৰু ঐশ্বৰ্য্য-বিভূতিৰে উপচি পৰক তাৰেই কামনাৰে লক্ষ্মী আইৰ শ্ৰীচৰণত সেৱা জনালোঁ।

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ অনুষ্ঠান মন কী বাত উপলক্ষে কালিলৈ বিশ্বনাথ বিধা...
24/10/2026

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ অনুষ্ঠান মন কী বাত উপলক্ষে কালিলৈ বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত সাকোমঠা মণ্ডলৰ ৯৫ নং বুথৰ কাৰ্যকৰ্তা সকলৰ সৈতে উপস্থিত থাকিম। সকলো স্তৰৰ দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজক সাদৰেৰে নিমন্ত্রণ জনালোঁ।🙏
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

ভাৰতীয় জনতা পার্টিৰ গোলাঘাট জিলাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা লোকতন্ত্ৰ বাচাও ভীৰতন্ত্ৰ হটাও শীৰ্ষক কাৰ্যসূচীৰ প্ৰস্তুতি স...
24/10/2026

ভাৰতীয় জনতা পার্টিৰ গোলাঘাট জিলাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা লোকতন্ত্ৰ বাচাও ভীৰতন্ত্ৰ হটাও শীৰ্ষক কাৰ্যসূচীৰ প্ৰস্তুতি সভাত আজি উপস্থিত থাকি দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তা সকলক সম্বোধন কৰোঁ।
এই সভাত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাচা ডাঙৰীয়া, দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত মৃদুল দত্ত ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ অন্যান্য পিছপৰা জাতি মৰ্চাৰ সভাপতি সুভাষ দত্ত ডাঙৰীয়া, গোলাঘাট জিলা সভাপতি চন্দজ্যোতি ঠাকুৰ ডাঙৰীয়া, গোলাঘাট জিলা পৰিষদৰ সভানেত্রী পূৰ্ণিমা দাস ডাঙৰীয়ানী সমন্বিতে জিলা, মৰ্চা আৰু মণ্ডল বিষয়ববীষা কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চা অসম প্ৰদেশৰ নবনিযুক্ত ৰাজ্যিক সভানেত্ৰী শ্ৰীযুতা পূৰৱী ৰয় ডাঙৰীয়ানীলৈ আন্তৰিক শুভেচ্ছ...
24/10/2026

ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চা অসম প্ৰদেশৰ নবনিযুক্ত ৰাজ্যিক সভানেত্ৰী শ্ৰীযুতা পূৰৱী ৰয় ডাঙৰীয়ানীলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ।
তেখেতৰ বলিষ্ঠ সাংগঠনিক নেতৃত্ব, দক্ষতা তথা দলৰ প্ৰতি থকা নিষ্ঠাই অনাগত দিনত দলটোত অধিক সক্ৰিয় ৰূপত আগবঢ়াই নিব বুলি আশা কৰিছোঁ।

তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে।। সমূহ অসমবাসী ৰাইজলৈ অসমীয়া বাপতি সাহোন কাতি বিহুৰ আন্তৰিক শ...
18/10/2026

তুলসীৰ তলে তলে মৃগ পহু চৰে,
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে।।

সমূহ অসমবাসী ৰাইজলৈ অসমীয়া বাপতি সাহোন কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

এই কাতি বিহুৰ পবিত্র বন্তিৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা আৰু সমাজৰ পৰা দূৰ কৰক সকলো অমঙ্গল, অসূয়া প্ৰভু ভগৱন্তৰ ওচৰত এয়াই প্ৰাৰ্থনা জনালোঁ।

জয় মা দুৰ্গা 🙏🌺 আজি মহাসপ্তমী পৱিত্ৰ শুভক্ষণত মা দুৰ্গাৰ শ্ৰীচৰণত সমগ্ৰ অসমবাসীৰ সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰিলোঁ। ...
17/10/2026

জয় মা দুৰ্গা 🙏🌺

আজি মহাসপ্তমী পৱিত্ৰ শুভক্ষণত মা দুৰ্গাৰ শ্ৰীচৰণত সমগ্ৰ অসমবাসীৰ সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰিলোঁ। মা দুৰ্গাৰ আশিসে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশা, শক্তি আৰু আনন্দ। সমাজত প্ৰেম, সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় হওক।

সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

আমাৰ দেশৰ ভৱিষ্যত তথা মৰমৰ নিযুত মইনা-নিযুত বাবু সকল এতিয়া আনন্দত আত্মহাৰা হোৱাৰ দিন । অসমৰ জনতাৰ স্বপ্নদ্রষ্টা মাননীয়...
15/10/2026

আমাৰ দেশৰ ভৱিষ্যত তথা মৰমৰ নিযুত মইনা-নিযুত বাবু সকল এতিয়া আনন্দত আত্মহাৰা হোৱাৰ দিন । অসমৰ জনতাৰ স্বপ্নদ্রষ্টা মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ একান্তৰ প্ৰচেষ্টাত সমগ্ৰ ৰাজ্যতে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ চেক বিতৰত কৰা হৈছে। আমিও আজি লক্ষীমপুৰ জিলাৰ শঙ্কৰদেৱ মহাবিদ্যালয়ত ৩৯৬ গৰাকী নিযুত মইনা আৰু ২১১ গৰাকী নিযুত বাবুক চেক প্ৰদান কৰি উৎফুল্লিত হ'লো। । ❤️



Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

Address

Bihpuria
North Lakhimpur
784164

Telephone

+919435089135

Website

Alerts

Be the first to know and let us send you an email when Amiya kr. Bhuyan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Amiya kr. Bhuyan:

Shortcuts

Share

Category