20/07/2026
জনকল্যাণ আৰু উন্নয়নৰ লক্ষ্যৰে অসম চৰকাৰে দাখিল কৰা শেহতীয়া জনমুখী বাজেটৰ ইতিবাচক দিশসমূহ জনসাধাৰণৰ মাজত বিস্তৃতভাৱে দাঙি ধৰাৰ উদ্দেশ্যে আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত ভাৰতীয় জনতা পাৰ্টি, লখিমপুৰ জিলা সমিতিৰ উদ্যোগত এখন সংবাদমেল অনুষ্ঠিত হয়।
সংবাদমেলত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি লখিমপুৰ জিলা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত শ্যামল শৰ্মা ডাঙৰীয়া, বিহপুৰীয়া সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ভূপেন বৰা ডাঙৰীয়া, ৰঙানদী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ঋষিৰাজ হাজৰিকা ডাঙৰীয়া, সাধাৰণ সম্পাদকদ্বয় শ্ৰীযুত জিতেন দত্ত ডাঙৰীয়া আৰু শ্ৰীযুত শান্তনু বুঢ়াগোহাঁই ডাঙৰীয়াৰ লগতে জিলা সমিতিৰ কাৰ্যকৰ্তাসকল।