Co-District Administration Raha

Directions

Co-District Administration Raha Office of the Co-District Commissioner,Raha Co-District ,Nagaon

সমজিলা আয়ুক্তৰ কাৰ্যালয়, ৰহা সমজিলা, নগাঁও

Few Glimpses of the Durga Puja,2026 preparatory meeting
12/10/2026

Few Glimpses of the Durga Puja,2026 preparatory meeting

For the smooth conduct of the ensuing Bye-Election to the 9th Nagaon HPC, Dr. Ankita Bora, ACS, Co-District Commissioner...
23/09/2026

For the smooth conduct of the ensuing Bye-Election to the 9th Nagaon HPC, Dr. Ankita Bora, ACS, Co-District Commissioner, Raha, visited various polling stations under 61 Raha (SC) LAC to review the preparedness and ensure necessary arrangements for the smooth and efficient conduct of the election.

The visit focused on assessing the availability of Assured Minimum Facilities (AMFs) and other essential arrangements at the polling stations.

Nagaon District AdministrationJanasanyog Nagaon জনসংযোগ নগাঁও

অহা ৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৯নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনটি সম্পূৰ্ণ মুক্ত, নিৰপেক্ষ, স্বচ্ছ আৰু শান্তিপূৰ্ণ...
23/09/2026

অহা ৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৯নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনটি সম্পূৰ্ণ মুক্ত, নিৰপেক্ষ, স্বচ্ছ আৰু শান্তিপূৰ্ণ পৰিৱেশত সম্পন্ন কৰাৰ বাবে নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ কৰ্মপন্থা।
এই প্ৰস্তুতিৰে অংশস্বৰূপে, আজি ২৩ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া শ্ৰীযুত আৰণ্যক শইকীয়া, ভাঃপ্ৰঃসেঃ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী ভি. ভি. ৰাকেশ ৰেড্ডী, ভাঃআঃসেঃ ডাঙৰীয়াই ৬১ নং ৰহা (অনুসূচিত জাতি) বিধানসভা সমষ্টিৰ অতি সংবেদনশীল তথা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে।

ৰহা সমজিলাৰ আয়ুক্ত শ্ৰীমতী অংকিতা বৰা, অঃঅঃসেঃ ডাঙৰীয়ানীৰ উপস্থিতিত অনুষ্ঠিত এই পৰিদৰ্শনকালত জিলাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া দুগৰাকীয়ে ভোটিং কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি, যাতায়াত ব্যৱস্থা আৰু সুৰক্ষা পৰিকল্পনাৰ পুংখানুপুংখ খতিয়ান লয়। ভোটাৰসকলৰ মনৰ পৰা হিংসা বা ভাবুকিৰ শংকা দূৰ কৰি স্বতঃস্ফূৰ্তভাৱে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে লগা সজাগতামূলক ব্যৱস্থাৰ বুজ লয়। অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ বাবে নিৰাপত্তা বাহিনীৰ ৰুট মাৰ্চ, সংবেদনশীল এলেকাসমূহত চিএপিএফ মোতায়েন আৰু কটকটীয়া নিৰীক্ষণ ব্যৱস্থাৰ বিষয়ে বিশদ আলোচনা কৰে।

Nagaon District AdministrationJanasanyog Nagaon জনসংযোগ নগাঁও

📌ৰাজহুৱা জাননী- শেহতীয়া প্ৰতিবাদ আৰু ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি গুৰুত্ব আৰোপ কৰি নগাঁও জিলা প্ৰশাসনে এক বিশেষ যোগাত...
02/09/2026

📌ৰাজহুৱা জাননী- শেহতীয়া প্ৰতিবাদ আৰু ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি গুৰুত্ব আৰোপ কৰি নগাঁও জিলা প্ৰশাসনে এক বিশেষ যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিছে।
জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ৰ বিশেষ নিৰ্দেশ মৰ্মে আৰু ৰহা সম জিলাৰ আয়ুক্ত ড৹ অংকিতা বৰা, অঃঅঃসেঃ ডাঙৰীয়ানীৰ প্ৰচেষ্টাত ৰহা টোলগেটক লৈ উত্থাপিত দীৰ্ঘদিনীয়া সমস্যাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সোনাপুৰ টোলগেটৰ নিয়মৰ আৰ্হিতে ৰহা টোলগেটটো স্থানীয় ৰাইজৰ বাবে ৰেহাই প্ৰদানৰ সিদ্ধান্ত চৰকাৰীভাৱে গ্ৰহণ কৰা হৈছে।

নতুন নিয়ম অনুসৰি ৰহা টোলগেটৰ পৰা ৭ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাস কৰা থলুৱা অধিবাসীসকলে নিজৰ ব্যক্তিগত বাহনৰ বাবে বিশেষ ‘Local Resident Card’ লাভ কৰিব। এই কাৰ্ডখনৰ সুবিধা পাবলৈ আবেদনকাৰীয়ে নিজৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু বাহনৰ পঞ্জীয়ন নথি (RC) টোলগেট কৰ্তৃপক্ষৰ ওচৰত সত্যপনৰ বাবে জমা দিব লাগিব। নথিপত্ৰ সঠিকভাৱে পৰীক্ষা কৰাৰ পিছত টোলগেট কৰ্তৃপক্ষই স্থানীয় ৰাইজক এই বিনামূলীয়া যাতায়াতৰ কাৰ্ডখন প্ৰদান কৰিব। জিলা প্ৰশাসনৰ এনে সময়োপযোগী আৰু প্ৰশংসনীয় সিদ্ধান্তই সমগ্ৰ ৰহা অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাক বহু পৰিমাণে লাঘৱ কৰিব।

Nagaon District AdministrationJanasanyog Nagaon জনসংযোগ নগাঁও

31/08/2026
28/08/2026

📌জৰুৰী জাননী: নেপালত সৃষ্টি হোৱা সাম্প্ৰতিক বানপানী, ভূ-স্খলন বা অন্যান্য জৰুৰী পৰিস্থিতিৰ বাবে আৱদ্ধ হৈ পৰা নগাঁও জিলাৰ ব্যক্তি সকলৰ সহায়, সহযোগিতা আৰু তথ্য প্ৰদানৰ বাবে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰই (DEOC) যোগাযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাইছে।
যিকোনো জৰুৰী সহায়ৰ বাবে ২৪ ঘণ্টা (24x7) যোগাযোগ কৰিব পৰা মাধ্যমসমূহ:
👉🏻ডিইঅ’চি (DEOC) ফোন নম্বৰ: 03672-230177
👉🏻মোবাইল নম্বৰ (২৪x৭): +91 8720963477
👉🏻ই-মেইল: [email protected]

সবিশেষৰ বাবে, সংলগ্ন অধিসূচনাখন পঢ়ক

In view of the recent floods, landslides, and other emergency situations in Nepal, the District Emergency Operation Centre (DEOC), Nagaon, has requested information regarding persons from Nagaon district who may be stranded there, so that necessary assistance and support can be provided.
For any emergency assistance, the following 24x7 contact channels are available:
👉🏻 DEOC Phone: 03672-230177
👉🏻 24x7 Mobile: +91 8720963477
👉🏻 Email: [email protected]

For further details, please read the attached notification.

CMO Assam Himanta Biswa Sarma Keshab Mahanta কেশৱ মহন্ত Devasish Sharma Devasish SharmaOfficial National Disaster Management Authority, India Assam State Disaster Management Authority-ASDMA Janasanyog Nagaon জনসংযোগ নগাঁও Assam Police Nagaon Police

জিলাখনৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰহা মহাবিদ্যালয়ত ২১ আগষ্ট, ২০২৬ তাৰিখে ‘ড্ৰাগছ বিৰোধী সজাগতা’ শীৰ্ষক এক বিশেষ কাৰ্যসূচী সফ...
21/08/2026

জিলাখনৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰহা মহাবিদ্যালয়ত ২১ আগষ্ট, ২০২৬ তাৰিখে ‘ড্ৰাগছ বিৰোধী সজাগতা’ শীৰ্ষক এক বিশেষ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়।
​আজিৰ যুৱ প্ৰজন্মক সঠিক দিশদৰ্শন কৰোৱাৰ উদ্দেশ্যৰে আয়োজিত এই অনুষ্ঠানত জিলা আয়ুক্ত মহোদয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। তেখেতে নিজৰ ভাষণেৰে শিক্ষাৰ্থীসকলক ড্ৰাগছৰ বিষবাষ্পৰ পৰা আঁতৰত থাকি সুস্থ সমাজ নিৰ্মাণত সক্ৰিয় ভূমিকা ল’বলৈ আহ্বান জনায়।

CMO AssamHimanta Biswa SarmaNagaon District AdministrationJanasanyog Nagaon জনসংযোগ নগাঁও

Deeksharambh 2026Dr. Ankita Bora, ACS, Co-District Commissioner, Raha, participated in Deeksharambh 2026, the induction ...
21/08/2026

Deeksharambh 2026

Dr. Ankita Bora, ACS, Co-District Commissioner, Raha, participated in Deeksharambh 2026, the induction programme for the incoming batch of the Bachelor of Fisheries Science (B.F.Sc.) at Raha on 20 August 2026.

The programme marked the beginning of a new academic journey for the aspiring fisheries professionals, welcoming them into the field of fisheries science and encouraging them to pursue their studies with dedication, innovation and a commitment to contributing to the sustainable development of the fisheries sector.

Wishing the new batch a successful and fulfilling academic journey ahead. 🌱🐟

Nagaon District AdministrationJanasanyog Nagaon জনসংযোগ নগাঁও

Address

Raha Old Market, Near Circle Office
Raha
782103

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Co-District Administration Raha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share