Sadiya- The Land of Rising Sun of Assam

Call Directions Contact the organization

Sadiya- The Land of Rising Sun of Assam Lets explore into Sadiya's eternal beauty..! Its cultures and all its habitation..!

Sadiya is one of the three sub-divisions of Tinsukia district of the North-eastern Indian state of Assam. It is located at the eastern most part of the state Assam and is the land of rising sun of Assam. It is a place with a mixer of different communities with Assamese as the main community, beyond that their lives communities such as Ahoms, Chutiyas, Kacharis, Misings, Deories, Nepalies, Khamties etc. Sadiya stands on a grassy plain, nearly surrounded by forested Himalaya Mountains, on one side and is surrounded by rivers from all the other three sides. Sadiya is considered by some people as the widest river point in the world at the point of creation of mighty river Brahmaputra with the joining of three rivers namely—Dihong River (Tsangpo in Tibet, Siang in Arunachal Pradesh which is the main stream of the river Brahmaputra), Dibang River, and Lohit River. Since it is surrounded by rivers from three sides, it is totally separated from the other parts of Assam.

11/11/2026

শদিয়াৰ দৈনিক বজাৰৰ ভৃগু মাৰ্কেটত মুকলি হল জ্যোতিষ্কৰ ষ্টোৰ... পুলিচৰ ইউনিফৰ্ম, ছাত্ৰ - ছাত্ৰীৰ ইউনিফৰ্ম , মহিলাৰ কাপোৰ চিলোৱা -মেলা উপলব্ধ..

09/11/2026

শদিয়া সম জিলা কাৰ্যালয়ত মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাৰ্থী পুনম টায়ে মৰাংৰ মনোনয়ন দাখিল
শদিয়া, ৯ নৱেম্বৰ: মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC) নিৰ্বাচনক কেন্দ্ৰ কৰি আজি শদিয়াত মনোনয়ন দাখিল কৰে ৩৬ নং শদিয়া পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী শ্ৰীমতী পুনম টায়ে মৰাং।
মিচিং জাতীয় সংগঠন, TMPK, MMK আৰু TMMKৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে আজি শদিয়া সম জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ মনোনয়ন-পত্ৰ দাখিল কৰে।
মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীগৰাকীৰ সমৰ্থকসকলৰ মাজত উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়। সমষ্টিটোৰ উন্নয়ন, জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষা আৰু মিচিং জনগোষ্ঠীৰ অধিকাৰৰ বাবে কাম কৰাৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে প্ৰাৰ্থীগৰাকীয়ে।

 # # #@@@ Tayeng
07/11/2026

# # #@@@ Tayeng

06/11/2026

যোৱা ২ নৱেম্বৰৰ নিশা অহা প্ৰচণ্ড বতাহ-ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা শদিয়া সমজিলাৰ টকাজান দেউৰী গাঁও আৰু বালিচাপৰি দেউৰী গাঁৱৰ মুঠ ৫৫ টা পৰিয়াল আৰু এটা মন্দিৰত আজি দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ উদ্যোগত টিনপাত আৰু কিছু পৰিমাণে আৰ্থিক সাহাৰ্য বিতৰণ কৰে ৷দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ ২নং কুণ্ডিল সমষ্টিৰ অন্তৰ্গত টকাজান দেউৰী গাঁও আৰু বালিচাপৰি দেউৰী গাঁৱৰ ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা উক্ত পৰিয়ালকেইটাক প্ৰতি ঘৰতে ২ বাণ্ডিল কৈ টিনপাত বিতৰণ কৰে পৰিষদৰ পৰা৷উক্ত বিতৰণ কাৰ্যসূচীত দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যৱাহী ভৈৰৱ দেউৰীৰ প্ৰতিনিধি ৰূপে পৰিষদৰ যোৰহাট পৰিষদীয় সমষ্টি সাধাৰণ সদস্য কেশৱ দেউৰী,বৰদলনি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য জিণ্টু চান দেউৰী আৰু ২নং কুণ্ডিল পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য জয়ৰাম দেউৰী উপস্থিত থাকি টিনপাত সমূহ বিতৰণ কৰে৷উল্লেখ্য যে দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ ২ নং কুণ্ডিল পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য জয়ৰাম দেউৰীয়ে ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰি অতি কম দিনৰ ভিতৰতে তাৎক্ষণিক ভাৱে পদক্ষেপ গ্ৰহণ কৰি
ক্ষতিগ্ৰস্ত লোকক কিছু সাময়িক সকাহ দিয়াৰ চেষ্টা কৰা বাবে ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে৷উল্লেখ্য যে ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা তথা এতিয়াও সাহাৰ্যৰ পৰা বঞ্চিত হৈ থকা ভুক্তভোগী পৰিয়াল সমূহকো কম দিনৰ ভিতৰতে পৰিষদৰ পৰা সাহাৰ্য প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে পৰিষদৰ বিষয়বৱীয়া সকলে

05/11/2026

অৰুণাচলৰ বলুঙত অসম-অৰুণাচলৰ সমন্বয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উদযাপন । উল্লেখযোগ্য যে এই অনুষ্ঠানতে প্ৰথমবাৰৰ বাবে দুগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় 'অসম-অৰুণাচল মৈত্ৰী বঁটা'। এই সন্মান লাভ কৰে অৰুণাচল প্ৰদেশৰ অলেন মেগু দামিন আৰু অসমৰ ড° নন্দ সিং বৰকলাই। বিশেষভাৱে উল্লেখযোগ্য যে অলেন মেগু দামিন হৈছে অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী সংগীত নাটক অকাডেমী বঁটা প্ৰাপক।
Byte: #অলেন #মেগু #দামিন

।

শদিয়া সম-জিলাৰ অন্তৰ্গত ছয়গৰাকী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক মুখ্যমন্ত্ৰীৰ শাৰদীয় শুভেচ্ছাৰ উপহাৰ প্ৰদানশদিয়া, ৫...
05/11/2026

শদিয়া সম-জিলাৰ অন্তৰ্গত ছয়গৰাকী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক মুখ্যমন্ত্ৰীৰ শাৰদীয় শুভেচ্ছাৰ উপহাৰ প্ৰদান
শদিয়া, ৫ নৱেম্বৰ: শাৰদীয় উৎসৱৰ বতৰত সাংবাদিকসকললৈ শুভেচ্ছা জ্ঞাপন কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰা উপহাৰ আজি শদিয়া সম-জিলা প্ৰশাসনৰ উদ্যোগত শদিয়া সম-জিলাৰ অন্তৰ্গত ছয়গৰাকী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ মাজত বিতৰণ কৰা হয়।
শদিয়া সম-জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত সম-জিলা আয়ুক্ত সিন্ধু এন ৰাঘৱন, IAS-ৰ উপস্থিতিত সাংবাদিকসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰেৰণ কৰা উপহাৰসমূহ প্ৰদান কৰা হয়।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ১২ অক্টোবৰ, ২০২৬ তাৰিখে সাংবাদিকসকললৈ প্ৰেৰণ কৰা শাৰদীয় শুভেচ্ছা বাৰ্তাত তেওঁলোকৰ লগতে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰিছে।
দুৰ্গা পূজা, লক্ষ্মী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ তাৎপৰ্য উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোৰে জীৱন সুখ-সমৃদ্ধি আৰু পোহৰেৰে ভৰি পৰাৰ কামনা কৰে।

05/11/2026

শদিয়াত এছ বি আইৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
শদিয়া, ৫ নৱেম্বৰ, ২০২৬: ভাৰতীয় ষ্টেট বেংক (SBI)ৰ চাপাখোৱা শাখাৰ উদ্যোগত আৰু ন-শদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত আজি শদিয়াত তিনিদিনীয়া বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়।
শদিয়া সম-জিলা আয়ুক্তই স্বাস্থ্য শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। পেঞ্চনাৰসকলৰ বাৰ্ষিক জীৱন প্ৰমাণ পত্ৰ দাখিলৰ লগতে স্বাস্থ্য পৰীক্ষাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে আয়োজিত এই শিবিৰত শতাধিক পেঞ্চনাৰ তথা বয়োজ্যেষ্ঠ লোকে অংশগ্ৰহণ কৰে।
৫, ৬ আৰু ৭ নৱেম্বৰলৈ পুৱা ১০ বজাৰ পৰা SBI চাপাখোৱা শাখাৰ চৌহদত অনুষ্ঠিত হ’বলগীয়া শিবিৰটোত সাধাৰণ স্বাস্থ্য পৰীক্ষা, ৰক্তচাপ, ডায়েবেটিছ, টিবি, চকু আদি বিভিন্ন স্বাস্থ্য পৰীক্ষাৰ লগতে প্ৰয়োজনীয় চিকিৎসা পৰামৰ্শ প্ৰদান কৰা হৈছে।
SBI চাপাখোৱা শাখাৰ এই পদক্ষেপে পেঞ্চনাৰ আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলক একেটা স্থানতে জীৱন প্ৰমাণ পত্ৰ দাখিলৰ লগতে স্বাস্থ্য পৰীক্ষাৰ সুবিধা প্ৰদান কৰাত সহায় কৰিছে।

05/11/2026
Shared by SDIPRO , Sadiya*এ পি ডি চি এল – চাপাখোৱা বৈদ্যুতিক উপ-সংমণ্ডল**ৰাজহুৱা জাননী*প্ৰবল ধুমুহাৰ ফলত বিদ্যুৎ পৰিবাহী...
03/11/2026

Shared by SDIPRO , Sadiya
*এ পি ডি চি এল – চাপাখোৱা বৈদ্যুতিক উপ-সংমণ্ডল*

*ৰাজহুৱা জাননী*

প্ৰবল ধুমুহাৰ ফলত বিদ্যুৎ পৰিবাহী আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হৈছে। বিশেষকৈ তলত উল্লেখ কৰা ফিডাৰসমূহ অধিক ক্ষতিগ্ৰস্ত হৈছে—

- ১১ কে ভি চাপাখোৱা টাউন ফিডাৰ
- ১১ কে ভি বৰগৰা ফিডাৰ

ইয়াৰ উপৰি তলত উল্লেখ কৰা ফিডাৰসমূহো আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে—

- ১১ কে ভি শান্তিপুৰ ফিডাৰ
- ১১ কে ভি চূনপুৰা ফিডাৰ
- ১১ কে ভি ঘুমটিবিল ফিডাৰ
- ১১ কে ভি ৮ মাইল ফিডাৰ

*পুনৰুদ্ধাৰৰ পৰিকল্পনা*

১. প্ৰথম পৰ্যায়ত ১১ কে ভি উচ্চ-ভল্টেজ (HT) নেটৱৰ্কৰ মেৰামতি আৰু পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰা হ’ব। ইয়াৰ ভিতৰত বিদ্যুতৰ খুঁটা স্থাপন আৰু তাঁৰ টনা আদি কাম অন্তৰ্ভুক্ত থাকিব।

২. উচ্চ-ভল্টেজ নেটৱৰ্কৰ পুনৰুদ্ধাৰৰ কাম সুৰক্ষিতভাৱে সম্পূৰ্ণ হোৱাৰ পিছত নিম্ন-ভল্টেজ (LT) নেটৱৰ্ক আৰু ঘৰুৱা বিদ্যুৎ সংযোগসমূহৰ বিস্তৃত পৰীক্ষা কৰা হ’ব।

৩. সকলো সুৰক্ষাজনিত পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতহে বিদ্যুৎ যোগান পুনৰ আৰম্ভ কৰা হ’ব।

*ৰাজহুৱা সুৰক্ষাৰ বাবে পৰামৰ্শ*

- বিদ্যুৎ যোগান পুনৰুদ্ধাৰৰ কাম চলি থকা সময়ছোৱাত ৰাইজক সহযোগিতা আগবঢ়াবলৈ আৰু ধৈৰ্য ধৰিবলৈ অনুৰোধ জনোৱা হ’ল।
- ছিগি পৰা বা বিচ্ছিন্ন হোৱা বিদ্যুতৰ তাঁৰ কেতিয়াও স্পৰ্শ নকৰিব, তাঁৰডালত বিদ্যুৎ প্ৰবাহ নথকা যেন লাগিলেও স্পৰ্শ নকৰিব।
- ক্ষতিগ্ৰস্ত বিদ্যুৎ পৰিবাহী আন্তঃগাঁথনিৰ পৰা শিশু আৰু পশুধনক আঁতৰাই ৰাখিব। কোনো তাঁৰ ছিগি পৰা বা বিপজ্জনক অৱস্থা পৰিলক্ষিত হ’লে তৎক্ষণাৎ এ পি ডি চি এলক অৱগত কৰিব।

*বিদ্যুতৰ তাঁৰ ছিগি পৰা সম্পৰ্কীয় তথ্যৰ বাবে যোগাযোগ কৰক:*

দলাপানী নিয়ন্ত্ৰণ কক্ষ: +916003750530

চাপাখোৱা নিয়ন্ত্ৰণ কক্ষ: +917099061417

*আপোনালোকৰ সুৰক্ষাই আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।*

Address

Sadiya, Dist: Tinsukia
Sadiya
786157

Telephone

+919954690940

Website

Alerts

Be the first to know and let us send you an email when Sadiya- The Land of Rising Sun of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sadiya- The Land of Rising Sun of Assam:

Shortcuts

Share