OBC Morcha Sivasagar District

Directions

OBC Morcha Sivasagar District সকলোৰে সহযোগত - সকলোৰে বিকাশ - সকলোৰে বিশ্বাস ।

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বলিষ্ঠ প্ৰাৰ্থী" শ্ৰী দেৱাশীষ শৰ্মা" ডাঙৰীয়াৰ ঐতিহাসিক জয়।  আন্...
09/10/2026

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বলিষ্ঠ প্ৰাৰ্থী" শ্ৰী দেৱাশীষ শৰ্মা" ডাঙৰীয়াৰ ঐতিহাসিক জয়।
আন্তৰিক অভিনন্দন জনালোঁ
Himanta Biswa Sarma
BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh

ভাৰতীয় জনতা পাৰ্টিৰ শিবসাগৰ জিলাৰ "অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চা"ৰ 'ট্ৰেইনিং চেল'ৰ কনভেনৰ সতীৰ্থ বিদ্যুৎ ৰঞ্জন ফুকনৰ আজ...
17/09/2026

ভাৰতীয় জনতা পাৰ্টিৰ শিবসাগৰ জিলাৰ "অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চা"ৰ 'ট্ৰেইনিং চেল'ৰ কনভেনৰ সতীৰ্থ বিদ্যুৎ ৰঞ্জন ফুকনৰ আজি জন্মদিন ।
জন্ম দিনৰ আন্তৰিক অভিনন্দন জনাইছোঁ।🎈🎂

শিবসাগৰ জিলা অ.বি.চি মৰ্চাৰ এখন সাংগঠনিক সভাকালি জিলা বি.জে.পি ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়।   উক্ত সভাত শিবসাগৰ জিলা...
17/09/2026

শিবসাগৰ জিলা অ.বি.চি মৰ্চাৰ এখন সাংগঠনিক সভা
কালি জিলা বি.জে.পি ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়।
উক্ত সভাত শিবসাগৰ জিলা অ.বি.চি মৰ্চাৰ প্ৰভাৰী
শ্ৰী মন্টু কোঁৱৰ ডাঙৰীয়া, জিলা অ.বি.চি. মৰ্চাৰ সভাপতি শ্ৰী ধ্ৰুবজ্যোতি চাংমাই ডাঙৰীয়া সহ বহু কেইজন বিষয় ববীয়া উপস্থিত থাকে।
Subhas Dutta

এজন জন প্ৰতিনিধিৰ এনে অভদ্ৰ আচৰণে , শিৱসাগৰবাসীক লজ্জিত কৰিলে।
21/08/2026

এজন জন প্ৰতিনিধিৰ এনে অভদ্ৰ আচৰণে , শিৱসাগৰবাসীক লজ্জিত কৰিলে।

14/08/2026

বিগত ১৯ জুলাই ২০২৬ তাৰিখৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ অন‍্যান‍্য পিছপৰা শ্ৰেণী মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি সুভাষ দত্তদেৱে উজনি অসমৰ বানপীড়িত অঞ্চলৰ ৰাইজৰ কাষত উপস্থিত হৈ তেওঁলোকৰ দুখ-কষ্টৰ বুজ লোৱাৰ লগতে এই কঠিন সময়ত সাহস আৰু আশ্বাস যোগোৱাৰ মাজেৰে অতিবাহিত কৰা কিছু অমূল্য মুহূৰ্ত।
Himanta Biswa Sarma
Bjp Obc Morcha Assam Pradesh
Subhash Dutta
Subhas Dutta
Dilip Saikia

ভাৰতীয় জনতা পাৰ্টি, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত, জলসম্পদ আৰু ন্যায় দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰী সুশা...
12/08/2026

ভাৰতীয় জনতা পাৰ্টি, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত, জলসম্পদ আৰু ন্যায় দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু বকতা-লাকুৱা মণ্ডলৰ সহযোগত ডিমৌ সমষ্টিৰ বানপীড়িত ৰাইজৰ মাজত আজি কঠিয়া বিতৰণ কৰোঁ।

শিৱসাগৰৰ মাননীয় অভিভাৱক মন্ত্ৰী
শ্ৰী বিমল বড়া ডাঙৰীয়াৰ নিৰ্দেশানুসাৰে 'বিমল বড়া অনুৰাগী মঞ্চ'ৰ হৈ মাজুলীৰ উদীয়মান যুৱক ড° অম্লানদীপ বৰাৰ নেতৃত্বত মাজুলীৰ কেইগৰাকীমান সমাজপ্ৰেমী যুৱকে শিৱসাগৰৰ বানপীড়িত ৰাইজৰ বাবে কঠিয়া লৈ আহিছিল। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে কঠিয়া বিতৰণৰ বাবে আহি থকা অৱস্থাতে মাজুলীৰ ৰাৱনাপাৰত তেওঁলোক এক আকস্মিক দুৰ্ঘটনাত পতিত হয়। তেওঁলোকৰ হৈ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে কঠিয়াসমূহ বানপীড়িত ৰাইজৰ মাজত বিতৰণ কৰোঁ।

বানপানীয়ে কৃষকৰ খেতি-পথাৰ ক্ষতিগ্ৰস্ত কৰা এই কঠিন সময়ত পুনৰ কৃষিকৰ্ম আৰম্ভ কৰাৰ বাবে কঠিয়া বিতৰণৰ এই পদক্ষেপে কৃষকসকলক কিছু সকাহ প্ৰদান কৰিব বুলি আশা কৰিছোঁ।

এই কাৰ্যসূচীত মণ্ডল সভাপতি শ্ৰী বুদ্ধ ফুকন, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শ্ৰী নৃপেন গগৈ, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ জিলা সভাপতি শ্ৰী ধ্ৰুৱ চাংমাই, উপ-সভাপতি শ্ৰী জিতু গগৈ, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী পুণ্য গগৈ, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা চৰাইদেউ জিলাৰ সভাপতি শ্ৰী দেৱজিৎ চাউৰক, মণ্ডলৰ সাধাৰণ সম্পাদকদ্বয়, মহিলা মৰ্চাৰ সভানেত্ৰী, অ’বিচি মৰ্চাৰ মণ্ডল সভাপতি, কিষাণ মৰ্চাৰ মণ্ডল সভাপতি, যুৱ মৰ্চাৰ মণ্ডল সভাপতি, বুথ সভাপতি মাউত গাঁৱৰ শ্ৰী পবিত্ৰ গগৈ, লুণপুৰীয়াৰ শ্ৰীমতী পূৰবী দত্ত আৰু অভয়পুৰীয়াৰ শ্ৰী বুধিন কোঁৱৰ, পঞ্চায়ত সভাপতি শ্ৰী কৈলাশ গগৈ, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি শ্ৰী পৰান জ্যোতি চাংমাই, কিষাণ মৰ্চাৰ সভাপতি শ্ৰী বিজয় দত্ত, যুৱ মৰ্চাৰ সভাপতি শ্ৰী ভাস্কৰ গগৈ, মহিলা মৰ্চাৰ সভানেত্ৰী শ্ৰীমতী শিল্পী ৰাজকুমাৰী, অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি শ্ৰী ভবেষম মেচৰ লগতে দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থকাৰ লগতে মাউত গাঁও, লোণপুৰীয়া গাঁও আৰু অভয়পুৰীয়া গাঁৱৰ ৰাইজেও অংশগ্ৰহণ কৰে।

বানপীড়িত ৰাইজৰ এই কঠিন সময়ত তেওঁলোকৰ কাষত থিয় দি কৃষকৰ জীৱন-জীৱিকা পুনৰ স্বাভাৱিক কৰি তোলাৰ এই প্ৰয়াস অব্যাহত থাকিব।
Himanta Biswa Sarma
Dilip Saikia
Subhash Dutta
Bjp Obc Morcha Assam Pradesh
BJP Assam Pradesh

বানাক্ৰান্ত শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত ৰাইজৰ লগত, ৰাইজৰ কাষত বিজেপি অ. বি. চি. মৰ্চাৰ অসম প্ৰদেশৰ ৰাজ্যিক সন্মানীয় সভ...
11/08/2026

বানাক্ৰান্ত শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত ৰাইজৰ লগত, ৰাইজৰ কাষত বিজেপি অ. বি. চি. মৰ্চাৰ অসম প্ৰদেশৰ ৰাজ্যিক সন্মানীয় সভাপতি Subhas Dutta ডাঙৰীয়া ।
Himanta Biswa Sarma
Subhash Dutta
Dilip Saikia
Bimal Borah

10/08/2026

"বানপীড়িতৰ কাষত গুৱাহাটী বিহু সন্মিলনীৰ সহায়ৰ হাত"
আজি শিৱসাগৰ জিলাৰ মলিয়াভেটা, ৰঙামাটি আৰু গড়কোষ অঞ্চলত ১০২ গৰাকী বানপীড়িতক নগদ ১০০০ টকা আৰ্থিক সাহায্য আৰু মেডিকেল কিট বিতৰণ কৰা হয়।। সাহায্য বিতৰণ কাৰ্যসূচীত গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰী নিলোপম দাস শিৱসাগৰ সমাজকৰ্মী জিতু হাজৰিকা আৰু মোৰ লগতে পাঁচজনীয়া প্ৰতিনিধি দলটোত মন্টু ভৰালী, অনুপম বৰুৱা, শংশাঙ্ক দাস, সজীৱ দাস আৰু পবিত্ৰ কুমাৰ হাজৰিকা উপস্থিত থাকে।।
তেখেত সকলক সহযোগ কৰে অ.বি.চি. মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰাহুল গগৈ ডাঙৰীয়াই ।
বানপানীৰ ফলত বহু পৰিয়ালৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰা এনে সংকটপূৰ্ণ সময়ত গ্ৰহণ কৰা এই পদক্ষেপে সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু আৰ্তজনৰ প্ৰতি থকা সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
Himanta Biswa Sarma
Bimal Borah
Subhas Dutta

শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী।  অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী শ্রীযুত বিমল বৰা ডাঙৰীয়া...
10/08/2026

শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী।
অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী শ্রীযুত বিমল বৰা ডাঙৰীয়া ।
দিনে-নিশাই শিৱসাগৰ জিলাৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ কাষত থাকি সেৱা আগবঢ়াই গৈছে।
Himanta Biswa Sarma
Bjp Obc Morcha Assam Pradesh

Address

Sivasagar
Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when OBC Morcha Sivasagar District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share